অসম আন্দোলনৰ তথ্যকোষ অসম চুক্তি ৰূপায়ণ বিভাগ আৰু অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত দিগন্ত ওজাৰ দ্বাৰা সম্পাদিত এখন তথ্যকোষ৷১ এই গ্ৰন্থখন ৬টা খণ্ডত প্ৰকাশিত৷ এই গ্ৰন্থৰ জৰিয়তে অসম আন্দোলনৰ সামগ্ৰিক খতিয়ান তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আগ্ৰহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগ, অসম চৰকাৰৰ উদ্যোগত ২০২০ চনৰ শেষভাগৰ পৰা গ্ৰন্থখনৰ কাম আৰম্ভ কৰা হয়৷২ ২০২০ বৰ্ষৰ ১০ ডিচেম্বৰত গ্ৰন্থখনৰ প্ৰথম খণ্ড ‘অসম আন্দোলনৰ তথ্যকোষ: উকমুকনিৰ পৰা উদ্গীৰণলৈ’ (১৯৭৮-১৯৮০) উন্মোচিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৮২৪ পৃষ্ঠাৰ এই বৃহৎ কলেৱৰৰ কিতাপখন উন্মোচন কৰিছিল৷ প্ৰথমতে প্ৰকল্পিত তথ্যকোষ চাৰিটা খণ্ডত সামৰাৰ কথা আছিল যদিও পাছলৈ প্ৰাপ্ত তথ্যৰ আধাৰত ৬টি খণ্ডলৈ বিস্তাৰৰ সিদ্ধান্ত লোৱা হয়৷ ৩
খণ্ড সমূহ
- অসম আন্দোলনৰ তথ্যকোষ: উকমুকনিৰ পৰা উদ্গীৰণলৈ (১৯৭৮-১৯৮০)
- অসম আন্দোলনৰ তথ্যকোষ: প্ৰত্যাশা, আলোচনা (১৯৮০-৮১)
- অসম আন্দোলনৰ তথ্যকোষ: আলোচনা, আন্দোলন, আলোড়ন (জুলাই ১৯৮১- অক্টোবৰ, ১৯৮২)
- অসম আন্দোলনৰ তথ্যকোষ: শীৰ্ষ বিন্দু: 'জুয়ে পোৰা তিৰাশী' (নবেম্বৰ ১৯৮২- জুন, ১৯৮৩)
- অসম আন্দোলনৰ তথ্যকোষ: ধাৰাবাহিকতা আৰু চুক্তি
- অসম আন্দোলনৰ তথ্যকোষ: পৰিপূৰক সংযোজন
বিষয়বস্তু
৬টা খণ্ডত প্ৰকাশ হ’বলগীয়া গ্ৰন্থখনৰ বিষয়বস্তুসমূহ এনেধৰণৰ–৪
- নিৰ্ধাৰিত সময়ছোৱাত ৰাজ্যৰ অগ্ৰণী দৈনিক কাকতত প্ৰকাশিত আন্দোলনৰ প্ৰাপ্ত প্ৰায় সকলো বাতৰিৰ টোকা৷ এই বাতৰিসমূহ নিৰ্বাচন কৰোঁতে আন্দোলনৰ লগত জড়িত ৰাজনৈতিক ঘটনাক্ৰমসমূহ সামৰা হ’ব৷
- উক্ত সময়ছোৱাত আন্দোলনৰ বিষয়ে ৰাষ্টীয় কাকতত পৰিৱেশিত প্ৰতিবেদন আৰু বাতৰি প্ৰয়োজনত যথাযথভাৱে, বা উক্ত বাতৰিৰ প্ৰতিবেদনৰ টোকা৷
- আন্দোলনৰ বেজ, গোহাৰি-পত্ৰ, প্ৰচাৰ-পত্ৰ৷
- আন্দোলনকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আদান-প্ৰদান হোৱা পত্ৰ, স্মাৰক-পত্ৰ৷
- তদানীন্তন সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী, বাতৰি কাকত, কিতাপ, পুস্তিকা৷
- নিৰ্ধাৰিত সময়ছোৱাৰ আৰক্ষীৰ দৈনিক প্ৰতিবেদন৷
- আন্দোলনৰ সময়ৰ বিভিন্ন আলোকচিত্ৰ৷
- আন্দোলনৰ আধাৰত প্ৰকাশিত কিতাপ৷
- আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ তথ্য৷
- আন্দোলনৰ বিষয়ে হোৱা গৱেষণা-পত্ৰ আদি৷ ১
তথ্যসূত্ৰ
- ↑ আমাৰ অসমৰ বাতৰি. (১৪, ১২,২০২১). চিৰকাললৈ সংৰক্ষিত হ’ল অসম আন্দোলনৰ তথ্য. পৃ. ১
- ↑ timesofindia.indiatimes.com/city/guwahati/cm-lay
- ↑ timesofindia.indiatimes.com/city/guwahati/secret
- ↑ timesofindia.indiatimes.com/city/guwahati/cm-lay
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম আন্দোলনৰ তথ্যকোষ” প্ৰবন্ধৰ সংশোধন ৩০৯১৭৫ (১৫ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।