চু ৱিনচি (চীনা ভাষা: 苏盈之; জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী মালয়েছিয়াৰ গায়িকা, অভিনেত্ৰী, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আৰু মডেল। তেওঁ ২০০৮ চনত মিছ ৱৰ্ল্ড মালয়েছিয়াৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল। ২০১৩ চনত হলিউডৰ ইণ্ডিপেণ্ডেণ্ট ক্ৰিটিকছে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ ধুনীয়া মহিলাৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত কৰিছিল।১ ২০১৬ চনত তেওঁক "শীৰ্ষ ১০ গৰাকী আটাইতকৈ অসাধাৰণ যুৱ মালয়েছিয়ান বঁটা" প্ৰদান কৰা হয়।২ ২০১৮ চনত চীনা সংবাদ মাধ্যমে তেওঁক "আটাইতকৈ ধুনীয়া ডাক্টৰ" (The Most Beautiful Dr) বুলি অভিহিত কৰিছিল।৩ মালয়েছিয়া বুক অৱ ৰেকৰ্ডছত তেওঁৰ চাৰিটা ভুক্তি আছে।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চু ৰিডিং বিশ্ববিদ্যালয়ৰ (যুক্তৰাজ্য) পৰা আইনৰ স্নাতক, ছানচাইন ক’ষ্ট বিশ্ববিদ্যালয়ৰপৰা এমবিএ ডিগ্ৰীধাৰী আৰু অ’পেন ইউনিভাৰ্ছিটী মালয়েছিয়াৰপৰা ব্যৱসায় প্ৰশাসনত পিএইচডি ডিগ্ৰী লাভ কৰা এগৰাকী ব্যক্তি।৫ তেওঁ অ’পেন ইউনিভাৰ্ছিটী মালয়েছিয়াৰপৰা পিএইচডিৰ বাবে জলপানী লাভ কৰিছিল।৬
২০১৬ চনত তেওঁ নিজৰ পিএইচডি গৱেষণা সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় আৰু ২০১৬ চনৰ ৩১ মে’ত তেওঁ মৌখিক পৰীক্ষাত (viva voce) উত্তীৰ্ণ হয়।৫
২০১৭ চনত তেওঁ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে বাৰ্কলী কলেজ অৱ মিউজিক ভেলেন্সিয়াত নামভৰ্তি কৰে। তেওঁ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পোষ্ট-মাষ্টাৰ ফেল’শ্বিপ লাভ কৰে।৭
২০১৮ চনত তেওঁ মিউজিক প্ৰডাকচন, ইন’ভেচন এণ্ড টেকন’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০১৯ চনত বাৰ্কলী কলেজ অৱ মিউজিকৰপৰা পোষ্ট মাষ্টাৰ ডিগ্ৰী ফেল’শ্বিপ লাভ কৰে।
২০১৯ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে তেওঁক মালয়েছিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰপৰা দুটা অভিলেখ প্ৰদান কৰা হয়, সেয়া হ’ল— "আটাইতকৈ বেছি ডিগ্ৰী অৰ্জন কৰা সৌন্দৰ্য ৰাণী" আৰু "আটাইতকৈ বেছি ডিগ্ৰী অৰ্জন কৰা ৰেকৰ্ডিং শিল্পী।" ৪ তেওঁ নিজৰ দ্বিতীয়টো পিএইচডি ডিগ্ৰীৰ বাবে পলিটেকনিক ইউনিভাৰ্ছিটী অৱ ভেলেন্সিয়াতো নামভৰ্তি কৰিছে।৮
অন্যান্য কাৰ্যকলাপ
মুখপাত্ৰ
২০১০ চনত চুক মালয়েছিয়াৰ এভন প্ৰডাক্টছ এনিউ স্কিনৰ মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।৯
লিখনী
২০১৭ চনত তেওঁ তেওঁৰ প্ৰথমখন কিতাপ আৰু অডিঅ’ বুক ইনৱিনচিঅ’বল এক্স লিখি উলিয়াইছিল আৰু প্ৰযোজনা কৰিছিল।১০
সজাগতা দূত
২০২০ চনৰ জানুৱাৰীত তেওঁক মালয়েছিয়াৰ থিয়ান হাউ টেম্পলৰ সাংস্কৃতিক দূত হিচাপে নিৰ্বাচিত কৰা হৈছিল।১১
তথ্যসূত্ৰ
- ↑ Mei Mei Chu. (27 December 2013). Soo Wincci Makes Malaysia Proud In Independent Critics' 100 Most Beautiful Faces Of 2013. says.com
- ↑ (28 November 2016). 10 awarded for excellence in their respective fields. The Star
- ↑ China. sohu.com
- ↑ (9 July 2019). World of Buzz. worldofbuzz.com
- ↑ Ting, Loong Wai. (2016-06-09). You may call her Dr Soo Wincci now. NST Online
- ↑ Soo is no sleeping beauty, The Star (Malaysia), 20 November 2010
- ↑ (11 July 2018). The Star. thestar.com
- ↑ (16 June 2020). 2nd PhD. nst.com
- ↑ (16 May 2010). Avon goes beyond the simple 'white'. theborneopost.com
- ↑ Inwinccible X: The Inwinccible Personal Journey & Strategies. mphonline.com
- ↑ Thean Hou. thestar.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চু ৱিনচি” প্ৰবন্ধৰ সংশোধন ৬০৩৩২৫ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।