অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীনা গুপ্তা (গণিতজ্ঞ)

নীনা গুপ্তা (জন্ম:২৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বৰ্তমান কলকাতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰিসংখ্যা আৰু গণিত গোটৰ সহযোগী অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে পৰিৱৰ্তনীয় বীজগণিত আৰু ৰূপান্তৰিত বীজগণিতীয় জ্যামিতি।

হালনাগাদ: ১১ মে’ ২০২৫ ৭১০ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নীনা গুপ্তা (জন্ম:২৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বৰ্তমান কলিকতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰিসংখ্যা আৰু গণিত গোটৰ সহযোগী অধ্যাপক।১ তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে পৰিৱৰ্তনীয় বীজগণিত আৰু ৰূপান্তৰিত বীজগণিতীয় জ্যামিতি। ইয়াৰ আগতে তেওঁ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অনাবাসিক বিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অনাবাসিক ফেল' আছিল। ২০১৯ চনত তেওঁ গণিতশাস্ত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল।২ ৩৫ বছৰ বয়সত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা নীনা গুপ্তা কণিষ্ঠতম ব্যক্তি।

২০২১ বৰ্ষত নীনা গুপ্তাক উন্নয়নশীল দেশৰ যুৱ গণিতজ্ঞসকলৰ বাবে প্ৰৱৰ্তন কৰা ডিএছটি-আইচিটিপি-আইএমইউ ৰামানুজন বঁটা প্ৰদান কৰা হয়৷ এফাইন বীজগণিতীয় জ্যামিতি আৰু ক্ৰম বিনিমেয় বীজগণিতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতলৈ উক্ত স্বীকৃতি আগবঢ়োৱা হয়৷ ৩

জীৱনী

১৯৮৪ চনৰ ২৪ নৱেম্বৰ তাৰিখে নীনা গুপ্তাৰ জন্ম হৈছিল। তেওঁ ২০০৬ চনত পশ্চিমবংগৰ বেথুন কলেজৰ পৰা গণিত বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ দুবছৰ পিছত ২০০৮ চনত কলিকতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰা গণিতশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী এমমেথ লাভ কৰে।৪ পিছলৈ ইয়াৰে পৰা তেওঁ অধ্যাপক অমৰ্ত্য কুমাৰ দত্তৰ তত্বাৱধানত ২০১১ চনত বীজগণিতীয় জ্যামিতিৰ ওপৰত গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰে।৫ তেওঁৰ গৱেষণা থেছিছ খনৰ শিৰোনাম আছিল - "Some Results on Laurent Polynomial Fibrations and Quasi A* Algebras"৬ তেওঁ ২০০৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০১২ চনৰ ফেব্ৰুৱাৰী মাহলৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী গৱেষণা ফেল' আছিল। তাৰপিছত তেওঁ ২০১২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈ ইয়াত অনাবাসিক বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। একেবছৰৰ মে' মাহৰ পৰা ডিচেম্বৰলৈকে তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অনাবাসিক বিজ্ঞানী আছিল। তাৰপিছত তেওঁ ২০১২ চনৰ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ জুন মাহলৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, কলকাতাৰ ইন্সপায়ৰ ফেকাল্টি আছিল।৭ বৰ্তমান তেওঁ কলকাতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰিসংখ্যা আৰু গণিত গোটৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত অৱস্থাত আছে৮

তেওঁ গণিতৰ অন্যতম জটিল জাৰিস্কীৰ বিশেষ বাতিলকৰণ সমস্যাৰ ধণাত্মক বৈশিষ্ট্য ক্ষেত্ৰৰ বিপৰীত উদাহৰণ আগবঢ়োৱা বাবে ২০১৪ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিল।৯১০ ইয়াৰ লগতে তেওঁ ২০১৩ চনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ সন্থায়ে প্ৰদান কৰা প্ৰথম সৰস্বতী কৌশিক পদক লাভ কৰিছিল।১১

বঁটা আৰু সন্মান

গণিতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে উল্লেখযোগ্য সমূহ হ'ল:

  • গণিতশাস্ত্ৰৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ২০১৯
  • গণিতৰ বি.এম. বিৰলা বিজ্ঞান বঁটা, ২০১৭১২
  • স্বৰ্ণজয়ন্তী ফেল'শ্বিপ বঁটা, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰ, ২০১৫১৩
  • ভাৰতীয় গণিত সমাজৰ শ্ৰেষ্ঠ গৱেষণাৰ পত্ৰৰ প্ৰথম অধ্যাপক এ.কে. আগৰৱালা বঁটা, ২০১৪১৪
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী বঁটা, ২০১৪৯
  • মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ৰামানুজন বঁটা, ২০১৪১৫
  • ভাৰতীয় বিজ্ঞান একাডেমীৰ সহকাৰী, ২০১৩১৬
  • টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ সন্থায়ে প্ৰদান কৰা প্ৰথম সৰস্বতী কৌশিক পদক, ২০১৩১৭
  • ইন্সপায়ৰ ফেকাল্টি ফেল'শ্বিপ বঁটা, ২০১২৭
  • শ্যামা প্ৰসাদ মুখাৰ্জী ফেল'শ্বিপ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, ২০০৮

প্ৰকাশন

  • With S. Sen, Locally nilpotent derivations of double Danielewski Surfaces, Journal of Pure and Applied Algebra, 2019১৮
  • With S. Sen, On Double Danielewski Surfaces and the Cancellation Problem, Journal of Algebra, 2019১৯
  • With A. K. Dutta and Animesh Lahiri, On Separable A^2 and A^3 forms, Nagoya Journal of Mathematics, 2018২০
  • With Nikhilesh Dasgupta, Nice derivations over principal ideal domains, Journal of Pure and Applied Algebra, 2018২১
  • With T. Asanuma, On 2-stably isomorphic four dimensional affine domain, Journal of Commutative Algebra, 2018২২
  • With S.M. Bhatwadekar and S. Lokhande, Some K-theoretic properties of the kernel of a locally nilpotent derivation on k[X1, . . ., X4], Transactions of American Mathematical Society, 2017২৩
  • With A. K. Dutta, The Epimorphism Theorem and its generalisations, Journal of Algebra and Its Applications, (special issue in honour of Prof. Shreeram S. Abhyankar), 14(9) (2015) 15400101–30২৪
  • With S.M. Bhatwadekar, A Note on the Cancellation property of k[X, Y ], Journal of Algebra and Its Applications, (special issue in honour of Prof. Shreeram S. Abhyankar) 14(9) (2015)15400071–5২৫
  • A Survey on Zariski Cancellation Problem, Indian Journal of Pure and Applied Mathematics, December 2015২৬
  • On Faithfully Flat Fibrations by a Punctured Line, Journal of Algebra, October 2014২৭
  • On the family of affine threefolds x^m y= F(x, z, t), Compositio Mathematica, June 2014২৮
  • With Dhvanita R. Rao, On the non-injectivity of the Vaserstein symbol in dimension three, Journal of Algebra, February 2014২৯
  • On Zariski's Cancellation Problem in Positive Characteristic, Advances in Mathematics, September 2013৩০
  • On the cancellation problem for the affine space in characteristic p, Inventiones Mathematicae, 195 (2014), pp. 279–288৩১
  • With Amartya K. Dutta and Nobuharu Onoda, Some Patching Results on Algebras over Two-dimensional Factorial Domains, Journal of Pure and Applied Algebra, July 2012
  • With S.M. Bhatwadekar, The Structure of a Laurent Polynomial Fibration in n Variables, Journal of Algebra, March 2012
  • With S.M. Bhatwadekar, On Locally Quasi A ∗ Algebras in Codimension-one over a Noetherian Normal Domain, Journal of Pure and Applied Algebra, September 2011

তথ্যসূত্ৰ

  1. ↑ Scientific Workers. Indian Statistical Institute
  2. ↑ P, Jhimli Mukherjee; Sep 28, ey · TNN · Updated; 2019. Kolkata mathematician wins Bhatnagar award, youngest recipient till date · Kolkata News - Times of India. The Times of India
  3. ↑ www.deccanherald.com/national/mathematician-neen
  4. ↑ Alumnus Page. Bethune College
  5. ↑ Amartya Dutta Page. Mathematics Genealogy Project
  6. ↑ ISI Stat-Math Unit Annual Report 2011-12. ISI
  7. ↑ INSA 2012 INSPIRE Fellowships. INSA
  8. ↑ www.isical.ac.in/faculty.php?pagemode=search&
  9. ↑ (19 September 2015). Young Scientists Awards. INSA
  10. ↑ On the Zariski Cancellation Problem. Bar-Ilan University
  11. ↑ TIFR Endowment Fund Awards. TIFR
  12. ↑ ISI Awards and Honours. ISI
  13. ↑ DST SJF Awards 2014-15. DST
  14. ↑ IMS Newsletter. IMS
  15. ↑ ISI Awards and Honours. ISI
  16. ↑ IASc Associates. IASc
  17. ↑ TIFR School of Math News. TIFR
  18. ↑ Gupta, Neena; Sen, Sourav. (2019-08-26). Locally nilpotent derivations of double Danielewski surfaces. Journal of Pure and Applied Algebra. পৃ. 106208
  19. ↑ Gupta, Neena; Sen, Sourav. (2019-06-03). On Double Danielewski Surfaces and the Cancellation Problem. Journal of Algebra. পৃ. 25–43
  20. ↑ Lahiri, Animesh; Gupta, Neena; Dutta, Amartya Kumar. (undefined/ed). ON SEPARABLE $\mathbb{A}^{2}$ AND $\mathbb{A}^{3}$ -FORMS. Nagoya Mathematical Journal. পৃ. 1–9
  21. ↑ Dasgupta, Nikhilesh; Gupta, Neena. (2018). Nice derivations over principal ideal domains. Journal of Pure and Applied Algebra. পৃ. 4161–4172
  22. ↑ Gupta, Neena; Asanuma, Teruo. (April 2018). On $2$-stably isomorphic four-dimensional affine domains. Journal of Commutative Algebra. পৃ. 153–162
  23. ↑ Bhatwadekar, S.; Gupta, Neena; Lokhande, Swapnil. (2017). Some 𝐾-theoretic properties of the kernel of a locally nilpotent derivation on 𝑘(𝑋₁,…,𝑋₄). Transactions of the American Mathematical Society. পৃ. 341–363
  24. ↑ Dutta, Amartya K.; Gupta, Neena. (2015-01-07). The epimorphism theorem and its generalizations. Journal of Algebra and Its Applications. পৃ. 1540010
  25. ↑ Bhatwadekar, S. M.; Gupta, Neena. (2015-01-07). A note on the cancellation property of k(X, Y). Journal of Algebra and Its Applications. পৃ. 1540007
  26. ↑ Indian Journal of Pure and Applied Mathematics Volume 46 Extract. INSA
  27. ↑ Gupta, Neena. (2014-10-01). On faithfully flat fibrations by a punctured line. Journal of Algebra. পৃ. 13–34
  28. ↑ Gupta, Neena. (June 2014). On the family of affine threefolds $x^m y= F(x, z, t)$. Compositio Mathematica. পৃ. 979–998
  29. ↑ Rao, Dhvanita R.; Gupta, Neena. (2014-02-01). On the non-injectivity of the Vaserstein symbol in dimension three. Journal of Algebra. পৃ. 378–388
  30. ↑ Gupta, Neena. (2014-10-20). On Zariski's Cancellation Problem in positive characteristic. Advances in Mathematics. পৃ. 296–307
  31. ↑ Gupta, Neena. (2014-01-01). On the cancellation problem for the affine s pace $\mathbb{A}^{3}$ in characteristic p. Inventiones Mathematicae. পৃ. 279–288

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞশান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা গুপ্তা (গণিতজ্ঞ)” প্ৰবন্ধৰ সংশোধন ৫০৭৭৭৯ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।