২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
১১ প্ৰবন্ধ
-
সূৰ্যাস্ত (চলচ্চিত্ৰ)
সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৭ মে' ২০১৩ তাৰিখে মুক্তি পোৱা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব। পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।
-
ৰণাংগন
ৰণাংগন (Rananggan) হৈছে ২০১৩ চনৰ ১৯ এপ্ৰিলত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ইয়াত অভিনয় কৰিছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন বৰা, প্ৰতুল ডেকা আদিয়ে।
-
তুমি যদি কোৱা
তুমি যদি কোৱা (Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন,…
-
তোমাৰ খবৰ
তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে। সংগীত পৰিচালনা মৃণাল কান্তিৰ।
-
দুৱাৰ (চলচ্চিত্ৰ)
দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে।
-
মনে মোৰ কইনা বিচাৰে
মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।
-
মহাসমৰ (চলচ্চিত্ৰ)
মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বাবে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। অকতৃত্বশীল ভাৱে গছ-গছনি কটাৰ বিৰূদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ ছবিখন নিৰ্মান কৰা বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে।
-
লোকেল কুং ফু
লোকেল কুংফু (Local Kung Fu) হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধ'টেকাৰৰ।
-
দুৰ্জন (চলচ্চিত্ৰ)
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
-
লুইতক ভেটিব কোনে
লুইতক ভেটিব কোনে (Luitok Bhetibo Kune) ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। 'বিস্তীৰ্ণ ফিল্মছ'ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।
-
ভাল পাব নাজানিলো
ভাল পাব নাজানিলো (Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ।