অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
কামিল আৰু কেনাৰ্লি
কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
কাৰ্তিকা নায়ৰ
কাৰ্তিকা নায়ৰ ( Karthika Nair; জন্ম: ২৭ জুন, ১৯৯২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতৰ সকলো ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল। ২০০৯ চনত নাগা চৈতন্যৰ সৈতে তেলেগু বোলছবি জোছত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল।
-
কিম ইউ-জুং
কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।
-
কিয়ানা ফিৰুজ
কিয়ানা ফিৰুজ (ইংৰাজী: Kiana Firouz) এগৰাকী ইৰানী এক্টিভিষ্ট আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ বৰ্তমান যুক্তৰাজ্যত বাস কৰে। তেওঁ ২০১০ চনৰ মে' মাহত যুক্তৰাজ্যত মুক্তি পোৱা কুল-ডি-চাক নামৰ চলচ্চিত্ৰখনৰ মুখ্য অভিনেত্ৰী আছিল। এই চিনেমাখন তেওঁৰ নিজৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এক ডকু-ড্ৰামা আছিল।
-
কুইণ্টা ব্ৰানছন
কুইণ্টা ব্ৰানছন (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক অভিনেতা, লেখিকা আৰু প্ৰযোজক। তেওঁ এবিচি কমেডী ধাৰাবাহিক এৰট এলিমেণ্টৰী (২০২১–বৰ্তমান)-ৰ স্ৰষ্টা, কাৰ্যবাহী প্ৰযোজক আৰু সহ-লেখিকা। এই ধাৰাবাহিকখনত তেওঁ দ্বিতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী জেনিন টিগছৰ চৰিত্ৰত অভিনয় কৰিছে।
-
কুইণ্টিলিয়া
কুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমাইম নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ কেলিগোলাৰ শাসনকালত এজনী খ্যাতনামা সুন্দৰী আছিল। তেওঁ চেনেটৰ পম্পেদিয়ুচৰ প্ৰেমিকা আছিল।
-
কৃতি খৰবন্দা
কৃতি খৰবন্দা ( Kriti Kharbanda; জন্ম: ২৯ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, কানাড়া আৰু তেলেগু ভাষাৰ ছবিত কাম কৰে। খৰবন্দাই এছ আই আই এম এ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে, আৰু দুটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথৰ বাবে মনোনয়ন লাভ কৰিছে।
-
কেজাৰ জেকবচন
কেজাৰ জেকৱচন (চিনাকি নাম: চাৰ্লি জেকৱচন) (জন্ম: ৮ নৱেম্বৰ ১৯৮৫) এগৰাকী কানাডিয়ান অভিনেত্ৰী, ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ প্ৰচাৰক আৰু এগৰাকী প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। আলবাৰ্টাৰ কেলগেৰীৰ নিবাসী জেকৱচন এগৰাকী অক্ষমতা, সমতা আৰু লিংগ অধিকাৰ কৰ্মী।
-
কেট বেকিনচেল
কেথ্ৰিন ৰোমানী বেকিনচেল (Kathrin Romany Beckinsale; জন্ম ২৬ জুলাই ১৯৭৩) এগৰাকী বৃটিছ অভিনেত্ৰী। অভিনেতা ৰিচাৰ্ড বেকিনচেল আৰু জুডি ল'ৰ একমাত্ৰ সন্তান হিচাপে ১৯৭৫ চনত দিনৰ নাটক কাপলছৰ ধাৰাবাহিক প্ৰিমিয়াৰত তেওঁৰ অভিষেক ঘটে।
-
কেট ৰুকা
কেট ৰুকা ( Cat Ruka) জন্ম: ১৯৮৩, নিউজিলেণ্ডৰ এগৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, পৰিৱেশন পৰিচালক আৰু কলা নিৰ্দেশক।
-
কেণ্ডিচ বুচাৰ
কেণ্ডিচ বুচাৰ (ইংৰাজী: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।
-
কেথ্ৰিন বাৰ্ণাৰ্ডো
কেথ্ৰিন চান্দ্ৰিয়া মেনুৱেল বাৰ্ণাৰ্ডো (জন্ম ২৬ মাৰ্চ, ১৯৯৬) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী। মূলসুঁতিৰ প্ৰযোজনাত কৰা অভিনয়ৰ বাবে পৰিচিত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ফিলিপাইনছৰ ছবিসমূহৰ ভিতৰত তিনিখনত অভিনয় কৰিছে— দ্য হাউছ অৱ আছ (২০১৮), হেল্ল’, লাভ, গুডবাই (২০১৯), আৰু হেল্ল’, লাভ, এগেইন (২০২৪)।
-
কেলি কুউকো
কেলি ক্ৰীষ্টিন কুউকো (Kaley Christine Cuoco, জন্ম ৩০ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ চিটকম ৮ চিম্পল ৰুলছ (২০০২–২০০৫)ত ব্ৰিজেট হেনেছি, চিবিএছ চিটকম দ্য বিগ বেং থিয়ৰী (২০০৭–২০১৯)ত পেনি আৰু এইচবিঅ' মেক্সৰ কমেডী থ্ৰিলাৰ দ্য ফ্লাইট এটেণ্ডেণ্ট (২০২০–২০২২)ৰ শীৰ্ষ চৰিত্ৰ হিচাপে আগবঢ়োৱা…
-
কেৰল বুকে
কেৰল বুকে (ইংৰাজী: Carole Bouquet; জন্ম: ১৮ আগষ্ট, ১৯৫৭) এগৰাকী ফৰাচী অভিনেত্ৰী যিয়ে ১৯৭৭ চনৰপৰা ৬০খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ১৯৯০ চনত তেওঁক টু বিউটিফুল ফৰ ইউ ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ চেজাৰ বঁটা প্ৰদান কৰা হয়।
-
কেৰেন গিলান
কেৰেন শ্বিলা গিলান (ইংৰাজী: Karen Sheila Gillan; জন্ম ২৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী স্কটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা। ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছনত কৰা কামৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰিছে।
-
কেৰোলিনা গোমেজ কোৰিয়া
কেৰোলিনা গোমেজ কোৰিয়া (ইংৰাজী: Carolina Gómez Correa; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, টিভি সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ১৯৯৩ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৪ত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।
-
কোয়েনা মিত্ৰ
কোয়েনা মিত্ৰা ( Koena Mitra; জন্ম: ৭ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০০১ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ১২ স্থান লাভ কৰিছিল।
-
কোয়েল পুৰী
কোয়েল পুৰী ( Koel Purie) ৰিনচেট এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু টেলিভিছন উপস্থাপক।
-
ক্লড-ইংগা বাৰবে
ক্লড-ইংগা বাৰবে (ইংৰাজী: Claude-Inga Barbey; জন্ম: ২১ জানুৱাৰী ১৯৬১ – ৩ জানুৱাৰী ২০২৬) এগৰাকী চুইছ কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা আছিল।
-
ক্ৰিষ্টিন ক্ৰুক
ক্ৰিষ্টিন ল’ৰা ক্ৰুক (জন্ম ৩০ ডিচেম্বৰ ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। কিশোৰ ড্ৰামা ধাৰাবাহিক এজমেণ্টৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা ক্ৰুক মূলতঃ চুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০১–২০০৯) লানা লেং, দ্য চি-ডব্লিউৰ কল্পবিজ্ঞান ধাৰাবাহিক বিউটি এণ্ড দ্য বিষ্টত (২০১২–২০১৬) কেথেৰিন চেণ্ডলাৰ…
-
গীতাঞ্জলি কুলকাৰ্ণী
গীতাঞ্জলি কুলকাৰ্ণী (Geetanjali Moreshwar Sherikar)(জন্মনাম: গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে। তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
গুগুচ
ফায়েগেহ আতাচিন (ফাৰ্চী: فائقه آتشین; জন্ম: ৫ মে’ ১৯৫০), যি পেচাগতভাৱে গুগুচ (گوگوش) নামেৰে পৰিচিত, এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু প্ৰাক্তন অভিনেত্ৰী। এগৰাকী পপ আইকন হিচাপে পৰিগণিত গুগুচ ইৰানৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক চৰ্চিত মনোৰঞ্জন ধৰ্মী শিল্পী, যাৰ কেৰিয়াৰে ছয়টা দশকৰো অধিক সময় স্পৰ্শ কৰিছে।
-
গে গে
গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল। ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।
-
গোলশ্বিফতেহ ফাৰাহানী
ৰাহাৱাৰ্ড ফাৰাহানী (ফাৰ্চী: رهاورد فراهانی; জন্ম: ১০ জুলাই, ১৯৮৩), পেছাগতভাৱে গোলশ্বিফতেহ ফাৰাহানী নামেৰে পৰিচিত, এগৰাকী ইৰানী আৰু ফৰাচী অভিনেত্ৰী। তেওঁ এম ফৰ মাদাৰ (২০০৬), বডী অব লাইজ (২০০৮), এবাউট এলি (২০০৯), দ্য পেচেন্স ষ্টোন (২০১২), পেটাৰচন (২০১৬), গাৰ্লছ অব দ্য ছান (২০১৮), এক্সট্ৰেকচন (২০২০)…
-
গোলাব আদিনেহ
গোলাব মোস্তায়েন (ফাৰ্চী: گلاب مستعان; ১৩ নৱেম্বৰ ১৯৫৩) এগৰাকী ইৰানী অভিনেত্ৰী, যাক পেচাগতভাৱে গোলাব আদিনেহ নামেৰে জনা যায়। তেওঁ ঔপন্যাসিক হোছেইনঘোলী মোস্তায়েনৰ কন্যা আৰু ১৯৭০ৰ দশকত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
গোলোজিন
গোলোজিন আৰ্দেস্তানী (ফাৰ্চী: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।
-
চদফ তাহেৰিয়ান
চদফ তাহেৰিয়ান (জন্ম: ২১ জুলাই, ১৯৮৮) এগৰাকী ইৰানী মডেল আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ইৰানী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছে। দেশ এৰাৰ পিছত, তাহেৰিয়ানে ফেচবুক আৰু ইনষ্টাগ্ৰামত হিজাব অবিহনে নিজৰ ছবি পোষ্ট কৰিছিল, যাক ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰালয়ে গৰিহণা দিছিল।
-
চহৰ দোলাতচাহী
চহৰ দোলাতচাহী (ফাৰ্চী: سحر دولتشاهی; জন্ম: ৮ অক্টোবৰ ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ মূলতঃ আইচ এজ (২০১৫), ইস্তানবুল জংচন (২০১৮), দা ফ্ৰগ (২০২০-২০২১), আই ৱাণ্ট টু লাইভ (২০২১) আৰু ভাইপাৰ অৱ তেহৰান (২০২৪) আদি ছবি আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চহৰেহ আঘদাচলু
চহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইমটাইম এমী বঁটা আৰু এটা চেটেলাইট বঁটা লাভ কৰাৰ উপৰি এটা একাডেমী বঁটা (অস্কাৰ)ৰ বাবেও মনোনয়ন লাভ কৰিছে।
-
চু ৱিনচি
চু ৱিনচি (চীনা ভাষা: 苏盈之; জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী মালয়েছিয়াৰ গায়িকা, অভিনেত্ৰী, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আৰু মডেল। তেওঁ ২০০৮ চনত মিছ ৱৰ্ল্ড মালয়েছিয়াৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।