অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চদফ তাহেৰিয়ান

চদফ তাহেৰিয়ান (জন্ম: ২১ জুলাই, ১৯৮৮) এগৰাকী ইৰানী মডেল আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ইৰানী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছে। দেশ এৰাৰ পিছত, তাহেৰিয়ানে ফেচবুক আৰু ইনষ্টাগ্ৰামত হিজাব অবিহনে নিজৰ ছবি পোষ্ট কৰিছিল, যাক ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰালয়ে গৰিহণা দিছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চদফ তাহেৰিয়ান (জন্ম: ২১ জুলাই, ১৯৮৮) এগৰাকী ইৰানী মডেল আৰু প্ৰাক্তন অভিনেত্ৰী।১২ তেওঁ ইৰানী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছে।৩ দেশ এৰাৰ পিছত, তাহেৰিয়ানে ফেইচবুক আৰু ইনষ্টাগ্ৰামত হিজাব অবিহনে নিজৰ ছবি পোষ্ট কৰিছিল, যাক ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰালয়ে গৰিহণা দিছিল।

ইৰান এৰাৰ পিছত তাহেৰিয়ানে মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ তুৰস্ক আৰু ইউ.এ.ই. (সংযুক্ত আৰৱ আমিৰশ্বাহী) আদিকে ধৰি বিভিন্ন দেশৰ প্ৰসাধন সামগ্ৰী, সৌন্দৰ্য আৰু স্বাস্থ্যসেৱা কোম্পানীসমূহৰ সৈতে কাম কৰে। তেওঁ ফাৰ্চী ভাষা, তুৰস্কী আৰু ইংৰাজী ভাষা ভাষাত সাৱলীল।

কৰ্মজীৱন

অভিনয় জীৱন

তাহেৰিয়ানে ২০১১ চনত ন'বডী, ন'ৱেয়াৰ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে নিজৰ পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰে।৪৫ ইয়াৰ পিছত তেওঁ 'উডপেকাৰ' (২০১১) আৰু লাইক এ ড্ৰিম (২০১২) আদিকে ধৰি চাৰিখন ধাৰাবাহিকত অভিনয় কৰে।

হিজাব আঁতৰোৱা ঘটনা

২০১৫ চনত অক্টোবৰ মাহত তাহেৰিয়ানে মূৰত ওৰণি বা স্কাৰ্ফ ল’বলৈ বাধ্য কৰাৰ প্ৰতিবাদত ফেচবুক আৰু ইনষ্টাগ্ৰামত নিজৰ হিজাববিহীন ছবি পোষ্ট কৰে আৰু কয় যে তেওঁ ইৰানৰ "লেতেৰা চিনেমা"ৰ বিৰুদ্ধে মাত মাতিব।৬ তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ' পোষ্ট কৰি জনাইছিল যে তেওঁ দেশ এৰি ওচৰৰে ডুবাই লৈ গুচি গৈছে আৰু তেওঁৰ একাউণ্ট হেক হোৱা নাই।৭

১৯৭৯ চনত ইছলামিক গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰেপৰা ইৰানৰ আইন অনুসৰি মহিলাৰ বাবে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। তাহেৰিয়ানৰ এই পদক্ষেপৰ প্ৰতিক্ৰিয়াত ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰ্যালয়ে তেওঁক অনৈতিক বুলি গৰিহণা দিয়ে, তেওঁৰ অভিনয় নিষিদ্ধ কৰে আৰু ফটোশ্বপৰ জৰিয়তে তেওঁৰ ছবিত পুনৰ পৰম্পৰাগত স্কাৰ্ফখন লগাই দিয়ে।৮৯

মডেলিং কেৰিয়াৰ

ইৰান এৰাৰ পিছত তেওঁ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ বিভিন্ন প্ৰসাধন সামগ্ৰী, সৌন্দৰ্য আৰু স্বাস্থ্যসেৱা কোম্পানীৰ সৈতে মডেল হিচাপে কাম কৰে। ২০১৬ চনত এছিয়াৰ সৰ্ববৃহৎ স্বাস্থ্য আৰু সৌন্দৰ্যসেৱা চেইন ষ্টৰ হিচাপে পৰিচিত ৱাটচনছ-এ সৌন্দৰ্য আৰু স্বাস্থ্য সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে তাহেৰিয়ানৰ সৈতে কাম কৰিছিল।১০১১ তেওঁৰ ছবি বহুতো সৌন্দৰ্য আৰু ফেশ্বন আলোচনীত ব্যৱহাৰ কৰা হয়, কিন্তু তেওঁৰ নিজৰ দেশত নহয়।১২ ইয়াৰ উপৰি তেওঁ কেইবাটাও ফেশ্বন প্ৰচাৰমূলক ভিডিঅ’ৰ সৈতেও জড়িত হৈ পৰিছে।

ব্যক্তিগত জীৱন

ইৰান এৰাৰ পিছত, তাহেৰিয়ানে তুৰস্কৰ অভিনেতা ওজগুৰ টেকেৰ সৈতে সম্পৰ্কত আবদ্ধ হয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Saul, Heather. (29 October 2015). Sadaf Taherian: Iranian actress who published photos on Instagram without a hijab banned from working. Independent
  2. ↑ (22 June 2018). Iranian actor Sadaf Taherian's hot and sexy photos are creating a flutter online - see pics. www.timesnownews.com
  3. ↑ Iranwire. Iranwire
  4. ↑ .: Iranian Movie DataBase صدف طاهريان:.. www.sourehcinema.com
  5. ↑ habibi, soha. بیوگرافی صدف طاهریان. اطلاع نیوز
  6. ↑ حاشیه‌های 'کشف حجاب' دو بازیگر زن ایرانی. BBC Persian
  7. ↑ بازیگر زن ایرانی کشف حجاب کرد/جنجال تازه در اینستاگرام و شبکه های اجتماعی. Tarafdari
  8. ↑ Iranian actress loses job after posting her images without head scarf. AT
  9. ↑ (October 29, 2015). Iranian actress condemned as 'immoral' and banned from working for no hijab Instagram pictures. The Independent
  10. ↑ Richard Lord. (27 October 2018). Watsons: the story of the oldest established business in Hong Kong. South China Morning Post
  11. ↑ مدیر. صدف طاهریان مدل تبلیغات محصولات دست چندم ترکیه +عکس. ساتین
  12. ↑ صدف طاهریان و پیشنهادها در ترکیه!. نمناک

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চদফ তাহেৰিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৮৫১৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।