হৰ্ষদেৱ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ তৃতীয় জন ৰজা৷১ তেওঁ ৭২৫ খ্ৰীষ্টাব্দৰ পৰা ৭৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷
উল্লেখযোগ্য কাম
হৰ্ষদেৱে তেওঁৰ ৰাজত্ব কালত আনুমানিক ৭৪৮ খ্ৰীষ্টাব্দত ৰাজ্যবিস্তাৰৰ কাম হাতত লৈছিল বুলি জনা যায়৷ তেওঁ ৰাজত্বকালত গৌড়, ওড্ৰ, কলিংগ, কোশল আদি ৰাজ্য অধিকাৰ কৰিছিল৷ অষ্টম শতিকাৰ মাজভাগত তেওঁৰ ৰাজত্ব পূবে শদিয়াৰ পৰা পশ্চিমে অযোধ্যালৈ, উত্তৰে হিমালয়ৰ পৰা দক্ষিণ-পশ্চিমে উৰিষ্যাক সামৰি বংগোপসাগৰলৈকে বিস্তৃত আছিল বুলি জনা যায়৷১
তথ্যসূত্ৰ
- ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৫৮-৫৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ষদেৱ” প্ৰবন্ধৰ সংশোধন ২২৫৭৫৭ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।