অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিঞ্চ নাৰুলা

প্ৰিঞ্চ নাৰুলা (জন্ম: ২৪ নৱেম্বৰ, ১৯৯০) এজন ভাৰতীয় মডেল আৰু অভিনেতা। তেওঁ এমটিভি ৰ'ডীজ ১২ আৰু এণ্ডটিভিৰ বঢ়ো বহুত লাকীৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে জনাজাত। ২০১৫ চনত তেওঁ ৰিয়েলিটী শ্ব' বিগ্ ব'ছ ডাবল ট্ৰাবলত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি জয় লাভ কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰিঞ্চ নাৰুলা (জন্ম: ২৪ নৱেম্বৰ, ১৯৯০) এজন ভাৰতীয় মডেল আৰু অভিনেতা। তেওঁ এমটিভি ৰ'ডীজ ১২ আৰু এণ্ডটিভিৰ বঢ়ো বহুত লাকীৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে জনাজাত।১ ২০১৫ চনত তেওঁ ৰিয়েলিটী শ্ব' বিগ্ ব'ছ ডাবল ট্ৰাবলত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি জয় লাভ কৰে।২৩

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

নাৰুলা ভাৰতৰ চণ্ডিগড়ৰ বাসিন্দা। বিগ্ ব'ছ ৯ত তেওঁ যুৱিকা চৌধুৰীক লগ পায় আৰু ২০১৮ চনৰ ১২ অক্টোবৰত দুয়ো বিবাহপাশত আবদ্ধ হয়।৪৫

কৰ্মজীৱন

ৰ লগত নাৰুলা।]]

২০১৪ চনত নাৰুলাই পিটিচি পঞ্জাবীৰ মিষ্টাৰ পঞ্জাব নামৰ অনুষ্ঠান এটাত অংশগ্ৰহণ কৰে য'ত তেওঁ দ্বিতীয় ৰানাৰ আপৰূপে ঘোষিত হয়।৬ ২০১৫ চনত তেওঁ এমটিভি ইণ্ডিয়াৰ ৰ'ডীজ X2ত অংশগ্ৰহণ কৰি জয় লাভ কৰে।৭ তাৰ পাছত তেওঁ স্প্লিট্‌ছভিলা ৮ত অংশগ্ৰহণ কৰে য'ত তেওঁক বিজয়ী ঘোষণা কৰা হয়। ২০১৫ চনৰ অক্টোবৰ মাহত নাৰুলাই কালাৰ্ছ টিভিৰ বিগ্ ব'ছ ৯ত অংশগ্ৰহণ কৰে আৰু পুনৰ জয় লাভ কৰে।৮৯

২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তেওঁ এণ্ডটিভিৰ বঢ়ো বহুত লাখন "লাকী" সিং আহলাৱতৰ ভূমিকা গ্ৰহণ কৰে।১০ ২০১৬ চনৰ পৰাই নাৰুলাই এমটিভি ৰ'ডীজত তেওঁৰ দলক নেতৃত্ব প্ৰদান কৰি আহিছে।১১ ২০১৮ চনত তেওঁ লাল ইষ্কত আৰিয়ান আৰু কালাৰ্ছ টিভিৰ নাগিন ৩ত শ্বাহনাৱাজৰ ভূমিকা গ্ৰহণ কৰে।১২১৩

২০১৯ চনত নাৰুলাই জী ফাইভৰ ব'ম্বাৰ্ছত বালীৰ ৰূপত মুখ্য ভূমিকা গ্ৰহণ কৰে।১৪ তাৰ পাছত তেওঁ যুৱিকা চৌধুৰীৰ সৈতে ষ্টাৰপ্লাছৰ নাচ বলিয়ে ৯ত অংশগ্ৰহণ কৰে আৰু চতুৰ্থবাৰৰ বাবে ৰিয়েলিটী শ্ব'ত জয় লাভ কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ (5 August 2016). Prince Narula to make fiction TV debut as wrestler with Badho Bahu. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ Bigg Boss winners ‘Lost and Found’
  3. ↑ (10 October 2015). Bigg Boss 9: MTV Roadies 12's Prince Narula confirmed
  4. ↑ Prince Narula and Yuvika Chaudhary get married in a grand ceremony!. India Today
  5. ↑ Prince Narula and Yuvika Chaudhary get married in a grand ceremony!. India Today
  6. ↑ (12 December 2014). Harmanveer Singh declared first PTC Mr. Punjab. Yes Punjab
  7. ↑ Prince Narula wins 'MTV Roadies X2'. The Times of India
  8. ↑ (23 January 2016). Prince Narula becomes the ultimate winner of Bigg Boss 9!. DNA India
  9. ↑ (23 January 2016). Bigg Boss 9: Reality TV star Prince wins, to work on fiction shows now. Hindustan Times
  10. ↑ (5 August 2016). Prince Narula to make fiction TV debut as wrestler with Badho Bahu. The Indian Express
  11. ↑ (28 April 2019). Roadies Real Heroes preview: Prince Narula is contestants' favourite. The Indian Express
  12. ↑ Real-life couple Prince and Yuvika to romance on screen. The Times of India
  13. ↑ After Laal Ishq, Prince Narula all set to join Anita Hassanandani and Surbhi Jyoti's Naagin 3. India Today
  14. ↑ (22 June 2019). Ranvir Shorey: Bombers is a story of redemption. The Indian Express
  15. ↑ (4 November 2019). Nach Baliye 9: Prince Narula, Yuvika Chaudhary emerge winners, he jokes 'I don't think any show will approach me now'. hindustantimes.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিঞ্চ নাৰুলা” প্ৰবন্ধৰ সংশোধন ৩৮১৮৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।