অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফেৰেংগাদাও

ফেৰেংগাদাও (Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।

হালনাগাদ: ২৭ জুন ২০২১ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফেৰেংগাদাও (Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।১

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মেদিনী চৌধুৰী

মেদিনী চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ। 'বিপন্ন সময়' শীৰ্ষক উপন্যাসৰ বাবে তেখেতে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ

সংগ্ৰামী মানুহৰ আন্দোলনে এদিন জয়লাভ কৰিব বুলি বিশ্বাস কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তা আৰু দৰ্শনে এই উপন্যাসখনৰ অধিকাংশ পৃষ্ঠা আগুৰি আছে। সংগ্ৰামী বিষ্ণু ৰাভা এদিন আৰক্ষীৰ হাতত ধৰা পৰিল। পৰৱৰ্তী সময়ত তেওঁ কাৰাবাসৰ পৰা ওলাই আহি আদৰ্শৰ মিল থকা বিপ্লৱী দলত যোগদান কৰিলে। কৰ্কট ৰোগত আক্ৰান্ত হৈ এদিন বিষ্ণু ৰাভাৰ দেহাৱসান ঘটিল। বিষ্ণু ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ সকলো দিশেই উপন্যাসখনত বৰ্ণিত হৈছে।১

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰেংগাদাও” প্ৰবন্ধৰ সংশোধন ২৮৩৬০২ (২৭ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।