অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে।

হালনাগাদ: ১১ জুন ২০২০ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সহায় আৰু পৰামৰ্শমতে শাসনকাৰ্য পৰিচালনা কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শ আৰু সাহায্যমতে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য।

ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধায়ক, লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। কিন্তু এই নিৰ্বাচনৰ ক্ষেত্ৰত সকলো বিধায়ক আৰু নিৰ্বাচিত সাংসদসকলৰ ভোটৰ মূল্য বেলেগ বেলেগ হয়।১

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত বিধায়কসকলৰ ভোটৰ মূল্য তলত দিয়া ধৰণে নিৰ্ণয় কৰা হয়:১

ৰাজ্যৰ মুঠ জনসংখ্যা / (মুঠ বিধায়ক × ১০০)

স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

নিৰ্বাচননিৰ্বাচনৰ তাৰিখবিজয়ীগৃহ ৰাজ্যমুখ্য প্ৰতিদ্বন্দ্ব্বীমুঠ ভোট লাভশতাংশ
১ম২ মে' ১৯৫২ৰাজেন্দ্ৰ প্ৰসাদবিহাৰকে টি শ্বাহ৫,০৭,৪০০৮৩.৮১%
২য়৬ মে' ১৯৫৭ৰাজেন্দ্ৰ প্ৰসাদবিহাৰচৌধুৰী হৰি ৰাম৪,৫৯,৬৯৮৯৮.৯৯%
৩য়৭ মে' ১৯৬২সৰ্বপল্লী ৰাধাকৃষ্ণণতামিলনাডুচৌধুৰী হৰি ৰাম৫,৫৩,০৬৭৯৮.২৫%
৪ৰ্থ৬ মে' ১৯৬৭জাকিৰ হুছেইনঅন্ধ্ৰপ্ৰদেশকে চুব্বাৰাও৪,৭১,২৪৪৫৬.২৩%
৫ম১৬ আগষ্ট ১৯৬৯বৰাহগিৰি ভেংকট গিৰিওড়িশানীলম সঞ্জীৱ ৰেড্ডী৪,২০,০৭৭৫০.৯%
৬ষ্ঠ১৭ আগষ্ট ১৯৭৪ফখৰুদ্দিন আলি আহমেদঅসমত্ৰিদিৱ চৌধুৰী৭,৫৪,১১৩৭৯.৯%
৭ম৬ আগষ্ট ১৯৭৭নীলম সঞ্জীৱ ৰেড্ডীঅন্ধ্ৰপ্ৰদেশবিনা প্ৰতিদ্বন্দ্ব্বিতাৰে বিজয়ী
৮ম১২ জুলাই ১৯৮২জেইল সিংপঞ্জাবহংসৰাজ খান্না৭,৫৪,১১৩৭২.৭৩%
৯ম১৬ জুলাই ১৯৮৭আৰ ভেঙ্কটৰমনতামিলনাডুভি আৰ কৃষ্ণ আয়াৰ৭,৪০,১৪৮৭২.২৯%
১০ম১৬ জুলাই ১৯৯২শঙ্কৰ দয়াল শৰ্মামধ্য প্ৰদেশজৰ্জ গিলবাৰ্ট শ্ৱেল৬,৭৫,৮৬৪৬৫.৮৬%
১১দশ১৭ জুলাই ১৯৯৭কে আৰ নাৰায়ণনকেৰালাটি এন শেষাণ৯,৫৬,২৯০৯০.৯৭%
১২দশ১৫ জুলাই ২০০২এ পি জে আব্দুল কালামতামিলনাডুলক্ষ্মী চেহগল৯,২২,৮৮৪৮৯.৬%
১৩দশ১৯ জুলাই ২০০৭প্ৰতিভা পাটিলমহাৰাষ্ট্ৰভৈৰোসিং চেখাৱট৬,৩৮,১১৬৬৫.৮%
১৪দশ১৯ জুলাই ২০১২প্ৰণব মুখাৰ্জীপশ্চিমবংগপি এ চাংমা৭,১৩,৭৬৩৬৯.৩%
১৫দশ১৭ জুলাই ২০১৭ৰাম নাথ কোৱিন্দউত্তৰ প্ৰদেশমীৰা কুমাৰ৭,০২,০৪৪৬৫.৬৫%

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ এম. আব্দুল মজিদ খান. (নৱেম্বৰ, ২০০২). ভাৰতৰ ৰাষ্ট্ৰপতিসকল (ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা ড॰ কালামলৈ). বনলতা, ডিব্ৰুগড়. পৃ. ৫, ৬, ৭, ৮

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰপতিভাৰতৰ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ২৩৭৭০৭ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।