অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ভগদত্ত

ভগদত্ত (Bhagadatta) নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। ভগদত্তৰ জীয়েক ভানুমতী আৰু ময়ুৰীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্টদ্যুম্নৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৩ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভগদত্ত (Bhagadatta) নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে।

ভগদত্তৰ জীয়েক ভানুমতী আৰু ময়ুৰীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্টদ্যুম্নৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল।১ তেওঁ চীন আৰু কিৰাত সৈন্য সহ আৰু বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ পিঠিৰ পৰা ৰণ কৰিছিল।১ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ “বৈষ্ণৱাস্ত্ৰ” নিক্ষেপ কৰিছিল।২ কিন্তু কৃষ্ণই সময় মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰী কৃষ্ণৰ কথা মতে, অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূ পটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।১৩৪

তথ্য সংগ্ৰহ

  • চৌধুৰী, ভূপেন্দ্ৰ নাথ. (১৯৯৫). সোণৰ অসম: ৰামায়ণ-মহাভাৰতৰ সময়ৰ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কথা. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল

তথ্যসূত্ৰ

  1. ↑ চৌধুৰী ১৯৯৫, পৃ. ১২
  2. ↑ Menon, Ramesh (2006) The Mahabharata: A Modern Rendering iUniverse, Inc., New York, page 231-232, ISBN 978-0-595-40187-1
  3. ↑ Bhagadatta - King of Pragjyotisha - Indian Mythology
  4. ↑ The Mahābhārata, Book 6: Bhishma Parva: Bhagavat-Gita Parva: Section LXIV

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগদত্ত” প্ৰবন্ধৰ সংশোধন ৩৮৮৫৪৭ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।