অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

শালস্তম্ভ

শালস্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ প্ৰথম জন ৰজা৷ তেওঁৰ ৰাজত্বকাল ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৭৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷ কামৰূপত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ম্লেছসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু তেওঁলোকৰ দলপতি শালস্তম্ভই ৰাজসিংহাসন দখল কৰে৷

হালনাগাদ: ১৩ আগষ্ট ২০১৯ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

শালস্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ প্ৰথম জন ৰজা৷ তেওঁৰ ৰাজত্বকাল ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৭৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷১ কামৰূপত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ম্লেছসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু তেওঁলোকৰ দলপতি শালস্তম্ভই ৰাজসিংহাসন দখল কৰে৷১

উল্লেখযোগ্য কাম

শালস্তম্ভই নালন্দাকে ধৰি উত্তৰ বংগৰ পৰা পশ্চিমলৈ মগধলৈকে ৰাজত্ব কৰিছিল৷ তেওঁৰ ৰাজত্বকালত কামৰূপৰ পশ্চিম সীমান্তৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টা লৈছিল বুলি জনা যায়৷

তথ্যসূত্ৰ

  1. ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা

সম্পৰ্কিত শ্ৰেণী

শালস্তম্ভ ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালস্তম্ভ” প্ৰবন্ধৰ সংশোধন ২০১৮১৯ (১৩ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।