অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বনমাল

বনমাল অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ সপ্তম জন ৰজা৷ তেওঁৰ পিতৃ হৰ্জৰবৰ্মনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে ৰাজ্যশাসনৰ ভাৰ লয়৷ তেওঁ ৮৩৫ খ্ৰীষ্টাব্দৰ পৰা অনুমানিক ৮৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷

হালনাগাদ: ২২ আগষ্ট ২০১৯ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

বনমাল অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ সপ্তম জন ৰজা৷ তেওঁৰ পিতৃ হৰ্জৰবৰ্মনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে ৰাজ্যশাসনৰ ভাৰ লয়৷ তেওঁ ৮৩৫ খ্ৰীষ্টাব্দৰ পৰা অনুমানিক ৮৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷১

উল্লেখযোগ্য কাম

বনমালৰ শাসনকালত ৰাজ্যত শান্তি প্ৰতিষ্ঠা হয়৷ তেওঁ ৰাজধানী হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰ) ত এশাৰী প্ৰাসাদ, মন্দিৰ আদি নিৰ্মাণ কৰে৷ এই সময়ছোৱাত তেওঁ শালস্তম্ভৰ ৰাজ্য সম্প্ৰসাৰণৰ প্ৰচেষ্টাও হাতত লৈছিল৷১ বনমালে পুত্ৰ জয়মালক সিংহাসন প্ৰদান কৰি ধৰ্মীয় প্ৰভাৱৰ বাবে উপবাস খাটি মৃত্যুবৰণ কৰে বুলি জনা যায়৷১

তথ্যসূত্ৰ

  1. ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬২

সম্পৰ্কিত শ্ৰেণী

শালস্তম্ভ ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনমাল” প্ৰবন্ধৰ সংশোধন ২০২৫৮০ (২২ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।