অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰী (हाग्रामा मोहिलारी ) ওৰফে হাগ্ৰামা বসুমতাৰী বড়োলেণ্ড এলেকা পৰিষদ (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল)ৰ প্ৰাপ্তন মূখ্য কাৰ্যবাহী সদস্য। পূৰ্বতে তেওঁ বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ (সংক্ষেপে: BLTF)ৰ সেনাধ্যক্ষ আছিল।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৫৪৩ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হাগ্ৰামা মহিলাৰী (हाग्रामा मोहिलारी ) ওৰফে হাগ্ৰামা বসুমতাৰী বড়োলেণ্ড এলেকা পৰিষদ (বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ)ৰ প্ৰাপ্তন মূখ্য কাৰ্যবাহী সদস্য। পূৰ্বতে তেওঁ বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ (সংক্ষেপে: BLTF)ৰ সেনাধ্যক্ষ আছিল। ২০০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে ২৬৪১ জন কেডাৰৰ আত্মসমৰ্পণৰ জৰিয়তে নিষ্পত্তিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ লগতে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ দ্বাৰা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(BTC) গঠন হৈছিল।১ বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হিচাপে হাগ্ৰামা মহিলাৰী নিৰ্বাচিত হৈছিল। বিটিচিত ১২ জন কাৰ্যবাহী সদস্য আছিল। মহিলাৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ অধ্যক্ষ

কেৰিয়াৰ

ইতিহাস

২০০৩ চনত মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰাৰ আগতে মহিলাৰী বড়ো লিবাৰেচন টাইগাৰ(বিএলটি)ৰ প্ৰধান আছিল।২ মহিলাৰীয়ে ২০০৫ চনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট গঠন কৰে আৰু ইয়াৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয়।৩

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল

মহিলাৰীয়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বড়ো সকলৰ এক দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰিছিল।৪ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) হৈছে অসমৰ বিটিএডিত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ ব্যৱস্থাত যোগ দিয়া এক নতুন নাম।৫প্ৰথম মুখ্য কাৰ্যবাহী সদস্য হিচাপে বিটিচিৰ দায়িত্ব লোৱাৰ পিছতে, মহিলাৰীয়ে বিটিচি এলেকাত শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ বাবে কাম কৰিছিল।৬ ২০১০ চনত মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (বিপিএফ) বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ৩১ খন আসনত জয়লাভ কৰিছিল।৭তেওঁ কৈছিল যে "এই বিজয়ৰ বাবে মই জনসাধাৰণক অভিনন্দন জনাইছো। আমাৰ বিজয়ে আমাৰ প্ৰতি মানুহৰ সমৰ্থন প্ৰমাণ কৰিছে। আমি অঞ্চলটোৰ উন্নয়নৰ বাবে ভাল কাম কৰি যাম।"৮

অসম বিধানসভা নিৰ্বাচন

তেওঁৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ২০১৬ চনত অনুষ্ঠিত অসম বিধান সভাৰ ১৩ খন প্ৰতিদ্বন্দিতাৰ আসনৰ ভিতৰত ১২ খন আসন লাভ কৰিছিল।৯ ইতিহাস ২০০৩ চনত মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰাৰ আগতে মহিলাৰী বড়ো লিবাৰেচন টাইগাৰ(বিএলটি)ৰ প্ৰধান আছিল। মহিলাৰীয়ে ২০০৫ চনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট গঠন কৰে আৰু ইয়াৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয়।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল

মহিলাৰীয়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বড়ো সকলৰ এক দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰিছিল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) হৈছে অসমৰ বিটিএডিত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ ব্যৱস্থাত যোগ দিয়া এক নতুন নাম।প্ৰথম মুখ্য কাৰ্যবাহী সদস্য হিচাপে বিটিচিৰ দায়িত্ব লোৱাৰ পিছতে, মহিলাৰীয়ে বিটিচি এলেকাত শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ বাবে কাম কৰিছিল। ২০১০ চনত মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (বিপিএফ) বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ৩১ খন আসনত জয়লাভ কৰিছিল। তেওঁ কৈছিল যে "এই বিজয়ৰ বাবে মই জনসাধাৰণক অভিনন্দন জনাইছো। আমাৰ বিজয়ে আমাৰ প্ৰতি মানুহৰ সমৰ্থন প্ৰমাণ কৰিছে। আমি অঞ্চলটোৰ উন্নয়নৰ বাবে ভাল কাম কৰি যাম"।

বিটিচিৰ উন্নয়ন

কৃষি খণ্ড

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে, মহিলাৰীয়ে কৃষি খণ্ডৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী পৰিকল্পনা কৰিছিল। ২০০৬ চনৰ জানুৱাৰীত বিটিচিৰ চাৰিখন জিলাৰ ১০ জন বিষয়াক আধুনিক প্ৰযুক্তিৰ প্ৰশিক্ষণৰ বাবে বেংগালুৰুৰ ভাৰতীয় উদ্যানপালন গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিছিল।১০

ঔদ্যোগিক খণ্ড

বিটিচিৰ উদ্যোগত ১২টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৬টা হস্ততাঁত উৎপাদন কেন্দ্ৰ নিৰ্মাণ হৈছিল। ২০০৮ চনত অসমৰ বিটিচিৰ কোকৰাঝাৰত পঞ্জীভুক্ত মুখ্য কাৰ্যালয়ৰ সৈতে সমবায় ভিত্তিত বিএইচইউ (Bodoland Association of Handloom Unit) পুনৰ সংগঠিত কৰি Bodoland Regional Apex Weavers ann Artisans Cooperative Federation Ltd. (BRAWFED) গঠন কৰা হৈছিল।১১ শিক্ষা ২০১৯ চনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১২বি স্থিতিৰ বিশ্ববিদ্যালয় হিচাপে মনোনীত কৰা হৈছিল৷ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে বড়োলেণ্ড বিশ্ববিদ্যালয়ক "১২ বি"ৰ মৰ্যাদা প্ৰদান কৰাটো বিটিএডি আৰু সমগ্ৰ নামনি অসমৰ লোকসকলৰ দীৰ্ঘদিনীয়া সপোন দিঠক হোৱাৰ প্ৰতিফলন। বড়োলেণ্ড বিশ্ববিদ্যালয় বিটিচি আৰু সমগ্ৰ নামনি অসম জিলাৰ একমাত্ৰ বিশ্ববিদ্যালয় বুলি উল্লেখ কৰি মহিলাৰীয়ে অন্যান্য উন্নয়ন আৰু বৌদ্ধিক কাৰ্যকলাপৰ উপৰিও বিশ্ববিদ্যালয়খনে মানৱ সম্পদ বিকাশৰ পথ প্ৰশস্ত কৰিব বুলি দৃঢ়তাৰে ব্যক্ত কৰে।১২

বড়ো ভাষাৰ বিকাশ

অনুচ্ছেদ ৩৪৪(১) আৰু ৩৫১ অনুসৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত দেৱনাগৰী লিপি লিপিত বড়ো ভাষা অন্তৰ্ভুক্ত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Memorandum Of Settlement
  2. ↑ (7 February 2020). Mohilary plea to lift all NDFB cases. The Telegraph
  3. ↑ Lansford, Tom. (2012). Political Handbook of the World 2012. 2012. ISBN 978-1-60871-995-2
  4. ↑ The Tribune, Chandigarh, India - Nation. Tribune
  5. ↑ Memorandum of Settlement on Bodoland Territorial Council (BTC). www.satp.org
  6. ↑ (5 September 2011). Mohilary bats for quality education in BTC region. The Times of India
  7. ↑ (23 April 2010). BPF sweeps BTC polls. Hindustan Times
  8. ↑ (14 April 2010). BPF sweeps BTC polls. Hindustan Times
  9. ↑ Assam Assembly (Vidhan Sabha) Election Results 2016, MLAs List. www.elections.in
  10. ↑ Basumatary, Japungsar. BTC and its Role in the Economic Development of the BTAD
  11. ↑ Welcome to BRAWFED Official Website - Bodoland Regional Apex Weavers & Artisans Cooperative Federation Ltd. - BRAWFED. www.brawfed.in
  12. ↑ (14 April 2010). Bodoland University (BU) celebrates 12B status at Kokrajhar. Sentinel Assam
  13. ↑ Memorandum of Settlement on Bodoland Territorial Council (BTC). www.satp.org

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তিবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাগ্ৰামা মহিলাৰী” প্ৰবন্ধৰ সংশোধন ৬২৯৬৮৮ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।