অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কামিল আৰু কেনাৰ্লি

কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে। কেমিল আৰু কেনাৰ্লি কিট নৰৱেজিয়ান, ছুইডিছ আৰু ফিনিছ বংশৰ।১

সংগীত জীৱন

''লৰ্ড অৱ দ্য ৰিংচ'' ছাউণ্ডট্ৰেক মেদলিৰ ভিডিঅ' শ্বুটিঙৰ সময়ত এল্ভ ৰূপে পৰিহিত কামিল আৰু কেনাৰ্লি
লৰ্ড অৱ দ্য ৰিংচ ছাউণ্ডট্ৰেক মেদলিৰ ভিডিঅ' শ্বুটিঙৰ সময়ত এল্ভ ৰূপে পৰিহিত কামিল আৰু কেনাৰ্লিছবি: Camille and Kennerly Kitt · CC BY-SA 4.0

কামিল আৰু কেনাৰ্লিয়ে 'দ্য হাৰ্প টুইনছ' হিচাপে পৰিচিত, যি ৰক আৰু চেলটিক হাৰ্প দুয়েট হিচাপে প্ৰদৰ্শন কৰে। তেওঁলোকে আইৰণ মেইডেন, দ্য ৰ'লিং ষ্ট'নছ, মেটালিকা, লেডী গাগা, পিংক ফ্লয়েড, এৰ'ছমিথ, ৰিহান্না, গান্ছ এন' ৰ'জেছ, ক'ল্ডপ্লে, এনিয়া আৰু জাৰ্নীৰ দৰে শিল্পীৰ গানৰ দুয়েট ব্যৱস্থাপনা কৰি জনপ্ৰিয়তা লাভ কৰিছে। লগতে, ভিডিঅ' গেম, চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানৰ সংগীতৰ ব্যৱস্থাপনা কৰে।

অভিনয়

কেমিল আৰু কেনাৰ্লিয়ে উইলিয়াম ডিয়াৰৰ পৰিচালনাত নিৰ্মিত পলিটিক্স অৱ লাভ ছবিত "দ্য মেৰী খ্ৰীষ্টানছ" আৰু এলিজাবেথ এভেলানৰ দ্বাৰা প্ৰযোজিত ডাৰ্ক টিন কমেডী ব্লেকটিনোত "দ্য মাৰ্চেলি টুইনছ"ৰ চৰিত্ৰত অভিনয় কৰে। ব্লেকটিনোৰ ট্ৰেইলাৰত কেমিল আৰু কেনাৰলীক দেখা যাব। ইয়াৰ উপৰিও হাৰ্প টুইনছৰ ডেলিভাৰী মেনত সৰু সৰু ভূমিকা আছিল, য'ত ভিন্স ভনে অভিনয় কৰিছিল আৰু দ্য ৱাকিং ডেডৰ ছিজন ছয়ৰ চূড়ান্ত খণ্ডত অভিনয় কৰিছিল।

চলচ্চিত্ৰ

কামিল আৰু কেনাৰ্লীয়ে কেইটামান দীঘল আৰু চুটি চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছে।

  • ডেলিভাৰী মেন (২০১৩)
  • পলিটিকচ অৱ লাভ (২০১১)
  • ব্লেকটিনো (২০১১)
  • টি ইজ্‌ ফৰ টোৱাইন (২০১১)
  • ছুপাৰ ফৰ্চ ৫ (২০১০)
  • এলিফেণ্ট মেডিচিন (২০১০)
  • ইনছাইড আমেৰিকা (২০০৯)
  • দ্য এণ্ড অৱ লস্ট বিগিনিংছ (২০০৯)
  • লস্ট এলং দ্য ৱে (২০০৮)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ McQuiston, James A. (2015). THE HARP TWINS. Celtic Guide

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীযমজ অভিনেত্ৰীগায়িকাঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিল আৰু কেনাৰ্লি” প্ৰবন্ধৰ সংশোধন ৫০০৩৫০ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।