অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গোৱালপাৰীয়া উপভাষা

গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপাৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপাৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া। গোৱালপাৰীয়া ভাষা অঞ্চলৰ পশ্চিমত উত্তৰ বংগীয় উপভাষা অঞ্চল আৰু ইয়াৰ আশে-পাশে তিব্বত-বৰ্মী ভাষাৰ সম্প্ৰদায় আছে। বিভিন্ন আঞ্চলিক ভাষাৰ শব্দ সংমিশ্ৰণ গোৱালপাৰীয়া উপভাষাৰ অন্যতম বৈশিষ্ট্য।১২ এই ভাষা কোৱা মানুহৰ আনুমানিক সংখ্যা প্ৰায় ২০ লাখ।৩

গোৱালপাৰীয়া লোকগীতৰ বিখ্যাত শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেয়ে গোৱালপাৰীয়া ভাষাক ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি দিছিল।

ইতিহাস

গঙ্গা নদীৰ উত্তৰ ফালৰ অঞ্চল সমূহত পূব মগধী প্ৰাকৃত ভাষাৰ পৰা ৰাঢ়ী,ৱাৰেন্দ্ৰী, কামৰূপী আৰু বংগ ভাষাৰ উৎপত্তি হৈছিল। কামৰূপ অঞ্চলত প্ৰচলিত ভাৰতীয়-আৰ্য ঠাঁলৰ কামৰূপী ভাষাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপাৰীয়া আদি ভাষা আৰু উত্তৰ বংগৰ কোচ ৰাজবংশী ভাষাৰ উৎপত্তি হৈছিল।

শ্ৰেণীবিভাজন

গোৱালপাৰীয়া উপভাষাক তিনিটা গোটত শ্ৰেণী বিভাজন কৰা হয়। এই তিনিটা হ'ল;

  1. পূৰ্বীয়,
  2. মধ্যমীয়া, আৰু
  3. পশ্চিমীয়া।৪

অসমৰ ভাষাবিদ সকলে এই তিনিটা উপভাষাক অসমীয়া ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে। কিন্তু বাংলা ভাষাবিদ চেটাৰ্জীয়ে (১৯২৬) পশ্চিম গোৱালপাৰীয়া উপভাষাক উত্তৰ বংগৰ উপভাষা সমূহৰ লগত আৰু বাকী দুটা গোটক কামতাপুৰী ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে।

বীৰেন্দ্ৰনাথ দত্তয়ে গোৱালপাৰীয়া উপভাষাক তিনিটা মুখ্য ভাগত বিভক্ত কৰিছে। পূব গোৱালপাৰীয়াক অভয়াপুৰী আৰু গোৱালপাৰা চহৰত প্ৰচলিত আৰু কৃষ্ণাই, দুধনৈ, ধূপধৰা অঞ্চলৰ ভাষা হিচাপে দুটা শাখাত ভাগ কৰিছে। স্থানীয়ভাৱে এই অঞ্চলৰ ভাষাসমূহক হাব্ৰাঘাটীয়া, বাউসীয়া, নামদানীয়া আৰু বাৰাহাজাৰী হিচাপে জনা যায়।৫ পশ্চিম গোৱালপাৰীয়াক গৌৰীপুৰ অঞ্চল (স্থানীয়ভাৱে ঘূল্লীয়া) আৰু শালকোচা অঞ্চলৰ আশে-পাশে প্ৰচলিত ভাষা এই দুই শাখাত ভাগ কৰিছে। শালকোচাৰ ভাষাক তেওঁ মধ্যমীয়া গোৱালপাৰীয়া হিচাপে উল্লেখ কৰিছে।৬

গোৱালপাৰা অঞ্চল

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অংশত গোৱালপাৰা অঞ্চলত গোৱালপাৰীয়া উপভাষা প্ৰচলিত। প্ৰাচীন কালত এই অঞ্চল কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কামৰূপ ৰাজ্যৰ ৰত্নপীঠত গোৱালপাৰা অঞ্চল আছিল।৭ পিছলৈ এই অঞ্চল কমতা ৰাজ্য আৰু তাৰপিছত কোচ হাজোৰ অন্তৰ্ভুক্ত আছিল। ৰজা ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণৰ ৰাজত্বকালত গোৱালপাৰা অঞ্চল ১৫৮১ চনৰ পৰা ১৬১৫ চনলৈ মোগলৰ অধীন আছিল। ১৮শ শতিকাত ব্ৰিটিছ সকলে এই অঞ্চল বংগৰ পৰা দিৱানী হিচাপে লাভ কৰিছিল আৰু ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত এই অঞ্চল ঔপনিবেশিক অসমৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান এই অঞ্চল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত।

গোৱালপাৰীয়া লোকগীত

গোৱালপাৰীয়া লোকগীত অসমৰ প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপাৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপাৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপাৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিকভাৱে গোৱালপাৰীয়া লোকগীতৰ এলবাম মুক্তি দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Legacy, to cherish & preserve, by Nikhilesh Barua (2005), The Telegraph, India
  2. ↑ Asom Abhidhan, Banalata, S. K. Baruah (2002), Guwahati, Assam
  3. ↑ Saikia, Arunabh. ‘We don’t want to be identified on the basis of our religion,’ say Assam’s indigenous Desi Muslims. Scroll.in
  4. ↑ Dutta 2003, পৃ. 103–104
  5. ↑ Dutta 1995, পৃ. 285
  6. ↑ Dutta 1995, পৃ. 289
  7. ↑ Birendranatha Datta (1995), Folk Culture of the Goalpara Region, p.p. 5-7

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিউপভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱালপাৰীয়া উপভাষা” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৬৬ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।