অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
সুলাফ জলিল
সুলাফ জলিল (আৰবী: سولاف جليل; জন্ম: ১৭ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰাকৰ অভিনেত্ৰী, কৌতুক শিল্পী, আৰু টিভি উপস্থাপক। তেওঁ ১৯৮৪ চনত বাগদাদত জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাষা বিষয়ত বি.এ. ডিগ্ৰী লাভ কৰিছিল।
-
সোৰয়া কাছেমী
সোৰয়া কাছেমী (ফাৰ্চী: ثریا قاسمی; জন্ম ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁৰ জন্ম তেহৰাণত হৈছিল আৰু তেওঁৰ মাতৃ হামিদেহ খেইৰাবাদীক ইৰানী চলচ্চিত্ৰৰ মাতৃ হিচাপে জনা গৈছিল।
-
স্নেহা জৱালে
স্নেহা জৱালে (জন্ম ১৯৭৭) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু নাৰীৰ ওপৰত হোৱা হিংসাৰ দৃশ্যমান পৰিৱেশনৰ বাবে কাম কৰা কৰ্মী। তেওঁ বিবিচি ইণ্ডিয়াৰ জ্যোতিষী, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকাও।
-
হাচিবা ইব্ৰাহিমি
হাচিবা ইব্ৰাহিমি (حسیبا ابراهیمی; জন্ম ২১ ডিচেম্বৰ ১৯৯৬) এগৰাকী আফগান অভিনেত্ৰী। তেওঁ চন্দ মিতৰ মাকুব ইশ্ক (২০১৪) ছবিখনত মৰভেনা ভূমিকাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ক্ৰিষ্টেল চিমোৰ্ঘৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।
-
হান্না আজৌলে হাছফাৰী
হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী।
-
হামিদেহ খেইৰাবাদী
হামিদেহ খেইৰাবাদী (জন্ম ২১ ডিচেম্বৰ, ১৯২৪ – মৃত্যু ১৯ এপ্ৰিল, ২০১০) আছিল এগৰাকী ইৰানী চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। তেওঁ ২০০তকৈও অধিক পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু ২০টাতকৈও অধিক দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছিল। ইৰানত তেওঁক মৰমেৰে নাদেৰেহ আৰু ইৰানী চিনেমাৰ মাতৃ বুলি সম্বোধন কৰা হয়।
-
হিমৰ্ষা ভেংকটস্বামী
হিমৰ্ষা ভেংকটস্বামী (ইংৰাজী: Himarsha Venkatsamy) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা। তেওঁ ২০১০ চনৰ কিংফিচাৰ কেলেণ্ডাৰ হাণ্ট প্ৰতিযোগিতাত অঞ্জলি লাভানিয়া আৰু নিধি সুনীলক চূড়ান্ত ৰাউণ্ডত পৰাস্ত কৰি বিজয়ী হোৱাৰ বাবে বিশেষভাৱে পৰিচিত।
-
হেংগামেহ মফিদ
হেংগামেহ মফিদ (ফাৰ্চী: هنگامه مفيد; জন্ম: ২২ ডিচেম্বৰ ১৯৫৫) হৈছে এগৰাকী ইৰানীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, সংগীতজ্ঞ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক।
-
হেদিয়েহ তেহৰাণী
হেদিয়েহ তেহৰাণী (ফাৰ্চী: هديه تهرانی; জন্ম: ২৫ জুন, ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ৰহস্যময়, নিৰ্বিকাৰ আৰু কঠোৰ মনোভাবাপন্ন মহিলাৰ চৰিত্ৰত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
হেভেন পেৰালেজো
হেভেন লিয়ান সালভাদোৰ পেৰালেজো (জন্ম ২৫ নৱেম্বৰ ১৯৯৯) এগৰাকী ফিলিপিনো অভিনেত্ৰী। তেওঁ ২০১৬ চনত বাস্তৱধৰ্মী অনুষ্ঠান পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।
-
হেল্লাডিয়া
হেল্লাডিয়া (৫শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। তেওঁক পেণ্টোমাইম মঞ্চত এগৰাকী খ্যাতনামা অভিনেত্ৰী হিচাপে উল্লেখ কৰা হৈছিল। তেওঁক লৈ ৰচিত বিভিন্ন এপিগ্ৰামত তেওঁৰ অভিনয় কৌশলৰ প্ৰশংসা কৰা হৈছে। তেওঁ তেওঁৰ সময়ৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল।
-
ৰ'জামেণ্ড পাইক
ৰ'জামেণ্ড মেৰি এলেন পাইক (Rosamund Mary Ellen Pike) ( জানুৱাৰী ১৯৭৯) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু কথক। তেখেতৰ বঁটা-বাহনৰ তালিকাত এটা গোল্ডেন গ্লোব আৰু এটা এমি বঁটা সন্নিৱিষ্ট হৈছে। ইয়াৰোপৰি তেখেতে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
-
ৰাণী চন্দ্ৰা
ৰাণী চন্দ্ৰা (২ জুন ১৯৪৯ – ১২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মিছ কেৰালাৰ বিজয়ী। ১৯৭৬ চনত বম্বেত ইণ্ডিয়ান এয়াৰলাইন্সৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁৰ মৃত্যু হয়।
-
ৰিতা পাভোন
ৰিতা ওৰি ফিলোমেনা মাৰ্ক-পাভোন (ইংৰাজী: Rita Ori Filomena Merk-Pavone; জন্ম: ২৩ আগষ্ট ১৯৪৫) এগৰাকী ইটালী-ছুইজাৰলেণ্ডৰ পপ গায়িকা, অভিনেত্ৰী আৰু শ্ব’গাৰ্ল, যিয়ে ১৯৬০ চনৰ দশকত জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ৰুথ নেগা
ৰুথ নেগা (ইংৰাজী: Ruth Negga; জন্ম: ৪ মে’ ১৯৮২) এগৰাকী আইৰিছ অভিনেত্ৰী যিয়ে মঞ্চ আৰু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ এটা অস্কাৰ, এটা টনি বঁটা, দুটা এমি বঁটা, তিনিটা বাফটা বঁটা, দুটা গোল্ডেন গ্ল’ব বঁটা আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।
-
ৰুবী অ' ফী
ৰুবী মুনষ্টোন কেমিলা উইলো ফী (ইংৰাজী: Ruby Moonstone Camilla Willow Fee; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী জাৰ্মান অভিনেত্ৰী।
-
ৰেণ্ডি ব্ৰেন
ৰেণ্ডি ব্ৰেন ( ইংৰাজী: Randi Brænne; ২৬ মে' ১৯১১ – ১ জুন ২০০৪) আছিল এগৰাকী নৰৱেৰ অভিনেত্ৰী।
-
ৰেণ্ডী হেলাৰ
ৰেণ্ডী হেলাৰ ( ইংৰাজী: Randee Heller; জন্ম: Randee Antzis; ১০ জুন, ১৯৪৭) এগৰাকী আমেৰিকান টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৭০ চনৰ চিটকম ছ'পত এলিছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত, তাৰোপৰি টেলিভিছনৰ প্ৰথম লেচবিয়ান চৰিত্ৰসমূহৰ ভিতৰত তেওঁৰ চৰিত্ৰ অন্যতম।
-
ৰোজ লেচলি
ৰোজ এলিন'ৰ আৰ্বুথনট-লেছলি (জন্ম ৯ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী স্কটিছ অভিনেত্ৰী। আইটিভিৰ নাটক ধাৰাবাহিক ডাউনটন এবেত গ্ৱেন ড'ছন আৰু এইচ বি অ'ৰ ফেণ্টাচি ধাৰাবাহিক গেম অৱ থ্ৰ'নছত ইগ্ৰিটৰ চৰিত্ৰত অভিনয় কৰিছিল।