ৰেৱকান্ত মহন্ত (Reba Kanta Mohanta, জন্ম: ১৯ এপ্ৰিল ১৯৩৫) এগৰাকী ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী। অসমৰ মুখা শিল্প জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৪ চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।১২ ২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। ২০২৫ বৰ্ষৰ পদ্মশ্ৰী লাভ কৰে।৩
প্ৰাৰম্ভিক জীৱন
১৯৩৫ চনৰ ১৯ এপ্ৰিল তাৰিখে অসমৰ শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰত ৰেৱকান্ত মহন্তৰ জন্ম হৈছিল। সত্ৰীয় মুখা নিৰ্মাণৰ কলাৰ ওপৰত বিশেষ গুৰুত্ব দি তেওঁ নৱানন্দ মহন্ত সত্ৰাধিকাৰ তথা পিতৃৰ পৰা সত্ৰীয়া সংগীত, নৃত্য, খোল বাদন আৰু সঁজুলি নিৰ্মাণৰ জটিলতাসমূহ শিকিছিল। ১
কৰ্মজীৱন

ৰেৱকান্ত মহন্তয়ে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়, অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত মুখা নিৰ্মাণ কৰ্মশালা আৰু প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে তেওঁ কলিকতাৰ ভাৰতীয় সংগ্ৰহালয়, ৱাশ্বিংটন ডি.চি.ৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ দৰে সন্মানীয় সংগ্ৰহালয়ৰ দ্বাৰা প্ৰদৰ্শনৰ বাবে তেওঁৰ মুখা অধিগ্ৰহণ কৰা হৈছে। ২০০৩ চনৰ ভাৰতৰ গণৰাজ্য দিৱস পেৰেডত তেওঁৰ মুখায়ে অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। সেই বছৰ প্ৰতীকপটৰ মুখ্য বিষয় অসমৰ মুখা নিৰ্মাণ পৰম্পৰাৰ ওপৰত আধাৰিত আছিল।১
এজন দক্ষ মুখাশিল্পী হিচাপেও তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কলকাতা, নতুন দিল্লী, ত্ৰিবান্দ্ৰম আদি বিভিন্ন স্থানত অনুষ্ঠিত মুখাশিল্পৰ কৰ্মশালা আৰু প্ৰদৰ্শনীত মুখ্য প্ৰশিক্ষক আৰু সমল ব্যক্তিৰূপেও অংশ গ্ৰহণ কৰিছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৭০খন মুখা দান কৰাৰ উপৰি শিল্পী মহন্তই নিৰ্মাণ কৰা এখন নৰসিংহৰ বৰমুখা তেজপুৰ বিশ্ববিদ্যালয়ত, ৭০খন মুখা ইণ্ডিয়ান মিউজিয়াম অব কলকাতাত, পাঁচখন মুখা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত, সাতখন মুখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন নেশ্যনেল মিউজিয়ামত, দুখন মুখা অষ্ট্ৰেলিয়াৰ সংগ্ৰহালয়ত আৰু পাঁচখন মুখা ৰাছিয়া আৰু জাপানৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।৪
তেওঁ অসমৰ বিভিন্ন স্থানৰ লগতে কলকাতা, দিল্লী, বৃন্দাবন আদি ঠাইত বৰগীত, সত্ৰীয়া নৃত্য আৰু ভাওনা প্ৰদৰ্শন কৰি আহিছে।৫
বঁটা আৰু সন্মান
২০০৮ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা শিল্পগুৰু বঁটা লাভ কৰিছিল।১ মুখাশিল্পৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১৪ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।১ ২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। ২০২৫ বৰ্ষৰ পদ্মশ্ৰীও লাভ কৰে।৩
তথ্যসূত্ৰ
- ↑ Reba Kanta Mohanta. Sangeet Natak Akademi
- ↑ Akademi Awardee. Sangeet Natak Akademi
- ↑ পদ্ম বঁটা ২০২৫
- ↑ মুখাশিল্পী ৰেৱকান্ত মহন্ত, নৃত্য শিল্পী কুমাৰী লাই- তোনজমলৈ বিষ্ণু ৰাভা বঁটা. janambhumi.in
- ↑ ৰেৱকান্ত মহন্ত, কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা. assam.nenow.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱকান্ত মহন্ত” প্ৰবন্ধৰ সংশোধন ৪৬৫৯২৩ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।