অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ গ্ৰন্থখনৰ লিখক নীৰাজনা মহন্ত বেজবৰা। বনলতা প্ৰকাশনৰপৰা ২০০৯ চনত প্ৰকাশিত এই গ্ৰন্থখনত অনুবাদৰ সামগ্ৰিক ধাৰণা প্ৰদান কৰাৰ লগতে অনুবাদৰ স্বৰূপ, অনুবাদৰ পদ্ধতি, ভাষা-শৈলী, অনুবাদ আৰু সাংস্কৃতিক বিশেষত্ব, অনুবাদ সম্পৰ্কীয় অধ্যয়ন, মূল্যায়ন, অনুবাদৰ ইতিহাস, অনুবাদৰ ক্ষেত্ৰখনত ভাৰত আৰু অসমৰ গুৰুত্ব, সাহিত্য আৰু সাহিত্যভিন্ন অনুবাদৰ গুৰুত্ব আৰু প্ৰাসংগিকতা, যান্ত্ৰিক অনুবাদ, অনুবাদৰ সমস্যাৱলী আদি সম্পৰ্কে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা ২১৪। এই গ্ৰন্থখন ইতিমধ্যেই বিশ্ববিদ্যালয়, মহাবিদ্যাসয়ৰ প্ৰসংগ পুথি হিচাপে স্বীকৃত হৈছে।১
লেখকৰ পৰিচয়
নীৰাজনা মহন্ত বেজবৰা (Nirajana Mahanta Bezborah) হৈছে এগৰাকী অসমীয়া সাহিত্যিক, অনুবাদক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ বিংশ শতিকাৰ শেষৰফালে তুলনামূলক ভাৰতীয় সাহিত্য বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা নীৰাজনা মহন্ত বেজবৰা বৰ্তমান সময়ত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ বিষয়ৰ এগৰাকী অগ্ৰণী গৱেষক৷ সেইদৰে অসমীয়া অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ নামটো প্ৰতিনিধিত্বমূলক৷২
গ্ৰন্থ বিৱৰণ
গ্ৰন্থখনত মুঠ দুটা খণ্ড আছে। প্ৰথম খণ্ডেটাৰ নাম ‘অনুবাদৰ তত্ত্ব’। এই খণ্ডটোত ৬টা অধ্যায় আছে আৰু দ্বিতীয় খণ্ডটোৰ শিৰোনাম ‘অনুবাদৰ প্ৰয়োগ’। এই খণ্ডটোত ৯টা খণ্ড আছে।৩ অধ্যায়সমূহৰ শিৰোনাম এনেধৰণৰ-
১ম খণ্ডঃ অনুবাদৰ স্বৰূপ
- ১ম অধ্যায়: অনুবাদৰ স্বৰূপঃ অনুবাদ কি, অনুবাদৰ লক্ষ্য, অনুবাদৰ ব্যৱহাৰিক (Pragmatic) দিশ, অনুবাদৰ ক্ষেত্ৰ, অনুবাদৰ প্ৰকাৰ, অনুবাদ সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু প্ৰধান ব্যাখ্যাসমূহ, অনুবাদ-চিন্তাত সংযোজিত নতুন মাত্ৰা
- ২য় অধ্যায়: অনুবাদৰ পদ্ধতিঃ তাত্ত্বিক পৰিচয়, ব্যৱহাৰিক ব্যাখ্যা
- ৩য় অধ্যায়: অনুবাদ আৰু ভাষা-শৈলীঃ অনুবাদ আৰু ভাষাবিজ্ঞান, অনুবাদ আৰু মাতৃভাষা, অনুবাদ আৰু ব্যাকৰণ, অনুবাদ আৰু জতুৱা ঠাঁচ তথা ফকৰা যোজনা, অনুবাদ আৰু শীৰ্ষক, অনুবাদ আৰু অলংকাৰ, অনুবাদৰ শৈলী
- ৪ৰ্থ অধ্যায়: অনুবাদ আৰু সংস্কৃতিঃ সংস্কৃতি, ভাষা আৰু সাহিত্য, অনুবাদৰ সাংস্কৃতিক ভূমিকা, অনুবাদৰ সাংস্কৃতিক সমস্যা
- ৫ম অধ্যায়: অনুবাদ সম্পৰ্কীয় অধ্যয়নঃ অনুবাদৰ বৰ্ণনামূলক অধ্যয়ন, অনুবাদৰ তাত্ত্বিক অধ্যয়ন, অনুবাদৰ প্ৰায়োগিক অধ্যয়ন
- ৬ষ্ঠ অধ্যায়: অনুবাদৰ মূল্যায়নঃ অনুবাদ— মূল্যায়নৰ আধাৰ, সাহিত্যৰ অনুবাদৰ মূল্যায়ন, সাহিত্যভিন্ন বিষয়ৰ অনুবাদৰ মূল্যায়ন
২য় খণ্ডঃ অনুবাদৰ প্ৰয়োগ
- ১ম অধ্যায়: বিভিন্ন দেশত অনুবাদৰ ইতিহাসঃ প্ৰাচীন কাল, অনুবাদ আৰু মধ্যযুগ
- ২য় অধ্যায়: অনুবাদক সংস্থা আৰু অনুবাদকৰ প্ৰশিক্ষণঃ দলবদ্ধ অনুবাদ, অনুবাদক সংস্থা, অনুবাদকৰ প্ৰশিক্ষণ
- ৩য় অধ্যায়: অনুবাদ আৰু ভাৰতঃ ভাৰতত অনুবাদৰ পৰম্পৰা, ভাৰতৰ বহুভাষিক অৱস্থা আৰু অনুবাদ, ৰাষ্ট্ৰীয় অনুবাদ মিছন
- ৪ৰ্থ অধ্যায়: অনুবাদ আৰু অসমঃ অসমত সাহিত্যৰ অনুবাদ, অনুবাদ আৰু ‘কেৰিয়াৰ, অনুবাদৰ জখলাৰে জ্ঞান সমাজৰ ফালে, অনুবাদৰ বাবে নিৰ্বাচন
- ৫ম অধ্যায়: সাহিত্যৰ অনুবাদ, ভাৰতত সাহিত্যৰ অনুবাদ ভাৰতীয় সাহিত্যসমূহৰ পাৰস্পৰিক অনুবাদৰ ব্যৱহাৰিক সমস্যা, বিভিন্ন প্ৰকাৰৰ সাহিত্যৰ অনুবাদ
- ৬ষ্ঠ অধ্যায়: সাহিত্যভিন্ন বিষয়ৰ অনুবাদঃ বিজ্ঞান সম্পৰ্কীয় বিষয়, বেংক সম্পৰ্কীয় বিষয় বিধি বা আইন সম্পৰ্কীয় বিষয়, প্ৰশাসনিক বিষয়, সাংবাদিকতা আৰু অনুবাদ
- ৭ম অধ্যায়: অনুবাদ আৰু পাৰিভাষিক শব্দঃ পাৰিভাষিক শব্দৰ প্ৰকৃতি আৰু প্ৰকাৰ, অনুবাদত পাৰিভাষিক শব্দ, পাৰিভাষিক শব্দৰ আৱশ্যকীয় গুণসমূহ, পৃথিৱীৰ বিভিন্ন ভাষা আৰু পাৰিৰ্ভাষিক শব্দাৱলী, পাৰিভাষিক শব্দাৱলী আৰু ভাৰত
- ৮ম অধ্যায়: কম্পিউটাৰ সাধিত অনুবাদঃ উত্তৰণ আৰু অনিবাৰ্যতা, কম্পিউটাৰ-অনুবাদৰ গতি-বিধি, ব্যক্তিগত কম্পিউটাৰ আৰু অনুবাদ, কম্পিউটাৰ-অনুবাদ সম্পৰ্কীয় আগ্ৰহ আৰু অগ্ৰগতি, কম্পিউটাৰসাধিত অনুবাদৰ সমস্যা আৰু সীমাবদ্ধতা, কম্পিউটাৰকৃত অনুবাদ আৰু মানৱকৃত অনুবাদৰ বাস্তৱিকতা, কম্পিউটাৰ আৰু ভাৰতীয় ভাষা, অসম, অসমীয়া আৰু কম্পিউটাৰ অনুবাদ
- ৯ম অধ্যায়: সাহিত্যৰ অনুবাদৰ ব্যৱহাৰিক সমস্যাৱলীঃ উৎসপাঠৰ লগত জড়িত সমস্যাৱলী, অনুবাদকৰ লগত জড়িত সমস্যাৱলী, অনুবাদৰ পদ্ধতি সম্পৰ্কীয় সমস্যা, লক্ষ্যপাঠৰ লগত জড়িত সমস্যা, সূত্ৰ সংকেত, নিৰ্বাচিত ৰচনা-সম্ভাৰ, পাৰিভাষিক শব্দাৱলী
তথ্যসূত্ৰ
- ↑ নীৰাজনা মহন্ত বেজবৰা. (২০০৯). অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ গ্ৰন্থৰ পৰিচয়. বনলতা
- ↑ Nirajana Mahanta Bezborah. বিশ্ববিদ্যালয়ৰ ৱেবচাইট
- ↑ নীৰাজনা মহন্ত বেজবৰা. (২০০৯). অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ গ্ৰন্থৰ পৰিচয়. বনলতা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুবাদ: তত্ত্ব আৰু প্ৰয়োগ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৫০৫০৫ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।