অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
আলিজা গুৰ
আলিজা গুৰ (ইংৰাজী: Aliza Gur; জন্ম: আলিজিয়া গ্ৰছ; ১ এপ্ৰিল ১৯৪০) এগৰাকী ইজৰাইলী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৬০ চনৰ মিছ ইজৰাইল হিচাপে নিৰ্বাচিত হৈছিল আৰু মিয়ামি বীচত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬০ প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট আছিল।
-
আশা নেগী
আশা নেগী ( Asha Negi; জন্ম: ২৩ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন প্ৰডাকচনৰ কামৰ বাবে পৰিচিত। জি টিভিৰ ছ’প অপেৰা পবিত্ৰ ৰিষ্টাত পূৰৱী দেশমুখ কিৰ্লোস্কৰ আৰু অল্ট বালাজীৰ ৱেব চিৰিজ বাৰীশত গৌৰৱী কৰ্মৰকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত।
-
আশা ভুষাল
আশা ভুষাল (নেপালী: आशा भुषाल; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল, যি মূলত নেপালী চলচ্চিত্ৰত অভিনয় কৰে।
-
আৰতি আগৰৱাল
আৰতি আগৰৱাল ( Arthi Agarwal; জন্ম: ৫ মাৰ্চ, ১৯৮৪ – মৃত্যু: ৬ জুন, ২০১৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলেগু চিনেমা আৰু তামিল চিনেমাত কাম কৰিছিল।
-
ইউটে ষ্টেনছগাৰ্ড
ইউটে ষ্টেনছগাৰ্ড (ইংৰাজী: Yutte Stensgaard; জন্ম: ১৪ মে' ১৯৪৬) এগৰাকী ডেনমাৰ্কৰ অভিনেত্ৰী। তেওঁ ডেনমাৰ্কৰ জুটলেণ্ডৰ থিষ্টেডত জন্মগ্ৰহণ কৰিছিল। তেওঁ মূলতঃ 'হামাৰ ফিল্ম প্ৰডাকচন'ৰ লাষ্ট ফৰ এ ভেম্পায়াৰ (১৯৭১) নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ইজাবেল জুনট
ইজাবেল জুনট, মাৰ্চিঅ’নেছ ডি কিউবাছ (ইংৰাজী: Isabelle Junot, Marchioness de Cubas; জন্ম: ১৮ এপ্ৰিল ১৯৯১) এগৰাকী ফৰাচী-ডেনিছ আৰু স্পেনিছ অভিজাত মহিলা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
ইনি এডো
ইনিঅবং এডো একিম(Iniobong Edo Ekim; জন্ম: ২৩ এপ্ৰিল ১৯৮২) আকোৱা ইবোম ৰাজ্যৰ এগৰাকী প্ৰবীণ নাইজেৰিয়ান অভিনেত্ৰী। ২০০০ চনত ইনি ইডোৱে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে৷ ২০১৩ চনত ইনি এডো মিছ ব্লেক আফ্ৰিকা ইউ কে পেজেণ্ট হিচাপে বিবেচিত হয়৷ তেওঁ…
-
ইলেক্ট্ৰা আৰু ইলাইছ
ইলেক্ট্ৰা আমেলিয়া আৱেলান আৰু ইলাইছ ইছাবেল আৱেলান (যমজ ভগ্নী, জন্ম: ১২ আগষ্ট ১৯৮৬) হৈছে ভেনিজুৱেলাৰ অভিনেত্ৰী। তেওঁলোকে ২০০৭ চনৰ Grindhouse চলচ্চিত্ৰত "Crazy Babysitter Twins" হিচাপে অভিনয় কৰাৰ বাবে জনাজাত। লগতে, ২০১০ চনৰ Machete চলচ্চিত্ৰত "মোনাৰ" আৰু "লিচা" নামৰ নাৰ্চ হিচাপে অভিনয় কৰিছিল।
-
ইলোৰা পাটনায়ক
ইলোৰা পাটনায়ক (ইংৰাজী: Ellora Patnaik; জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৬৮) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰীৰ লগতে এগৰাকী ওডিছী নৃত্যশিল্পী।
-
ইৰিনা এণ্টোনেংকো
ইৰিনা এণ্টো (এণ্টোনেংকো) (ইংৰাজী: Irina Anto (Antonenko); জন্ম: ১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল।
-
ইৰিনা ষ্টাৰচেনবাম
ইৰিনা ভ্লাদিমিৰোভনা ষ্টাৰচেনবাম (ইংৰাজী: Irina Vladimirovna Starshenbaum; জন্ম: ৩০ মাৰ্চ ১৯৯২) এগৰাকী ৰাছিয়ান অভিনেত্ৰী। টি-৩৪ (চলচ্চিত্ৰ)|টি-৩৪ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টিইএফআই (TEFI) বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত গ’ল্ডেন ইগল বঁটা (ৰাছিয়া)|গ’ল্ডেন ইগল…
-
উদয়া সৌন্দৰী
উদয়া সৌন্দৰী (জন্ম ২৮ এপ্ৰিল ১৯৮৮) এগৰাকী ছিংগাপুৰিয়ান নাৰী তথা ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু দূৰদৰ্শন উপস্থাপক। তেওঁ পৰন্ধু ছেলা ভা (২০১৬) আৰু এ ইয়েল্লো বৰ্ড (২০১৬) চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ প্ৰধানা বিজা মহোৎসৱত একেটা বছৰত তিনিটা বঁটা জয় কৰা প্ৰথম ছিংগাপুৰিয়ান ব্যক্তি।
-
উৰ্ফি জাভেড
উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।
-
এ ন্যেইন ফ্যু
এ ন্যেইন ফ্যু (ဧငြိမ်းဖြူ; জন্ম ২৪ এপ্ৰিল ১৯৯৬) এগৰাকী ম্যানমাৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নৃত্যশিল্পী হিচাপে নিজৰ বিনোদনজগতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৩ চনত চলচ্চিত্ৰ জগতত সফলতা লাভ কৰে।
-
এণ্টিছাৰ আল-হাম্মাদি
এণ্টিছাৰ আল-হাম্মাদি (আৰবী: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।
-
এনাবেলা ব্ৰাজ পাইৰেছ
এনাবেলা ব্ৰাজ পাইৰেছ (ইংৰাজী: Anabela Braz Pires; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী পৰ্তুগীজ গায়িকা আৰু মিউজিকেল থিয়েটাৰৰ অভিনেত্ৰী। পৰ্তুগালত তেওঁ তেওঁৰ প্ৰথম নাম এনাবেলা হিচাপেই অধিক পৰিচিত। সংগীত জগতত তেওঁৰ কেৰিয়াৰ কেইবাটাও দশক জুৰি বিয়পি আছে।
-
এনাষ্টাচিয়া ষ্টটস্কায়া
এনাষ্টাচিয়া আলেকজেণ্ড্ৰোভনা ষ্টটস্কায়া (Anastasia Aleksandrovna Stotskaya; জন্ম: ৮ অক্টোবৰ ১৯৮২) এগৰাকী ৰাছিয়ান পপ গায়িকা আৰু অভিনেত্ৰী।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
এমি মেডিগান
এমি মেৰী মেডিগান (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০) এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।
-
এলনাজ নৌৰুজি
এলনাজ নৌৰুজি ( Elnaaz Norouzi); জন্ম: ৯ জুলাই ১৯৯২) এগৰাকী ইৰানীমূলীয় জাৰ্মান অভিনেত্ৰী।
-
এলনাজ শ্বাকেৰদুস্ত
এলনাজ শ্বাকেৰদুস্ত (ফাৰ্চী: الناز شاکردوست; জন্ম ৭ জুলাই ১৯৮৪) এগৰাকী ইৰানী প্ৰাক্তন অভিনেত্ৰী। তেওঁ তেহৰাণ বিশ্ববিদ্যালয়ৰ স্থাপত্য অনুষদত অধ্যয়ন কৰাৰ লগতে থিয়েটাৰত অভিনয় জীৱন অব্যাহত ৰাখিছিল।
-
এলা বালিন্সকা
এলা বালিন্সকা (ইংৰাজী: Ella Balinska; জন্ম: ৪ অক্টোবৰ ১৯৯৬) এগৰাকী ইংৰাজ-আমেৰিকান অভিনেত্ৰী। তেওঁ একচন-কমেডী ছবি ‘চাৰ্লিছ এঞ্জেলছ’ (২০১৯) আৰু নেটফ্লিক্সৰ মূল ধাৰাবাহিক ‘ৰেচিডেণ্ট ইভিল’ (২০২২)-ত অভিনয় কৰিছিল।
-
এলিচিয়া বিকান্দৰ
এলিচিয়া আমাণ্ডা বিকান্দৰ (জন্ম ৩ অক্টোবৰ ১৯৮৮) এগৰাকী ছুইডেনৰ অভিনেত্ৰী। তেওঁৰ সাফল্যসমূহৰ ভিতৰত আছে এটা একাডেমী বঁটা আৰু এটা স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা, লগতে তিনিটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা আৰু দুটা গ'ল্ডেন গ্ল'ব বঁটা বাবে মনোনয়ন।
-
এলিছা কাথবাৰ্ট
এলিছা এন কাথবাৰ্ট (জন্ম: ৩০ নৱেম্বৰ, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত এক্সট্ৰা হিচাপে অভিনয় কৰিছিল আৰ ইউ এফ্ৰেইড অৱ দ্য ডাৰ্ক? অনুষ্ঠানত আৰু জনপ্ৰিয় মেকানিক্স ফৰ কিডছ অনুষ্ঠানৰ সহ-উপস্থাপক আছিল।
-
এলেছেন্দ্ৰা এমব্ৰোচিঅ’
এলেছেন্দ্ৰা কৰিন এমব্ৰোচিঅ’ (ইংৰাজী: Alessandra Ambrosio; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ব্ৰাজিলিয়ান মডেল। তেওঁ ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত আৰু কোম্পানীটোৰ 'পিংক' লাইনৰ প্ৰথমগৰাকী মুখপাত্ৰ মডেল হিচাপে নিৰ্বাচিত হৈছিল।
-
এহচাছ চান্না
এহচাছ চান্না( Ahsas Channa; জন্ম:- ৫ আগষ্ট ১৯৯৯) হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ বাস্তু শাস্ত্ৰ, কভি আলবিদা না কেহনা, মাই ফ্ৰেণ্ড গণেশ, ফুংক আদিত কাম কৰিছিল আৰু কিশোৰী অৱস্থাত তেওঁ, বিখ্যাত টিভি ধাৰাবাহিক ক্ৰাইম পেট্ৰল সতৰ্কত কাম কৰিছে।
-
ঐশ্বৰ্য নাগ
ঐশ্বৰ্য নাগ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে দক্ষিণ ভাৰতীয় ছবি, মূলতঃ কানাড়া চিনেমাত অভিনয় কৰিছে। মডেলিঙৰ পিছত তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে নীনে নীনে (২০০৮) ছবিত, তাৰ পিছত জলি ডেজ (২০০৯) আৰু কাল মাঞ্জা (২০১০) ছবিত।
-
ঐশ্বৰ্য সখুজা
ঐশ্বৰ্য সখুজা-নাগ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আছিল। ২০১০ চনৰ পৰা ২০১২ চনলৈকে চনী টিভিৰ শ্ব' ছাছ বীনা সসুৰালত ট'ষ্টীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
কনিজ চুৰকা
কনিজ চুৰকা (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় ভিত্তিক দক্ষিণ আফ্ৰিকান ইমপ্ৰভ শিল্পী, অভিনেত্ৰী, ধেমেলীয়া অভিনেতা আৰু এগৰাকী ইউটিউবাৰ। তেওঁ দ্য উইক দ্যাট ৱাজন'ট শ্বোৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিভিন্ন ষ্টেণ্ড আপ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে।
-
কাব্য শেট্টী
কাব্য শেট্টী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ কানাড়া ছবিত অভিনয় কৰে। ২০১৩ চনত শেট্টি কানাড়া ছবি নাম দুনিয়া নাম ষ্টাইলৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ইষ্টকাম্য (২০১৬), জুম (২০১৬), ছিলিকন চিটি (২০১৭) আৰু ব্ৰ' ডেডী (২০২২) ছবিৰে ব্যৱসায়িক সফলতা লাভ কৰে।