বিশ্ব বেংক হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে।১ বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুনৰ্নিৰ্মাণ আৰু উন্নয়ন বেংক বা চমুকৈ আই.বি.আৰ.ডি. আৰু ইণ্টাৰনেচনেল ডেভেলপমেণ্ট এছ’চিয়েচন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা বা চমুকৈ আই.ডি.এ.। বিশ্ব বেংক ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাসমূহৰ অন্তৰ্গত বিশ্ব বেংক গোটৰ ভিতৰুৱা প্ৰতিষ্ঠান।
বিশ্ব বেংকৰ আনুষ্ঠানিক লক্ষ্য হৈছে দৰিদ্ৰতা নিৰ্মূলকৰণ। প্ৰতিষ্ঠানটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টৰ মতে ইয়াৰ সকলো সিদ্ধান্ত বৈদেশিক বিনিময় আৰু আন্তৰ্জাতিক বেহা-বেপাৰৰ অগ্ৰগতি আৰু মূলধন বিনিয়োগৰ পক্ষত হ’ব লাগিব।২৩
ইতিহাস

১৯৪৪ চনত ব্ৰেটন ৱুডছ কনফাৰেঞ্চত অন্য তিনিটা প্ৰতিষ্ঠানৰ (আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিকে ধৰি) লগতে বিশ্ব বেংকৰ স্থাপনা কৰা হয়।৪ এই কনফাৰেঞ্চত বহুকেইখন দেশে যোগদান কৰিছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যই প্ৰভাৱশালী পক্ষ হিচাপে আলোচনাত আধিপত্য বিস্তাৰ কৰে। ৫
ত থকা বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ভৱন]]
১৯৬৯ চনৰ আগলৈকে বিশ্ব বেংকে তুলনামূলকভাৱে কম পৰিমাণৰ ঋণ প্ৰদান কৰিছিল আৰু ঋণৰ আবেদনকাৰী দেশে বেংকৰ কঠোৰ চৰ্ত্ত মানি চলিব লাগিছিল।৫ বিশ্ব বেংকৰ পৰা ঋণ লাভ কৰা প্ৰথম দেশ আছিল ফ্ৰাঞ্চ। দেশখনে ২৫০,০০০,০০০ আমেৰিকান ডলাৰৰ ঋণ লাভ কৰিছিল।৬ ১৯৬৮ ৰ পৰা ১৯৮০ চনলৈ বেংকটোৱে তৃতীয় বিশ্বৰ দেশসমূহৰ লোকসকলৰ প্ৰাথমিক প্ৰয়োজনসমূহ পূৰ কৰাত গুৰুত্ব আৰোপ কৰে। আন্তঃগাঁঠনিৰ বাহিৰেও সামাজিক সেৱা তথা অন্যান্য ক্ষেত্ৰলৈ ঋণ প্ৰদান কৰাৰ ফলত বেংকৰ ঋণ আৰু ইয়াৰ গ্ৰহণকাৰীৰ পৰিমাণ বৃদ্ধি পায়।৭ বেংকৰ উন্নয়ন নীতিৰ বাবে পাৰিপাৰ্শ্বিক দিশত হোৱা ক্ষয়-ক্ষতিৰ বাবে প্ৰতিষ্ঠানটো সমালোচিত হয় আৰু সেয়ে ১৯৮৯ চনৰ পৰা ই পাৰিপাৰ্শ্বিক গোট তথা বেচৰকাৰী সংস্থাসমূহলৈকো ঋণ প্ৰদান কৰিবলৈ লয়। ৫ ২০১২ চনত প্ৰথমবাৰৰ বাবে দুজন অনা-আমেৰিকান লোক বিশ্ব বেংকৰ সভাপতি পদৰ বাবে মনোনীত হয়।৮ ২০১২ চনৰ ২৭ এপ্ৰিলত জিম য়ং কিম সভাপতি নিৰ্বাচিত হয়।
তথ্যসূত্ৰ
- ↑ (14 October 2008). About Us. World Bank
- ↑ Articles of Agreement: as amended effective 16 February 1989
- ↑ (29 June 2011). About Us. World Bank
- ↑ The New York Times, 2015 March 17, "France, Germany and Italy Say They’ll Join China-Led Bank," www.nytimes.com/2015/03/18/business/france-germa
- ↑ Goldman, Michael. (2005). Imperial Nature: The World Bank and Struggles for Social Justice in the Age of Globalization. Yale University Press. ISBN 978-0-30-011974-9
- ↑ Bird, Kai. (1992). The Chairman: John J. McCloy, the Making of the American Establishment. Simon & Schuster. ISBN 978-0-67-145415-9
- ↑ World Bank. World Bank Historical Chronology: 1970-1979. World Bank Group
- ↑ Office of the Press Secretary. (23 March 2012). President Obama Announces U.S. Nomination of Dr. Jim Yong Kim to Lead World Bank. The White House
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব বেংক” প্ৰবন্ধৰ সংশোধন ৬৩১২৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।