অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
নিং বাইজুৰা
নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ ডাল্টন (আগতে নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ; জন্ম: ২৮ জুন ১৯৭৫), তেওঁৰ মঞ্চ নাম নিং বাইজুৰা নামেৰেই অধিক পৰিচিত। তেওঁ এগৰাকী মালয়েছিয়াৰ পপ আৰু আৰ এণ্ড বি গায়িকা তথা অভিনেত্ৰী। তেওঁ মালয়, ইংৰাজী, জাপানীজ, ইটালিয়ান, ফৰাচী, মেণ্ডেৰিন আৰু কেণ্টোনিজ ভাষাত গীত গায়।
-
নিক'ল ৱালেচ
নিক'ল আলেহান্দ্ৰা ৱালেচ দেল বাৰিঅ (জন্ম: ২২ মাৰ্চ ২০০২) এগৰাকী স্পেনীয় অভিনেত্ৰী আৰু গায়িকা। তেওঁ Skam Españaত নোৰা গ্ৰেচ, মাই ফ'ল্টত নোয়া, আৰু Netflix-ৰ ৰাইজিং ভইচেচত আলমাৰ ভূমিকাত অভিনয় কৰাৰ বাবে জনাজাত।
-
নিকোল আলমান
নিকোল আলমান (ইংৰাজী: Nicole Allmann; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী চুইছ অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল আৰু লেখিকা। ২০০৪ চনৰ চুটি ছবি ফেলিচিয়াত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
নিনা হচ
নিনা হচ (জাৰ্মান: Nina Hoss; জন্ম: ৭ জুলাই ১৯৭৫) এগৰাকী জাৰ্মান মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। পৰিচালক ক্ৰীষ্টিয়ান পেটজোল্ডৰ সৈতে তেওঁৰ সহযোগিতা তথা তেওঁলোকৰ ছবি 'বাৰ্বৰা' (২০১২) আৰু 'ফিনিক্স' (২০১৪) আদিৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
নীনা দোব্ৰেভ
নিকোলিনা কামেনোভা দোব্ৰেভা (বুলগেৰিয়ান: Николина Каменова Добрева; জন্ম ৯ জানুৱাৰী ১৯৮৯), পেছাগতভাৱে নীনা দোব্ৰেভ নামে পৰিচিত, এগৰাকী কানাডীয়ান অভিনেত্ৰী।
-
নেগাৰ জাৱাহেৰিয়ান
নেগাৰ জাৱাহেৰিয়ান (ফাৰ্চী: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পম ক্লেমেণ্টিয়েফ
পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফ (জন্ম ৩ মে' ১৯৮৬) এগৰাকী ফৰাচী অভিনেত্ৰী। তেওঁ মাৰ্ভেল চলচ্চিত্ৰ মহাবিশ্বত মেনটিছ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত (২০১৭–২০২৩)। ইয়াৰ উপৰি তেওঁ মিছন: ইম্পচিবল চলচ্চিত্ৰ শৃংখলাৰ শেষ দুটা ছবিত (২০২৩–২০২৫) পেৰিছ চৰিত্ৰত অভিনয় কৰিছে।
-
পলেট ডেল বে'
পলেট ডেল বে (১৮৭৭ – ২৩ মে' ১৯৪৫; (ইংৰাজী: Paulette del Baye), জন্মগত নাম কেটলীনা ফ্ৰান্সিস্কা পলীনা বাটায়া, আছিল কিউবাৰ এগৰাকী ফৰাচী অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ভডিভিল পৰিৱেশক।
-
পল্লৱী গুঙ্গাৰাম
পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল।
-
পল্লৱী শাৰদা
পল্লৱী শাৰদা ( Pallavi Sharda; জন্ম: ৫ মাৰ্চ ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী আৰু ভাৰতীয় বংশৰ ভাৰতনাট্যম নৃত্যশিল্পী। ২০১০ চনত মিছ ইণ্ডিয়া অষ্ট্ৰেলিয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হয়। অভিনেত্ৰী হিচাপে তেওঁ একাডেমী বঁটাৰ বাবে মনোনীত ছবি লায়ন (২০১৬)ত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত।
-
পাওলা টুৰ্বে
পাওলা টুৰ্বে গোমেজ (জন্ম: ২৯ নৱেম্বৰ ১৯৭০) এগৰাকী কলম্বিয়ান-আমেৰিকান অভিনেত্ৰী, মডেল, টিভি সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ টিভি ধাৰাবাহিক বচৰ তৃতীয় ছিজনত অভিনয় কৰিছিল।
-
পায়েল দে
পায়েল দে এগৰাকী বঙালী অভিনেত্ৰী। ২০০৬ চনত জি বাংলাৰ একদিন প্ৰতিদিন দৈনিক চাবোনেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু চন্দ্ৰয়ী চৰিত্ৰটোক সহযোগী চৰিত্ৰ হিচাপে অভিনয় কৰিছিল।
-
পিয়া লামবাৰ্গ
পিয়া লামবাৰ্গ (ইংৰাজী: Pia Lamberg; জন্ম: ৫ অক্টোবৰ ১৯৯০) এগৰাকী ফিনিছ অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ফিনলেণ্ড ২০১১ ৰ মুকুট লাভ কৰিছিল আৰু ২০১১ চনৰ ১২ ছেপ্টেম্বৰত ব্ৰাজিলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১১ প্ৰতিযোগিতাত ফিনলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল।
-
পেনেলোপে ক্ৰুজ
পেনেলোপে ক্ৰুজ ছানচেজ ( (স্পেনিছ: Penélope Cruz Sánchez); বিকল্প উচ্চাৰণ: পেনেলোপি ক্ৰুজ, জন্ম: ২৮ এপ্ৰিল, ১৯৭৪) এগৰাকী স্পেনিছ অভিনেত্ৰী। ১৫ বছৰ বয়সৰ পৰাই তাই অভিনয় আৰম্ভ কৰে। কম বয়সতে জামন, জামন, দ্য গাৰ্ল অৱ ইউৰ ড্ৰিমছ, বেলা ইপক আদি ছবিত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
পেৰ্নিয়া কুৰেশ্বী
পেৰ্নিয়া কুৰেশ্বী (ইংৰাজী: Pernia Qureshi) এগৰাকী ভাৰতীয় আমেৰিকান ফেশ্বন উদ্যোগী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ বৰ্তমান নতুন দিল্লী আৰু মুম্বাইত বসবাস কৰে।
-
প্ৰিয়া তেণ্ডুলকাৰ
প্ৰিয়া তেণ্ডুলকাৰ ( Priya Tendulkar; জন্ম: ১৯ অক্টোবৰ ১৯৫৪ – মৃত্যু: ১৯ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজকৰ্মী আৰু এগৰাকী লেখিকা, যি টেলিভিছন ধাৰাবাহিক ৰাজনী (১৯৮৫)ত তেওঁৰ নামকৰণৰ চৰিত্ৰৰ বাবে বেছিকৈ পৰিচিত।
-
পৰ্দিছ আহমদীহ
পৰ্দিছ আহমদীহ (ফাৰ্চী: پردیس احمدیه; জন্ম ২৯ জুন, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ৰেড নেইল পলিচ (২০১৬) আৰু দ্য লায়ন স্কিন (২০২২–২০২৩) বোলছবি তথা ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে আটাইতকৈ বেছি পৰিচিত।
-
পৰ্দীছ পৌৰাবেদীনি
পৰ্দীছ পৌৰাবেদীনি (ফাৰ্চী: پردیس پورعابدینی; জন্ম ১০ এপ্ৰিল ২০০০) এগৰাকী ইৰানী অভিনেত্ৰী। আঘাজাদেহ (ব্লু ব্লাড; ২০২০–২০২১) ধাৰাবাহিকত ৰাজিয়ে মোগাদ্দাম আৰু ফেৰেশতেহছ চিন (২০২৩–২০২৪) ধাৰাবাহিকত ফেৰেশতেহ খাদেম চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ফাম লুঙ থান ত্ৰুক
ফাম লুঙ থান ত্ৰুক (১১ ছেপ্তেম্বৰ ১৯৮৬-ত হো চি মিন চিটিত জন্ম) মঞ্চ নাম থান ত্ৰুক নামেৰে পৰিচিত এগৰাকী ভিয়েটনামী টেলিভিছন আৰু চিনেমা অভিনেত্ৰী তথা গায়িকা। তেওঁ প্ৰথমে J8687 নামৰ গাৰ্ল গ্ৰুপৰ সদস্য আছিল।
-
ফাশা সান্ধা
নুৰ ফাশা সান্ধা হাসান (জন্ম ২৮ মাৰ্চ ১৯৮৪) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী। তেওঁ চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান আৰু বাণিজ্যিক বিজ্ঞাপনসমূহত উপস্থিত হৈছে।
-
ফাহ্ৰিয়ে এভচেন
ফাহ্ৰিয়ে এভচেন ওজচিভিট (ইংৰাজী: Fahriye Evcen Özçivit; জন্ম: ৪ জুন ১৯৮৬) এগৰাকী জাৰ্মানীত জন্মগ্ৰহণ কৰা তুৰ্কী অভিনেত্ৰী আৰু মডেল। তেওঁ টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ত নেক্লা টেকিন আৰু টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ফাৰ্জানেহ কাবোলী
ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।
-
ফেৰেষ্টেহ হোছেইনী
ফেৰেষ্টেহ হোছেইনী (ফাৰ্চী: فرشته حسینی; জন্ম ২৬ এপ্ৰিল, ১৯৯৭) এগৰাকী আফগান-ইৰানীয় অভিনেত্ৰী। ফাৰ্চী ভাষাত তেওঁৰ নামটো ফ্ৰেশ্বটেহ হোছেইনী বুলি উচ্চাৰণ কৰা হয়। তেওঁ মুখ্যত পাৰ্টিং (২০১৬), দ্য ফ্ৰগ (২০২০-২০২১) আৰু ডুৱেলিং এমং দ্য গডছ (২০২৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ফ্ৰাংকা পটেণ্টে
ফ্ৰাংকা পটেণ্টে (ইংৰাজী: Franka Potente; জন্ম: ২২ জুলাই, ১৯৭৪) এগৰাকী জাৰ্মান অভিনেত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে কমেডী ছবি আফটাৰ ফাইভ ইন দ্য ফৰেষ্ট প্ৰাইমেভাল (১৯৯৫)-ত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বাভেৰিয়ান ফিল্ম এৱাৰ্ড লাভ কৰে।
-
বশ্ৰা দস্তুৰনেজাদ
বশ্ৰা দস্তুৰনেজাদ (জন্মগত নাম: বশ্ৰা দস্তুৰনেজাদ হাকীকাৰী; জন্ম ১৯৮৫) হৈছে এগৰাকী ইৰানী মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনৰ ৰেডিঅ’ ড্ৰিমছ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
বাচিলা
বাচিলা (৩য় শতিকা) এজনী প্ৰাচীন ৰোমৰ মাইম (মুখাভিনয়) অভিনেত্ৰী আছিল। তেওঁ প্ৰথম আৰু দ্বিতীয় শতিকাৰ ৰোমান নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁৰ সতীৰ্থ অভিনেতা-নৃত্যশিল্পী হেৰাক্লেইডেছৰ দ্বাৰা একুইলেয়াৰ ৰোমান এম্ফিথিয়েটাৰত তেওঁৰ স্মৃতিৰ প্ৰতি এক স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল।
-
বাহাৰ দেহকোৰ্ডি
বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী। ফাৰ্চী ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।
-
বাহাৰেহ ৰহনামা
বাহাৰেহ ৰহণামা (ফাৰ্চী: بهاره رهنما; জন্ম ১ ডিচেম্বৰ, ১৯৭৩) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী আৰু লেখিকা। তেওঁ টাম্বুৰিন (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে হাফেজ বঁটা লাভ কৰিছিল।
-
বাৰান কোছাৰী
বাৰান কোছাৰী (ফাৰ্চী: باران کوثری; জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৮৫) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। চলচ্চিত্ৰ নিৰ্মাতা জাহাংগীৰ কোছাৰী আৰু ৰাখশান বাণী-এতেমাদৰ ঘৰত জন্মগ্ৰহণ কৰা বাৰানে তেওঁৰ মাতৃৰ চলচ্চিত্ৰত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
বিতা ইলাহিয়ান
বিতা ইলাহিয়ান (ফাৰ্চী: بیتا الهیان) এগৰাকী ইৰানী-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী, যিয়ে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বসবাস কৰে। তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমীৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰিছিল। ইলাহিয়ানে ড্ৰামা চলচ্চিত্ৰসমূহৰ পৰিচালনাৰ বাবে বিভিন্ন বঁটা লাভ কৰিছে।