১৯৬২ সাংবাদিক মৃণাল তালুকদাৰে ৰচনা কৰা এখন গ্ৰন্থ। ২০১৩ চনৰ ছেপ্তেম্বৰ মাহত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল।১ লিখকে একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত ১৯৬২ৰ ভাৰত-চীনৰ যুদ্ধৰ কথা বৰ্ণনা কৰিছে। ইতিপূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত ১৯৬২ কিতাপখন খণ্ড খণ্ডকৈ প্ৰকাশ হৈ গৈছে।
অধ্যায়
সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭ টা ভাগত বিভক্ত কৰিছে লেখকে। প্ৰতিটো খণ্ডই উন্মোচন কৰি গৈছে ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ আঁৰৰ সত্য কি আছিল।১ ভাগসমূহ হ’ল -
- সত্য কি!
- কাৰ ভুল!
- সীমান্তৰ মাদকতা
- ক’ত আছে ৰিমা
- মেজৰ বব খাটিং
- এটা শিল আৰু বুমলা
- কোন সাম্ৰাজ্যবাদী
- হিন্দী-চিনী ভাই ভাই
- দালাই লামাৰ পলায়ন
- অন্ধ আৱেগ
- বুমলা বহুদূৰ
- চিংফৌ আৰু মিচিমি
- বৰ ভূঁইকঁপ
- লোহিতৰ পাৰে পাৰে
- বৰফৰ মাজত চেলা
- ফৰৱাৰ্ড পলিচী
- অপাৰেচন লেগহৰ্ন
- দা হাম্প
- ইয়াতেই শেষ হিমালয়
- ধ্বংস হৈ গ’ল এটা ব্ৰিগেড
- কিবিথো দখল
- যুদ্ধবন্দী ব্ৰিগেডিয়াৰ ডালভি
- নেহৰুৰ জন্মদিনৰ উপহাৰ
- ঘূৰি নাহিল ৮৩২ জন
- বমডিলাৰ পতন,
- পৰাজয় সম্পূৰ্ণ
- যুদ্ধবিৰতি
- পৰিশিষ্ট।
প্ৰকাশ
১৯৬২ গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ২০১৩ চনৰ ছেপ্তম্বৰ মাহত। ইয়াৰ পূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত গ্ৰন্থখন খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ অনামিকা বৰুৱা. (October 14, 2013). গ্ৰন্থ সমালোচনা (অনামিকা বৰুৱা). xahitya.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৬২ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৫৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।