১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰ
১৫ প্ৰবন্ধ
-
সেন্দূৰ (চলচ্চিত্ৰ)
সেন্দূৰ (Sendur) ১৯৮৪ চনত মুক্তি পোৱা প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত, পুলক গগৈ পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাৱে। ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল।
-
সোণ মইনা (চলচ্চিত্ৰ)
সোণ মইনা (Son Moina) ১৯৮৫ত মুক্তি পোৱা এখন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে। আৰ বি প্ৰডাকচন্সৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাটৰ আধাৰত ৰচনা কৰা হৈছে।
-
জীৱন সুৰভি
জীৱন সুৰভি (Jeewan Suravee) ১৯৮৪ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। এইখন প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। এক সপেৰা এক লুটেৰা (১৯৬৫),আগ (১৯৬৭),টাংগেৱালা (১৯৭২),দো জাচুচ (১৯৭৫),গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী চলচ্চিত্ৰৰ পৰিচালক নৰেশ কুমাৰে এই ছবিখন পৰিচালনা কৰিছিল।
-
দেৱী (চলচ্চিত্ৰ)
দেৱী (Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। পৰিচালকদ্বয়ে দেৱীৰ যোগেদি প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে। প্ৰযোজনা আৰ এন ফিল্মছৰ।
-
নয়নমণি
নয়নমণি (Nayanmoni) ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি।
-
শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি
শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা।
-
ঘৰে বাইৰে
ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।
-
সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ)
সোহনী মহিৱাল (Sohni Mahiwal; सोनी महिवाल) একে নামৰ পাঞ্জাবী লোক ট্ৰেজেডীৰ আধাৰত, ১৯৮৪ চনত নিৰ্মিত এখন ইণ্ডো-ৰুছী ঐতিহাসিক ৰোমাঞ্চ নাট্যধৰ্মী ছবি। পৰিচালক উমেশ মেহৰা আৰু লতিফ ফাইজিয়েভ (ৰাছিয়া)। প্ৰযোজনা কৰিছে এফ চি মেহৰাই। গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছানি দেউল, পুনম ধীলন আৰু জীনত আমানে।
-
উৎসৱ (চলচ্চিত্ৰ)
উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
-
কমলা (১৯৮৪ চলচ্চিত্ৰ)
কমলা (Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে। বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
-
গিদ্ধ
গিদ্ধ (Giddh; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে। দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।
-
দামুল
দামুল ( Damul ) ১৯৮৫ চনত মুক্তি পোৱা, প্ৰকাশ ঝা পৰিচালিত এখন হি্ন্দী চলচ্চিত্ৰ। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শৈৱাল ৰচিত কালসূত্ৰ শীৰ্ষক গল্পৰ আধাৰত ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল। ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনু কাপুৰ, শ্ৰীলা মজুমদাৰ, মনোহৰ সিংহ, দীপ্তি নাভাল, ৰঞ্জন কামাথ আৰু প্যাৰে মোহনে।
-
মায়া মিৰিগ
মায়া মিৰিগ (Maya Miriga) ১৯৮৪ চনৰ নিৰদ মহাপাত্ৰৰ পৰিচালনাত নিৰ্মিত এখন ওডিয়া ছবি। ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰে।
-
লাল দৰ্জা
লাল দৰ্জা (Lal Darja) ১৯৯৭ চনত মুক্তি পোৱা এখন বঙালী ৰূপকাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ। বুদ্ধদেৱ দাসগুপ্তই ৰচনা আৰু পৰিচালনা কৰা লাল দৰ্জাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
লেক চলালি সাসাৰলা
লেক চলালি সাসাৰলা (Lek Chalali Sasarla) (অনুবাদঃ কন্যা পিতৃগৃহলৈ গ'ল) ১৯৮৪ চনত এন এছ বৈদ্যৰ প্ৰথম পৰিচালনাত নিৰ্মিত ভাৰতীয় মাৰাঠী ভাষাৰ নাটকীয় ছবি ৷ ছবিখনৰ প্ৰযোজক অন্নচাহেব দেউলগাঁওকাৰে এন জি কৰ্মকাৰৰ সৈতে সহযোগী চিত্ৰনাট্য আৰু সংলাপ লিখিছিল।