এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৮৫৯ - বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইনৰ প্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।
জন্ম
- ১৬২২ - লাচিত বৰফুকন, আহোম সেনাপতি।
- ১৮৬৭ - ৰজনীকান্ত বৰদলৈ, ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
- ১৮৭১ - পদ্মনাথ গোহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
- ১৮৮৮ - ডেল কাৰ্নেগী, আমেৰিকান লেখক আৰু প্ৰবক্তা।
- ১৯৬১ - অৰুন্ধতী ৰায় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয়। অৰুন্ধতী ৰায় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)"ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
- ১৯৭৬ - অংগৰাগ মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৮৪ - নীনা গুপ্তা, ভাৰতীয় গণিতজ্ঞ।
- ১৯৯০ - প্ৰিঞ্চ নাৰুলা, ভাৰতীয় মডেল আৰু অভিনেতা।
- ২০০১ - অচিন্ত্য শিউলি, ভাৰতীয় ভাৰোত্তোলনকাৰী।
মৃত্যু
- ১৯৭৫ - গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
- ২০০৩ - টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
- ২০০৫ - যমুনা বৰুৱা, ভাৰতীয় অভিনেত্ৰী।
- ২০২০ - গীতা হাতীকাকতি, অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক।
- ২০২৫ চন - ধৰ্মেন্দ্ৰ, (৮৯ বছৰ বয়সত), ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ, লোকসভাৰ সদস্য (২০০৪–২০০৯), হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু।১
দিৱস
- লাচিত দিৱস (অসম)।
- বিৱৰ্তন দিৱস, (আন্তৰ্জাতিক)।
- শিক্ষক দিৱস (তুৰস্ক)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৬৬৪৮৪ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।