লিডু অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ।১ লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন।২ এই চহৰখনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাৰ মাজেদি চীনলৈ সামৰিক যোগানৰ পথ হিচাপে আমেৰিকান আৰু ইংৰাজ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা ষ্টিলৱেল পথৰ আৰম্ভণি ঘটিছে।
১৮৮২ চনত পূৰ্বৰ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে মিটাৰগজ বহাওঁতে লিডুত প্ৰথমটো কয়লা খনি আৰম্ভ কৰা হৈছিল।৩৪ কোনো কোনো ভূতত্ত্ববিদৰ মতে এই অঞ্চলত উপলব্ধ হোৱা কয়লাৰ গুণগত মান উচ্চ আৰু ইয়াক লিডু কয়লা বুলি জনা যায়। ঠাই বিশেষে ভূপৃষ্ঠৰ পৰা পাঁচ ফুট অভ্যন্তৰতে এই অঞ্চলত কয়লাৰ স্তৰসমূহ দৃশ্যমান হয় আৰু ইয়াৰ গভীৰতা পঁচিশ ফুট পৰ্যন্ত হয়। সেয়ে ইয়াত কয়লাৰ খনন কাৰ্য সুবিধাজনক আৰু কম ব্যয়বহুল।৫
ইতিহাস
লিডু নামটোৰ উৎপত্তি সন্দৰ্ভত কেইবাটাও জনশ্ৰুতি আছে। কিছুসংখ্যক লোকৰ মতে এই ঠাইৰ পুৰণি অধিবাসী চিংফৌসকলৰ ভাষাত লি মানে নাও আৰু ড মানে কটা। লিড শব্দই নাও কটা বা নাও সজা ঠাইক বুজায়। লিড নামৰ অপভ্ৰংশ ঘটি পৰৱৰ্তী কালত লিডু হিচাপে পৰিচিত হৈ পৰিল বুলি কোৱা হয়। ইংৰাজ শাসনকালত কয়লাৰ আৱিষ্কাৰ হোৱাৰ পিছতেই লিডু অঞ্চলটোৱে সৰ্বভাৰতীয় মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। পিছলৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিডু মিত্ৰবাহিনীৰ সামৰিক ঘাটি আছিল আৰু সামৰিক উদ্দেশ্যতেই লিডুৰ পৰা আৰম্ভ হোৱা বিখ্যাত ষ্টিলৱেল পথৰ নিৰ্মাণ কৰা হৈছিল।১
শিক্ষানুষ্ঠানসমূহ
- লিডু মহাবিদ্যালয়
- লিডু কেন্দ্ৰীয় বাণিজ্য মহাবিদ্যালয়
- লিডু কনিষ্ঠ মহাবিদ্যালয়
- লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়
তথ্যসূত্ৰ
- ↑ (October 15, 2005). Ledo. www.india9.com
- ↑ (IRFCA) Indian Railways FAQ: Trivia. www.irfca.org
- ↑ (2018-09-06). Makum Coalfields – an Insight – Assam. Kaziranga National Park and Tiger Reserve
- ↑ Sen, Sanjay. (2016). Coal mining industry in Assam - a study of Tinsukia district - 1865-1940
- ↑ (23 February, 2018). অসমত ক’লা হীৰাৰ ক’লা সাম্ৰাজ্য. Janambhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিডু” প্ৰবন্ধৰ সংশোধন ৫৪৪৩১৩ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।