টেগ বাহাদুৰ (১ এপ্ৰিল ১৬২১ - ২৪ নৱেম্বৰ ১৬৭৫)১২ আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃতসৰত তেওঁৰ জন্ম হয়। তেওঁ গুৰু হৰ গোবিন্দ চাহিবৰ একেবাৰে সৰুজন সন্তান আছিল। জীৱিত অৱস্থাত ১৬৬৫ ৰ পৰা ১৬৭৫ চনলৈ তেওঁক গুৰু বুলি সম্বোধন কৰা হয়। গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্নিবিষ্ট আছে।
ঔৰংগজেৱৰ আদেশত গুৰু টেগ বাহাদুৰক গৰিহনা দিয়াৰ বহু তথ্য আছে। শিখ ঐতিহ্যত কোৱা হৈছে যে গুৰুৱে কাশ্মীৰী পাণ্ডীতসকলৰ অধিকাৰৰ বাবে থিয় হৈছিল, তেওঁ সম্ৰাটৰ সৈতে তেওঁলোকৰ পক্ষত পৰামৰ্শ ল'বলৈ তেওঁৰ ওচৰলৈ আহে আৰু তেওঁক অলপতে আৰোপ কৰা জিজিয়া শুল্ক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই।৩ ইয়াৰ পিছতেই ৰজাৰ আদেশ নমনা আৰু ৰজাক প্ৰত্যাহ্বান জনোৱাৰ অপৰাধত ১৬৭৫ চনত দিল্লীত তেওঁক ৰাজহুৱা ভাৱে মৃত্যুদণ্ড দিয়া হয়।৪৫
তথ্যসূত্ৰ
- ↑ W. H. McLeod. (1984). Textual Sources for the Study of Sikhism. Manchester University Press. পৃ. 31–33. ISBN 9780719010637
- ↑ The Ninth Master Guru Tegh Bahadur (1621 - 1675). sikhs.org
- ↑ {cite book|author=Arvind-Pal Singh Mandair|title=Sikhism: A Guide for the Perplexed|url=https://books.google.com/books?id=vdhLAQAAQBAJ&pg=PA53|year=2013|publisher=Bloomsbury Academic|isbn=978-1-4411-0231-7|pages=53–54}, Quote: "The Guru's stance was a clear and unambiguous challenge, not to the sovereignty of the Mughal state, but to the state's policy of not recognizing the sovereign existence of Indians, their traditions and ways of life"
- ↑ Religions - Sikhism: Guru Tegh Bahadur. BBC
- ↑ Pashaura Singh; Louis E. Fenech. (2014). The Oxford Handbook of Sikh Studies. Oxford University Press. পৃ. 236–238. ISBN 978-0-19-969930-8; Fenech, Louis E. (2001). Martyrdom and the Execution of Guru Arjan in Early Sikh Sources. Journal of the American Oriental Society. American Oriental Society. পৃ. 20–31; Fenech, Louis E. (1997). Martyrdom and the Sikh Tradition. Journal of the American Oriental Society. American Oriental Society. পৃ. 623–642; McLeod, Hew. (1999). Sikhs and Muslims in the Punjab. South Asia: Journal of South Asian Studies. Taylor & Francis. পৃ. 155–165
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰু টেগ বাহাদুৰ” প্ৰবন্ধৰ সংশোধন ৬২৪২৮৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।