বলবৰ্মন (তৃতীয়) আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ এজন ৰজা৷ পিতৃ জয়মালৰ মৃত্যুৰ পিছত তেওঁ সিংহাসন লাভ কৰে৷ তেওঁৰ ৰাজত্বকাল ৮৮০ খ্ৰীষ্টাব্দৰ পৰা ৯০৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷১
উল্লেখযোগ্য কাম
বলবৰ্মনে তেওঁৰ ৰাজত্বকালত ’মহাৰাজ ধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক’ নামৰ ৰাজকীয় উপাধি গ্ৰহণ কৰে৷ তেওঁ উত্তৰ বংগ জয় কৰি নিজৰ শাসনৰ অধীনলৈ আনে বুলি জনা যায়৷১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলবৰ্মন (তৃতীয়)” প্ৰবন্ধৰ সংশোধন ২০১৫৮৬ (৭ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।