অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
তনয়া মণিকতালা
তনয়া মণিকতালা (Tanya Maniktala(জন্ম-৭ জুলাই ১৯৯৭)হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক সততে হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু চিৰিজত দেখা যায়৷ ২০১৮ চনত ফ্লেমছ আৰু ২০২০ চনত এ ছুইটেবল বয় নামৰ দুখন ৱেব-ছিৰিজত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰে৷ ২০২৩ চনত তেওঁ কিল নামৰ একছনধৰ্মী হিন্দী ছবিত অভিনয় কৰে৷
-
তাৰ্তিয়া
তাৰ্তিয়া (খ্ৰীঃ পূঃ ৭৪ ৰ পাছত মৃত্যু) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। তাৰ্তিয়া চিচিলিত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ অভিনেতা-নৃত্যশিল্পী ইচিডোৰুচৰ কন্যা আছিল। ইতিহাসত তেওঁ ভেৰেছৰ উপপত্নী হিচাপে প্ৰসিদ্ধ, যেতিয়া ভেৰেছ খ্ৰীঃ পূঃ ৭৪ চনত চিচিলিৰ গভৰ্ণৰ নিযুক্ত হৈছিল।
-
তৰিণা পেটেল
তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল। তেওঁ অক্ষয় কুমাৰৰ ভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
দিব্যা প্ৰভা
দিব্য প্ৰভা (Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।
-
দুৰ্গাবাই কামত
দুৰ্গাবাই কামত (Durgabai Kamat) মাৰাঠী ছবিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ভাৰতীয় চিনেমাৰ প্ৰথম অভিনেত্ৰী আছিল। ১৯১৩ চনত মোহিনী ভস্মাসুৰ ছবিত অভিনয় কৰাৰ সময়ত তেওঁক ভাৰতীয় চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী হিচাপে জনা যায়, সেই সময়ত যেতিয়া ইয়াক সন্মানীয় পৰিয়ালৰ ছোৱালীৰ বাবে উপযুক্ত বৃত্তি…
-
নন্দনা দেৱ সেন
নন্দনা দেৱ সেন এগৰাকী ভাৰতীয় বংশোদ্ভুত আমেৰিকাৰ অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, শিশু লেখিকা আৰু শিশু অধিকাৰ কৰ্মী। বলীউডত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত, সঞ্জয় লীলা ভণশালীৰ 'ব্লেক '(২০০৫), য'ত তেওঁ ৰাণীৰ ১৭ বছৰীয়া সৰু ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
পাৰুল যাদৱ
পাৰুল যাদৱ ( Parul Yadav) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ কানাড়া ছবিত অভিনয় কৰে। তামিল ছবি ড্ৰিমছ (২০০২)ৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। আটাগৰা (২০১৫) ছবিত তেওঁৰ অভিনয়ে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰী – কানাড়াৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
পুপুল ভূঞা
পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷ ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল…
-
ফাবিয়া আৰেতে
ফাবিয়া আৰেতে প্ৰাচীন ৰোমৰ এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁ এগৰাকী মুক্ত দাসী আছিল ('মাৰ্কাছ'ৰ মুক্ত দাসী হিচাপে উল্লিখিত), যি সেই সময়ৰ মঞ্চ অভিনেতাসকলৰ মাজত সাধাৰণ আছিল। তেওঁক আৰ্কিমাইমা বুলি উল্লেখ কৰা হৈছে, যি ৰোমান নাট্যশালাৰ শীৰ্ষস্থানীয় অভিনেত্ৰীসকলৰ উপাধি আছিল।
-
ভলুম্নিয়া চিথেৰিচ
ভলুম্নিয়া চিথেৰিচ (খ্ৰীঃ পূঃ ১শ শতিকা) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু মাইম নৃত্যশিল্পী আছিল। তেওঁ বিশেষকৈ কেইজনমান খ্যাতনামা ৰোমান ব্যক্তিৰ উপপত্নী হিচাপে জনাজাত। সম্ভৱত খ্ৰীঃ পূঃ ৭০ চনৰ আশে-পাশে জন্মগ্ৰহণ কৰা, চিথেৰিচ মূলতঃ পুব্লিয়ুছ ভলুম্নিউছ ইউট্ৰাপেলিয়ুছৰ দাসী আছিল,
-
মিৰুনা মগৰ
মিৰুনা লীচাৰা মগৰ (নেপালী: मिरुना लीसारा मगर; জন্ম ১৮ জুলাই ১৯৯৪) এজনী নেপালী অভিনেত্ৰী। তেওঁ ২০১৮ চনত লালপুৰ্জা চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁ ২০২২ চনৰ কাবাডী ৪: দ্য ফাইনেল মেচ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে, যি নেপালৰ আটাইতকৈ অধিক উপাৰ্জন কৰা চলচ্চিত্ৰ হৈ পৰিছিল।
-
মীনা (অভিনেত্ৰী)
মীনা দুৰাইৰাজ ( Mena Durairage; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৭৬) পেছাগতভাৱে মীনা নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ লগতে হিন্দী চিনেমাতো কাম কৰে। তেখেত এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। মীনাই তামিল, তেলেগু, মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
হেমা চৌধুৰী
হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।
-
ৰেইন চুদোৰী
ৰেইন চুদোৰী-ছ'ৰজোৱাটমোদজো (ইংৰাজী: Rain Chudori-Soerjoatmodjo; জন্ম: ১০ নৱেম্বৰ ১৯৯৪) এগৰাকী ইণ্ডোনেছিয়ান সৃষ্টিশীল উদ্যোগী, লেখিকা, কিউৰেটৰ আৰু অভিনেত্ৰী।
-
অঞ্জনা মেনন
অঞ্জনা মেনন (Anjana Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনত মুক্তি লাভ কৰা মালয়ালম চলচ্চিত্ৰ ট্ৰেফিক'ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
অনাহিতা খালাতবাৰী
অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা। তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল।
-
অনু প্ৰভাকাৰ
অনু প্ৰভাকাৰ ( Anu Prabhakar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কানাড়া ছবি আৰু কেইখনমান তামিল ছবিত অভিনয় কৰে।
-
অনুষা দণ্ডেকাৰ
অনুষা দণ্ডেকাৰ ( Anusha Dandekar; জন্ম: ৯ জানুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান এমটিভি ভিজে, অভিনেত্ৰী আৰু গায়িকা, যি ভিজে হিচাপে বেছি পৰিচিত আৰু কেইবাটাও অনুষ্ঠান আয়োজন কৰা আয়োজক।
-
অশ্বিনী নাচাপ্পা
অশ্বিনী নাচাপ্পা ( Ashwini Nachappa; জন্ম ২১ অক্টোবৰ ১৯৬৭) মাদিকেৰীৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ট্ৰেক এণ্ড ফিল্ড এথলীট আৰু অভিনেত্ৰী। ১৯৮০ চনৰ আৰম্ভণিৰ আশে-পাশে নাচাপ্পাই খ্যাতি অৰ্জন কৰিছিল, যেতিয়া তেওঁ পি.টি. উষা দুবাৰকৈ। তেওঁক ভাৰতৰ ফ্ল'জো বুলি কোৱা হৈছে। ১৯৮৮ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰে।
-
অৰুণিমা শৰ্মা
অৰুণিমা শৰ্মা (জন্ম ২৩ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জি টিভিৰ ছ’প অপেৰা “কছম ছে’’ত ৰাণো বালিৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হৈ পৰিছিল। ৰাণো বালি তিনিগৰাকী মহিলা মুখ্য মহিলা চৰিত্ৰৰ ভিতৰত অন্যতম আৰু নায়ক বানি ৱালিয়াৰ কনিষ্ঠ ভগ্নী।
-
অৱৰ্ণতি
অৱৰ্ণতী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ছবিত অভিনয় কৰে। ২০২১ চনত তেন ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু জেইল (২০২১) আৰু ইৰুক্কাপ্পাত্ৰু (২০২৩) ছবিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
আইদা এল-কাছেফ
আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল।
-
আগাথা মাক্সিমোভা
আগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনেত্ৰী আৰু মডেল।
-
আছলি বায়ৰাম
আচলি বায়ৰাম (ইংৰাজী: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ তুৰ্কী মূলৰ লোক। ২০১০ চনৰপৰা তেওঁ হেচেনৰ ন্যায় মন্ত্ৰ্যালয়ৰদ্বাৰা অপৰাধ প্ৰতিৰোধৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আজাদেহ ছামাদী
আজাদেহ ছামাদী (ফাৰ্চী: آزاده صمدی; জন্ম ৭ জানুৱাৰী ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ হাফেজ বঁটা, ক্ৰিষ্টাল চিমৰ্গ আৰু ইৰানৰ চলচ্চিত্ৰ সমালোচক তথা লেখক সংস্থাৰ বঁটাৰ বাবে লাভ কৰা মনোনয়নৰ উপৰি ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় ডিপ্ল’মাকে ধৰি বিভিন্ন স্বীকৃতি লাভ কৰিছে।
-
আতাছা মুহলাচ
আতাছা এৰন বনিন মুহলাচ (ইংৰাজী: Atasha Aaron Bonnin Muhlach; জন্ম ৫ নৱেম্বৰ ২০০১) ফিলিপাইনছৰ এগৰাকী অভিনেত্ৰী, গায়িকা, টেলিভিছন আয়োজক আৰু মডেল। তেওঁ ফিলিপাইনছৰ জনপ্ৰিয় অভিনেতা আগা মুহলাচ আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, মডেল আৰু টেলিভিছন আয়োজিকা চাৰ্লিন গনজালেছৰ কন্যা।
-
আদ্ৰিয়ানা গুটিয়ৰেজ
আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো (ইংৰাজী: Ariadna Gutiérrez; জন্ম: ২৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ কলম্বিয়া ২০১৪-ৰ মুকুট পিন্ধিছিল।
-
আনা ডে আৰ্মাছ
আনা চেলিয়া ডে আৰ্মাছ কাছো (Ana Celia de Armas Caso; জন্ম: ৩০ এপ্ৰিল ১৯৮৮) এগৰাকী কিউবান, আমেৰিকান আৰু স্পেনিছ অভিনেত্ৰী। কিউবাত ৰোমাণ্টিক ড্ৰামা উনা ৰোজা দে ফ্ৰান্সিয়া (২০০৬)ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ কেৰিয়াৰ আৰম্ভ কৰে।
-
আনাহিতা দৰগাহী
আনাহিতা দৰগাহী (ফাৰ্চী: آناهیتا درگاهی; জন্ম: ২৭ জানুৱাৰী ১৯৮৭) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ফৰ্বিডেন (২০১৮–২০১৯), আই ৱাণ্ট টু লাইভ (২০২১), আৰু দ্য নৰ্থ পোল (২০২৪) নামৰ ৱেব ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
আলমিলা বাগ্ৰিয়াচিক
আলমিলা বাগ্ৰিয়াচিক (Almila Bagriacik; জন্ম: ১০ জুলাই ১৯৯০) এগৰাকী তুৰ্কী-জাৰ্মান অভিনেত্ৰী। তেওঁ জাৰ্মান চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰিছে।