অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
বাঘে টাপুৰ ৰাতি (গল্প সংকলন)
বাঘে টাপুৰ ৰাতি হৈছে গল্পকাৰ অপূৰ্ব শৰ্মাৰ এক গল্প সংকলন। ১৯৯৬ চনৰ জুলাই মাহত ষ্টুডেণ্টচ্ ষ্ট'ৰচৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনখনত সাতটা গল্প সন্নিৱিষ্ট কৰা হৈছে। বাঘে টাপুৰ ৰাতি হ'ল অপূৰ্ব শৰ্মাৰ তৃতীয়খন গল্প সংকলন।
-
বুৰঞ্জী সাহিত্য
বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্জী সাহিত্যৰ মূল্যায়নলৈকে সামৰা হৈছে।
-
মহাৰথী (উপন্যাস)
মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
-
মানুহ হোৱাৰ গৌৰৱ
মানুহ হোৱাৰ গৌৰৱ (Manuh Huaar Gourab) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
মৌন ওঁঠ মুখৰ হৃদয়
মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত।
-
লৱ-কুশৰ যুদ্ধ
লৱ-কুশৰ যুদ্ধ হৈছে মূলতঃ এখন কাব্য গ্ৰন্থ। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম, কবিজনাৰ এইখন প্ৰথম কাব্য।
-
সংক্ষিপ্ত অসম বিশ্বকোষ
সংক্ষিপ্ত অসম বিশ্বকোষ(Hankhipto Asom Biswakosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাত প্ৰকাশিত কেৱল অসম বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত। ২০২১ চনৰ আগষ্ট মাহত প্ৰথমটি খণ্ড প্ৰকাশ পায়।
-
অগ্নিৰ ডেউকা
অগ্নিৰ ডেউকা: APJ. জে. আব্দুল কালামৰ আত্মকথা (১৯৯৯) হ'ল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত।
-
অসম অভিধান (গ্ৰন্থ)
অসম অভিধান গ্ৰন্থখন সংকলন কৰিছে লেখক– শান্তনু কৌশিক বৰুৱাই৷ গ্ৰন্থখনত অসমৰ ভৌগোলিক বিৱৰণ, জাতি-জনজাতিসমূহৰ পৰিচয়, অসমৰ বুৰঞ্জী, সমাজ ব্যৱস্থা, খাদ্যাভ্যাস, সাজ-পাৰ, গহনা-গাঁঠৰি, উৎসৱ-অনুষ্ঠান, ভাষা-সাহিত্য-সংবাদপত্ৰ, কলা-সংস্কৃতি, মঞ্চ-চলচ্ছিত্ৰ, অৰ্থনীতি, পৌৰাণিক স্মৃতিচিহ্ন, স্থাপত্য-ভাস্কৰ্য,…
-
অসমীয়া ব্যাকৰণ প্ৰৱেশ
অসমীয়া ব্যাকৰণ প্ৰৱেশ (Asamiya vyakaran pravesh) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ভাষাৰ ওখ খাপৰ ব্যাকৰণ। ২০০০ চনৰ নৱেম্বৰ মাহত এই ব্যাকৰণখন প্ৰকাশ কৰে বীণা লাইব্ৰেৰী প্ৰকাশনে। ব্যাকৰণখনত মুঠ ১৮টা অধ্যায় আছে।
-
অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)
অসমীয়া ভাষাৰ ব্যাকৰণ (Asamiya bhashar Vyakaran) হৈছে ভাষাবিদ, গৱেষক, অধ্যাপক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। মণি-মাণিক প্ৰকাশনে ১৯৮১ চনত প্ৰকাশ কৰা এই ব্যাকৰণখন দুটা খণ্ডত বিভক্ত।
-
অসমীয়া সাহিত্যৰ ৰূপৰেখা
অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।
-
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা (Aag Barit Fulile Xune Mur Champa) কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ জীৱনভিত্তিক এখন উপন্যাস। উপন্যাসখন লিখিছে আৰাধনা পটংগীয়া গোস্বামীয়ে।
-
এইপিনে কি আছে ? (গল্প সংকলন)
এইপিনে কি আছে ? হৈছে গল্পকাৰ সঞ্জীৱ পল ডেকাৰ প্ৰথমখন গল্প সংকলন। ২০১০ চনত প্ৰথম প্ৰকাশিত তেওঁৰ এই প্ৰথম গল্প সংকলনখনত দহটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা আৰু ২০১৯ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।
-
ককাদেউতাৰ হাড়
ককাদেউতাৰ হাড় অসমীয়া ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ এখন আৰ্থ-সামাজিক উপন্যাস। কপিলীপৰীয়া কবিৰূপে পৰিচিত নৱকান্ত বৰুৱাই ১৯৭৪ চনত প্ৰকাশিত উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মণিদীপ আলোচনীৰ পাতত উপন্যাসখনৰ আৰম্ভণি ঘটিছিল।
-
কথা বৰেণ্য ১০০
কথা বৰেণ্য ১০০ এখন গ্ৰন্থ। গ্ৰন্থখনৰ সম্পাদক শোণিত বিজয় দাস আৰু মুনীন বায়ন। কথা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ঊনবিংশ আৰু বিংশ শতিকাৰ ১০০ গৰাকী অসমীয়া সাহিত্যিক-শিল্পীৰ জীৱনালেখ্যৰ সংকলন। গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ২০০৬ চনত। গ্ৰন্থখনৰ আইএছবিএন হ’ল-৮১-৮৯১৪৮-১৪-১।
-
কপিলীপৰীয়া সাধু
কপিলীপৰীয়া সাধু (Kopilipariya Xadhu) হৈছে অসমৰ কবি-সাহিত্যিক-গীতিকাৰ নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত প্ৰথমখন উপন্যাস। গ্ৰন্থখন ১৯৫৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।গ্ৰন্থখনত মানৱীয় প্ৰেম, সংগ্ৰাম আৰু সংঘাত, ভাগ্য আৰু ব্যস্ততা, কল্পনা আৰু বাস্তৱ, বিশ্বাস-অন্ধবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আদি সকলোৰে…
-
কাঞ্চন (উপন্যাস)
কাঞ্চন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনত।
-
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত।
-
কায়কল্প
কায়কল্প (Kayakalpa) হৈছে অসমৰ কৃতবিদ্য লেখক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন বিজ্ঞান ভিত্তিক উপন্যাস। ২০০২ চনত কিতাপখন প্ৰথম প্ৰকাশ হয়। ২০০৮ বৰ্ষৰ সৰ্বভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ 'সৰস্বতী সন্মান' লাভ কৰা গ্ৰন্থখনি কল্পবিজ্ঞান বিষয়ক।
-
কালপুৰুষ
কালপুৰুষ (Kalpurush) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। এই উপন্যাসখন ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। উপন্যাসখনত আহোম ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ বৰ্ণনাৰ লগতে সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটিছে।
-
গঙা চিলনীৰ পাখি (উপন্যাস)
গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
গীতি-ৰামায়ণ
গীতি-ৰামায়ণ হৈছে এখন প্ৰাচীন কাব্য সাহিত্য। কাব্যখনৰ ৰচক দুৰ্গাবৰ কায়স্থ। দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখন দুৰ্গাবৰি নামেৰে সম্পাদনা কৰিছিল।
-
গোপী-উদ্ধৱ সংবাদ
গোপী-উদ্ধৱ সংবাদ মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনিৰ মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। “উদ্ধৱ সংবাদ’’ নামৰ পৃথক পুথিৰ কথা কথা গুৰু চৰিতত আৰু আন আন গ্ৰন্থত “গোপী উদ্ধৱ সংবাদ’’ নাম উল্লেখ থকা কথাৰ মাজত কিছু মতদ্বৈধতা পৰিলক্ষিত হয়৷
-
গোলাই ছিৰিজ
গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়।
-
চাহেবপুৰাৰ বৰষুণ
চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। উপন্যাসখনত নাৰীৰ প্ৰতিবাদী সত্তাটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে
-
ছাংলট ফেন্লা
ছাংলট ফেন্লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।
-
জাল কটা জুই
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন। ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জীৱনৰ বাটত
জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷
-
জ্ঞান-মালিনী
জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৮৯৬ চনৰ মে’ মাহত৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।