অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেট ৰুকা

কেট ৰুকা ( Cat Ruka) জন্ম: ১৯৮৩, নিউজিলেণ্ডৰ এগৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, পৰিৱেশন পৰিচালক আৰু কলা নিৰ্দেশক।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

কেট ৰুকা ( Cat Ruka) জন্ম: ১৯৮৩,১ নিউজিলেণ্ডৰ এগৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, পৰিৱেশন পৰিচালক আৰু কলা নিৰ্দেশক।২

জীৱনী

কেট ৰুকাৰ পিতৃ আৰু মাতৃ ক্ৰমে ৰাউৰেটি আৰু বিদা ৰুকা, আৰু তেওঁৰ প্ৰাৰম্ভিক জীৱন ৱৰ্কৱৰ্থত থকা তেওঁৰ মাকৰ ঘৰত কটায় আৰু নিউজিলেণ্ডৰ হোকিয়াংগাৰ মাৰেত থকা তেওঁৰ দেউতাকৰ ঘৰত পাৰ কৰে৷৩ তেওঁ ঙাপুহি আৰু ৱাইটাহা নামে ইৱিৰ দুটা সামাজিক সংস্থাৰ সৈতে জড়িত৷৩

ৰুকাই নিউজিলেণ্ডৰ অকলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা নৃত্য অধ্যয়ন বিষয়ত স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ ডিপ্লমা আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[3] তেওঁ ১০ বছৰ ধৰি মানুকাউ ইনষ্টিটিউট অৱ টেকন'লজিত পৰিৱেশ্য কলাৰ বক্তৃতা প্ৰদান কৰিছিল, আৰু ২০২০ চনত টেম্পো ডান্স ফেষ্টিভেলৰ কলাত্মক পৰিচালক আছিল।৪৫৬ ২০১৮ চনত “কেৰী ৰে কানিংহাম’’ৰ সৈতে কেট ৰুকাই টেম্পো ডান্স ফেষ্টিভেলৰ Fresh নামৰ এটা উদীয়মান নৃত্য অনুষ্ঠানৰ পৰামৰ্শদাতা হিচাপে কাম কৰে।৭ ২০২০ চনত ৰুকাক অকলেণ্ডৰ বেছমেণ্ট থিয়েটাৰৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।৩

সৃষ্টিশীল কৰ্ম

কেট ৰুকাই ““প্লেইং চেভেজ’’ৰ নৃত্য নিৰ্দেশনা কৰাৰ লগতে নৃত্য শিল্পী হিচাপে ২০১০ চনত ৱেলিংটনৰ টে পাপা চহৰৰ “চাউণ্ডিংছ থিয়েটাৰ’’ত মাওৰীৰ সমসাময়িক নৃত্যৰ ক'ৱিটি উৎসৱত পৰিৱেশন কৰিছিল।৮

ৰুকাই ২০১১ চনত মানুকাউ ইনষ্টিটিউট অৱ টেকন'লজিৰ প্ৰথম প্ৰডাকচনৰ কোৰিঅ'গ্ৰাফী কৰিছিল, যিটো ৱেষ্ট চাইড ষ্ট'ৰীৰ চাউথ অকলেণ্ড সংস্কৰণ আছিল।৯

২০১১ চনত ৰুকা আৰু নৃত্যশিল্পী আৰু পৰিবেশন শিল্পী জোছ ৰুটাৰৰ দ্বাৰা সৃষ্টি আৰু পৰিবেশন কৰা NEW TREATY MILITIA হৈছে জাৰ্মানীৰ বাৰ্লিনত মেচপইণ্ট কোৰিঅ'গ্ৰাফাৰ মিটিঙৰ এক অংশ হিচাপে বিকশিত কৰা এটা প্ৰডাকচন, যিটো যোচেন ৰোলাৰ আৰু আন্না ৱেগনাৰৰ দ্বাৰা আঁত ধৰা এটা ৭ দিনীয়া অনুষ্ঠান আছিল। নিউ ট্ৰিটী মিলিণ্টা বাৰ্লিনৰ হেবেল এম উফাৰ পাৰফৰমেন্স চেণ্টাৰত প্ৰিমিয়াৰ শ্ব’ কৰা হৈছিল আৰু তাৰ পিছত বিভিন্কন ঠাই ঘূৰি ফুৰিছিল, যেনে; বুটিক ষ্টুডিঅ', ব্ৰুকলিন নিউয়ৰ্ক; টেম্পো ডান্স ফেষ্টিভেল, কিউ থিয়েটাৰ; চাউথছাইড আৰ্টছ ফেষ্টিভেল, অটাৰা; ৱাৰউইক ব্ৰডহেডৰ সৈতে ডাবল-বিলত ডুনেডিনৰ এটা গোপন স্থান; আৰু দ্য লং হল, ৰোজনিথ, ৱেলিংটন। ইয়াত ৱাইটাংগি সন্ধিৰ বিষয়ে বিতৰ্কিত বিষয়সমূহৰ সন্ধান কৰা হৈছিল।১০১১ ২০১২ চনত অকলেণ্ডৰ মেইডমেণ্ট থিয়েটাৰত কেট ৰুকাই ট্ৰু পাৰাহাৰ চৰিত্ৰৰ সৈতে দ্বিবৈত ভূমিকাত এটা পৰীক্ষামূলক একক কাম পৰিৱেশন কৰিছিল, যাৰ নাম আছিল HINE-2012, এইখন আছিল অভিনয়ৰ পিছত আলোচনাৰ সৈতে এক মঞ্চ আৰু এইদৰে বৰ্ণনা কৰিছিল: "থলুৱা নৃত্য পৰিচালকসকলে নৃত্যৰ বাবে শৰীৰটোক অনুসন্ধানৰ স্থান হিচাপে ধৰি লৈ গতিশীল থিয়েটাৰৰ সন্ধিয়াত নিজৰ কৰ্মৰাজি উপস্থাপন কৰে।" ১২১৩

২০১৭ চনত ৰুকাই ম' লাগা-ফা 'আওফ'ৰ দ্বাৰা নিৰ্মিত আৰু বেছমেণ্ট থিয়েটাৰত এফ এ এফ এছ ৱাগৰ দ্বাৰা প্ৰযোজনা কৰা নিয়ন বুটলেগ পৰিচালনা কৰে।১৪ কেট ৰুকাই ২০১৯ চনত বেছমেণ্ট থিয়েটাৰত এম্ব'ডাইড কনটেম্পলেচন: এ মিক্সড বিলৰ অংশ হিচাপে নৃত্য চলচ্চিত্ৰৰ ৰাশিচ্চিত্ৰ সৃষ্টি কৰি তাক প্ৰয়োগ কৰিছিল।১৫ ২০১৯ চনত ৰুকাই অটাউটাহি ক্ৰাইষ্টচাৰ্চৰ টিনি পাৰফৰমেন্স ফেষ্টিভেলত মূল বক্তা আছিল য'ত তেওঁ নিজৰ বক্তব্যত 'পাৰফৰ্মেন্স এজ মেডিচিন'ৰ কথা কৈছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Cat Ruka – web site. National Library of New Zealand
  2. ↑ Brown, Pelenakeke. Shaping Mauri. Pantograph Punch
  3. ↑ Metro — Cat Ruka, the new director of Basement Theatre. www.metromag.co.nz
  4. ↑ Basement Theatre · Nau mai, haere mai Cat Ruka. Basement Theatre
  5. ↑ You are Fierce, You are Full. Awa Wahine
  6. ↑ Flightdec. Tempo welcomes Cat Ruka as new Artistic Director. DANZ
  7. ↑ FRESH (2018) - A much needed forum. TheatreView
  8. ↑ Kôwhiti Matariki Festival of Mâori Contemporary Dance - The future is bright. TheatreView
  9. ↑ Christian, Dionne. (2011-08-13). Theatre Preview: West Side Story, Pacific Events Centre. NZ Herald
  10. ↑ New Zealand Theatre: theatre reviews, performance reviews - Theatreview. TheatreView
  11. ↑ New Treaty Militia - Tacit negotiation enjoined by audience. www.theatreview.org.nz
  12. ↑ New Zealand Theatre: theatre reviews, performance reviews - Theatreview. www.theatreview.org.nz
  13. ↑ HINE 2012 - Hine 2012 - performance as action, activism and critique. TheatreView
  14. ↑ New Zealand Theatre: theatre reviews, performance reviews - Theatreview. TheatreView
  15. ↑ Embodied Contemplation: a mixed billl - and I'm looking back at you: a review/response to Josie, Cat and Josh. TheatreView
  16. ↑ Performing Object I - Poignant acoustic movement. TheatreView

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীনৃত্যশিল্পীনিউজিলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেট ৰুকা” প্ৰবন্ধৰ সংশোধন ৫৪৭৯৯৮ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।