হৰ্জৰবৰ্মন অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ পঞ্চম জন ৰজা৷১ তেওঁৰ পিতৃ প্ৰালম্ভ আৰু মাতৃ জীৱদা বা জীয়দা৷ তেওঁ ৮২০ খ্ৰীষ্টাব্দৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷১
উল্লেখযোগ্য কাম
হৰ্জৰ বৰ্মন এগৰাকী পৰোপকাৰী আৰু দানশীল ৰজা আছিল বুলি জনা যায়৷ তেওঁ ৰাজত্বকালত দাতিকাষৰীয়া সৰু ৰাজ্যসমূহ অধিকাৰ কৰি ’মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমৰ’ উপাধি লৈছিল৷ হৰ্জৰ বৰ্মনৰ সময়ৰ পৰা হাৰুপ্পেশ্বৰ (বৰ্তমানৰ তেজপুৰ) শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী হয়৷ এই ৰাজধানী নগৰ পূবে বামুনি পাহাৰৰ পৰা পশ্চিমে দ-পৰ্বতীয়ালৈকে বিস্তৃত আছিল৷১
হৰ্জৰ বৰ্মনে তেওঁৰ শাসন কালতে এটা বৃহৎ আকাৰৰ পুখুৰী খন্দাইছিল যিটো বৰ্তমান হৰ্জৰা পুখুৰী বুলি জনা যায়৷১
তথ্যসূত্ৰ
- ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্জৰবৰ্মন” প্ৰবন্ধৰ সংশোধন ২০২৫২০ (২১ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।