শৈলধৰ বৰুৱা (ডিচেম্বৰ ১৯৪১ – ১০ জানুৱাৰী ২০১০) এগৰাকী বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।১২ তেওঁ অসমীয়া চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। তেওঁ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ সৈতে কেইখনমান শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ যেনে হালধীয়া চৰায়ে বাওধান খায় আৰু সাগৰলৈ বহু দূৰ নিৰ্মাণ কৰিছিল।৩ তেওঁলোকৰ যুটীয়ে নিৰ্মাণ কৰা চলচ্চিত্ৰ সমূহে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪১ চনৰ ডিচেম্বৰ মাহত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ উত্তৰ গুৱাহাটীত শৈলধৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পদ্মধৰ বৰুৱা আৰু মাতৃ মাকণৰেখা বৰুৱা।২ তেওঁৰ তিনিগৰাকী ভাতৃ আৰু এগৰাকী ভণ্টি আছিল। তেওঁ গুৱাহাটীত অৱস্থিত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
তেওঁ পৰিচালক জাহ্নু বৰুৱাৰ কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। এই ছবি সমূহে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে আদি কৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০৫ চনত দূৰদৰ্শনৰ বাবে শ্ৰুতিমধুৰ নামৰ ধাৰাবাহিক এখন নিৰ্মাণ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণৰ বাহিৰে তেওঁ এগৰাকী খেলুৱৈ আৰু সাংস্কৃতিক কৰ্মী আছিল। তেওঁ বন্ধুবৰ্গৰ সৈতে এক সামাজিক-সংস্কৃতিক ক্লাব কৃষ্টি বিকাশ সংঘ প্ৰতিষ্ঠা কৰিছিল। তেওঁ অসম গণসংযোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। পিছলৈ এই প্ৰতিষ্ঠানৰ সঞ্চালক পদবী লাভ কৰিছিল।২
মৃত্যু
২০১০ চনৰ ১ জানুৱাৰী তাৰিখে তেওঁক গুৱাহাটীস্থিত ইণ্টাৰনেছনেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। তেওঁ ডায়েবেটিচ আৰু হৃদ ৰোগত ভুগিছিল। ১০ জানুৱাৰী তাৰিখে দিনৰ ২ বাজি ৩০ মিনিটত তেওঁৰ মৃত্যু হয়।২ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল।৩ তেওঁৰ নশ্বৰদেহ তেওঁৰ পাণবজাৰস্থিত কাৰ্যালয় বৰুৱা মেডিকজ, অসম গণসংযোগ আৰু গৱেষণা প্ৰতিষ্ঠান আৰু ৰবীন্দ্ৰ ভৱনলৈ গুণমুগ্ধ সকলৰ অন্তিম শ্ৰদ্ধা জ্ঞাপনৰ বাবে নিয়া হৈছিল। ২০১০ চনৰ ১১ জানুৱাৰী তাৰিখে নৱগ্ৰহ শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন হৈছিল।৩
চলচ্চিত্ৰ তালিকা
- পাপৰি, ১৯৮৬
- হালধীয়া চৰায়ে বাওধান খায়, ১৯৮৮
- ''ফিৰিঙতি, ১৯৯১
- সাগৰলৈ বহু দূৰ, ১৯৯৫
- কুশল, ১৯৯৮
- পখী, ২০০০
- কণিকাৰ ৰামধেনু, ২০০৩
- তৰা, ২০০৪
তথ্যসূত্ৰ
- ↑ Portrait of an Idealist
- ↑ (12 Jan 2010). Assamese film producer Sailadhar Baruah passes away. Merinews
- ↑ Staff reporter. (12 Jan 2010). CM condoles death of Sailadhar Baruah. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈলধৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮২৯৬৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।