অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেজাৰ জেকবচন

কেজাৰ জেকৱচন (চিনাকি নাম: চাৰ্লি জেকৱচন) (জন্ম: ৮ নৱেম্বৰ ১৯৮৫) এগৰাকী কানাডিয়ান অভিনেত্ৰী, ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ প্ৰচাৰক আৰু এগৰাকী প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। আলবাৰ্টাৰ কেলগেৰীৰ নিবাসী জেকৱচন এগৰাকী অক্ষমতা, সমতা আৰু লিংগ অধিকাৰ কৰ্মী।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কেজাৰ জেকৱচন (চিনাকি নাম: চাৰ্লি জেকৱচন) ১ (জন্ম: ৮ নৱেম্বৰ ১৯৮৫) এগৰাকী কানাডিয়ান অভিনেত্ৰী, ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ প্ৰচাৰক আৰু এগৰাকী প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী।২৩ আলবাৰ্টাৰ কেলগেৰীৰ নিবাসী জেকৱচন এগৰাকী অক্ষমতা, সমতা আৰু লিংগ অধিকাৰ কৰ্মী।২৩৪৫৬ তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাতো সফলতা লাভ কৰিছে আৰু মিছ কানাডা গ্ল’ব খিতাপ অৰ্জন কৰিছে।৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

কেজাৰ জেকৱচনৰ জন্ম ১৯৮৫ চনত হৈছিল আৰু তেওঁ এখন ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।৯ কিশোৰ অৱস্থাতে তেওঁৰ শ্ৰৱণ শক্তিৰ গুৰুতৰ সমস্যা দেখা দিছিল আৰু ২০ বছৰ বয়সত তেওঁ সম্পূৰ্ণৰূপে বধিৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এটা কক্লিয়াৰ ইমপ্লাণ্ট গ্ৰহণ কৰিছিল।১০

জেকৱচন আলবাৰ্টাৰ ইৰিকানাত ডাঙৰ-দীঘল হৈছিল আৰু ২০০৪ চনত বেইচেকাৰ স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ এজন সৰু ভাই আছে যাৰ নাম জেমি "দ্য ক্ল" জেকৱচন। এক গাড়ী দুৰ্ঘটনাৰ বাবে তেওঁৰ আঙুলিবোৰ কেঁকোৰাৰ হাতোৰাৰ দৰে দেখা যোৱাৰ বাবে তেওঁ এই নামেৰে পৰিচিত।১১ তেওঁৰ মাতৃ হৈছে লেখিকা চেণ্ডি জেকৱচন।

কেৰিয়াৰ

কেজাৰে ২০০৮ চনত মডেলিং আৰু সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু ২০১২ চনত ইয়াৰ বসন্ত/গ্ৰীষ্মকালীন অভিযানৰ বাবে 'বেল্লিছিমা ষ্টাইল'ৰ মুখ্য মুখচ্ছবি হিচাপে নিৰ্বাচিত হয়।১২ তেওঁ মিছ ছান এণ্ড ছালছা, মিছ কেলগেৰী আৰু কানাডাৰ আটাইতকৈ আকৰ্ষণীয় ছোৱালী প্ৰতিযোগিতাত অংশ লৈছিল। ২০১১ চনত ব্যৰ্থ হোৱাৰ পিছত ২০১২ চনত তেওঁ মিছ ইউনিভাৰ্ছ কানাডাৰ দৰ্শকৰ পছন্দৰ শিতানত জয়ী হয় আৰু শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে।১৩১৪১৫ ২০১৩ চনত তেওঁ মিছ ব্ৰিটিছ কলম্বিয়া গ্ল’ব ২০১২/২০১৩ খিতাপ জয় কৰে।১৬ ইয়াৰ পিছত তেওঁ মিছ কানাডা গ্ল’ব ২০১৩ নিৰ্বাচিত হয়।৭ তেওঁ আলবেনিয়ালৈ গৈ মিছ গ্ল’ব প্ৰতিযোগিতাত অংশ লয় আৰু তাত তেওঁক "মিছ পিছ" উপাধি প্ৰদান কৰা হয়।১৭

জেকৱচন 'কিয়ানি' নামৰ প্ৰতিষ্ঠানটোৰ এগৰাকী সক্ৰিয় প্ৰতিনিধিও আছিল আৰু প্ৰতিষ্ঠানটোৰ জৰিয়তে বিএমডব্লিউ গাড়ী এখনৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল।১৮

অভিনয়ৰ ক্ষেত্ৰত জেকৱচনে এবিচিৰ ধাৰাবাহিক দ্য গুড ডক্টৰ, বোম্ব চিটি, টক টু দ্য হেণ্ডছ আৰু দ্য মাৰ্ডাৰছৰ লগতে এটা চুটি ছবি 'কেম উইথ কাফছ'ত অভিনয় কৰিছে।১৯

তেওঁ ৰাষ্ট্ৰীয় সংঘৰ গ্ল’ব চিষ্টেম ক’ম্পেক্ট কানাডাৰ এগৰাকী অক্ষমতা বিষয়ক কৰ্মী আৰু লিংগ সমতাৰ মুখপাত্ৰ হিচাপে কাম কৰিছে।২০ ২০১৭ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত তেওঁৰ অক্ষমতা সম্পৰ্কীয় সক্ৰিয়তাৰ বিষয়ে এক পেনেল আলোচনাত অংশ লৈছিল।২১ তেওঁ কানাডাৰ 'ছেইণ্ট এলিজাবেথ হোম হেল্থ কেয়াৰ এছিষ্টেণ্ট' পাঠ্যক্ৰমৰ এগৰাকী সফল বধিৰ স্নাতক আৰু ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ প্ৰতি তেওঁ প্ৰায়ে ইচ্ছা প্ৰকাশ কৰে।২২

ক’ভিড মহামাৰীৰ সময়ত ভ্যানকুভাৰৰ 'হিউমেন্স অৱ চাপোৰ্ট' নামৰ এক প্ৰবন্ধত নেষ্টাৰ্ছ গ্ৰোচাৰী ষ্ট’ৰ সম্পৰ্কে জেকৱচনক আলোকপাত কৰা হৈছিল।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ https://www.platinumtalentmgt.com/wordpress/date/2012/05/
  2. ↑ Staley, Erin. (2019). The Most Influential Female Activists. Rosen Publishing. পৃ. 72. ISBN 978-1508179634
  3. ↑ Sullivan, Sullivan. (December 21, 2017). Future Cities Need Technology That Understands All Humans. VICE
  4. ↑ Jacobson, Casar. (April 6, 2017). From where I stand: "Technology sees skills before gender and disability". UNWomen.org. United Nations
  5. ↑ (2017-03-07). IW's Day spotlights impact of changing world of work. United Nations Sustainable Development
  6. ↑ Begley, Sarah. Watch Live as the United Nations Celebrates International Women's Day. Time
  7. ↑ Berrington, Reg. (September 12, 2012). Katelynn Dow: pageant provides experience of a lifetime. 100 Mile House Free Press. Torstar. পৃ. 3
  8. ↑ Marion, Kelly. (October 13, 2013). Fancy hats and fashion with "Ladies Who Lunch". vancouverobserver.com. পৃ. 2
  9. ↑ 18
  10. ↑ 14 Deaf and Hard-of-Hearing People Who Changed the World. Ai-Media creating accessibility, one word at a time.
  11. ↑ Internet Posse Busts 'The Claw,' Canada's Dumbest Car Thief. Wired.com
  12. ↑ (12 March 2012). Bellissima Style and Fashion Blog: Bellissima: Casar Jacobson. bellissimafashions.blogspot.ca
  13. ↑ (May 18, 2012). Miss Universe Canada kicks off. Toronto Sun
  14. ↑ (May 17, 2012). Transgender beauty contestant takes spotlight from rivals. CBC News. CBC/Canadian Press
  15. ↑ (May 18, 2012). Reaction mixed to transgender contestant at Miss Universe Canada. The Chronicle Herald. SaltWire Network
  16. ↑ Miss Canada Globe. MissCanada.tv
  17. ↑ Miss Globe 2012. TheMissGlobe.com
  18. ↑ BMW / Lifestyle Qualified
  19. ↑ IMDB. IMDb
  20. ↑ Casar Jacobson. Global Compact Network Canada
  21. ↑ (9 March 2017). UN News. UN
  22. ↑ (2020-03-27). Hearing Loss Hero: Casar Jacobson. Hearing Associates of Las Vegas
  23. ↑ Photographers are sharing vivid accounts from frontline workers in an Instagram account called 'Humans of Support,' and it's showing others what life is like in essential services. Business Insider

সম্পৰ্কিত শ্ৰেণী

মানৱ অধিকাৰ কৰ্মীঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেজাৰ জেকবচন” প্ৰবন্ধৰ সংশোধন ৬৩৪৩০৮ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।