অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দ বৰমুদৈ

আনন্দ বৰমুদৈ (Ananda Barmudoi) হৈছে এগৰাকী অসমীয়া লেখক, সমালোচক, অধ্যাপক, সম্পাদক৷ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যত বৰমুদৈয়ে বহুকেইখন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভাষা-সাহিত্য, সমালোচনা সাহিত্য, তত্ত্ব বিষয়ক বহুকেইখন…

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৫১৫ শব্দ · ৩ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

আনন্দ বৰমুদৈ (Ananda Barmudoi) হৈছে এগৰাকী অসমীয়া লেখক, সমালোচক, অধ্যাপক, সম্পাদক৷১ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যত বৰমুদৈয়ে বহুকেইখন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভাষা-সাহিত্য, সমালোচনা সাহিত্য, তত্ত্ব বিষয়ক বহুকেইখন গ্ৰন্থ লিখিছে আৰু সম্পাদনা কৰিছে৷২ তেওঁ পয়েট্ৰী উইডাউট ফীয়াৰ নামৰ দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনীখনৰ আৰম্ভণিৰেপৰা মুখ্য সম্পাদকৰ দায়িত্বত আছে।৩

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হয় ১৯৪৯ চনৰ ২৭ আগষ্টত, দৰং জিলাৰ কোঠাইচুক গাঁৱত৷ পিতৃৰ নাম ৰতিৰাম বৰমুদৈ আৰু মাতৃৰ নাম প্ৰমিলা বৰমুদৈ৷ ১৯৭৫ চনত পূৰবী বৰমুদৈৰ সৈতে তেখেতৰ বিবাহ হয়৷ তেখেতৰ পত্নী অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক।

শিক্ষা

তেখেতে ১৯৬৬ চনত শোণিতপুৰ জিলাৰ গহপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ দৰং কলেজৰপৰা ১৯৭০ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেখেতে এম. ফিল (১৯৮৭) আৰু পিএইচ.ডি.(১৯৯৩) ডিগ্ৰী গ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা৷ ডক্টৰেট ডিগ্ৰীৰ বিষয় আছিল "জৰ্জ বাৰ্ণাৰ্ড শ্ব’ আৰু ট্ৰেজিক নাটক"৷

চাকৰি জীৱন

তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (জে.বি. কলেজ)ত অধ্যাপক হিচাপে চাকৰি জীৱনৰ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰপৰাই ২০১৩ চনত অৱসৰ গ্ৰহণ কৰে৷৪

সাহিত্যৰাজি

প্ৰকাশিত গ্ৰন্থ

  • সমাজ, সাহিত্য, সমালোচনা, এচিক পাব্লিকেশ্যনছ, ১৯৯৫
  • আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ, অসম সাহিত্য সভা, ১৯৯৮
  • সাহিত্যত মতবাদ, অসম সাহিত্য সভা, ২০০০
  • অসমীয়া সমালোচনা সাহিত্যৰ চমু বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, ২০০৮
  • আধুনিকতাৰপৰা উত্তৰ আধুনিকতালৈ, বনলতা, ২০১০
  • অসমীয়া কবিতাঃ আধুনিকতাৰপৰা উত্তৰ আধুনিকতালৈ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০১১
  • অসমীয়া কবিতাৰ সমালোচনা, অসম সাহিত্য সভা, ২০১২
  • সাহিত্য সমালোচনাঃ প্ৰসংগ আৰু অসমীয়া সাহিত্য, অসম পাব্লিচিং কোম্পানী, ২০১৩
  • যুগনায়ক শঙ্কৰদেৱঃ সংগ্ৰহণ আৰু আত্মীকৰণ,অসম পাব্লিচিং কোম্পানী, ২০১৪
  • চন্দ্ৰকুমাৰ আগৰৱালা,ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০১৬
  • নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা,অসম পাব্লিচিং কোম্পানী, ২০১৭
  • Ganesh Chandra Gogoi, Makers of Indian Litersture, সাহিত্য অকাডেমী,২০১৮
  • সাহিত্যতত্ত্ব আৰু সমালোচনা, বনলতা, ২০২৩
  • Mahendra Bora, Makers of Indian Literature,সাহিত্য অকাডেমী,২০২৩
  • সাহিত্য সমালোচনাতত্ত্বৰ চমু পৰিচয়, বনলতা, ২০২৩
  • ট্ৰেজেডি নাটক, অসম পাবলিশিং কোম্পানী, ২০২৩
  • আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০২৩

অসমীয়ালৈ অনূদিত গ্ৰন্থ

  • বংকিমচন্দ্ৰ, নিউ দিল্লী, ১৯৯৯
  • ধুমুহা, অসম সাহিত্য সভা, ২০০০
  • ৰবীন্দ্ৰনাথ, বুক ট্ৰাষ্ট ইণ্ডিয়া, ২০০৬

ইংৰাজীলৈ অনূদিত গ্ৰন্থ

  • Santanukulanandan (পূৰৱী বৰমুদৈৰ ‘শান্তনুকুলনন্দন’ গন্থৰ অনুবাদ), সাহিত্য অকাডেমী, ২০১৪
  • Life of Anandaram Dhakial Phukan (পোনা মহন্তৰ সৈতে যুতীয়াভাৱে), অসম প্ৰকাশন পৰিষদ, ২০০৭
  • You and Me on a Journey to Light (চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘তোৰে মোৰে আলোকৰে যাত্ৰা’), ২০০৩
  • Man anywhere is a Man (তপন বৰুৱাৰ কবিতাৰ অনুবাদ), ২০০৮
  • A Friend's Letter and Other poems of Intikabur Rahman,অসম পাব্লিশ্বিং কোম্পানী, ২০১৪
  • Agniprova is Going On (সত্যজিৎ গগৈৰ কবিতাৰ অনুবাদ), অসম পাব্লিশ্বিং কোম্পানী, ২০১৫
  • An Abandoned Horsecart (সত্যজিৎ গগৈৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪
  • The Owl Sight (প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪
  • The Sky Over the Window (কল্যাণ ভূঞাৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪
  • Copper Coloured Sky (শ্বৰীফা খাতুন চৌধুৰীৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪
  • The Heavenly Sky (ফৰিদা আহমেদৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪
  • The Ancient Bark (প্ৰণৱী গগৈৰ কবিতাৰ অনুবাদ), পয়েট্ৰী উইডাউট ফীয়াৰ, ২০২৪

সম্পাদিত গ্ৰন্থ

  • সপ্তদশকৰ কণ্ঠস্বৰঃ উত্তৰ স্বাধীনতা যুগৰ শ্ৰেষ্ঠ অসমীয়া কবিতা, নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়া, ২০০৮
  • কাব্যকোষ, অসম সাহিত্য সভা, ২০১২
  • চাহ-কোষ, অসম সাহিত্য কোষ,২০১৩
  • মহেন্দ্ৰ বৰা ৰচনাৱলী, প্ৰথম খণ্ড, বনলতা, ২০১৬
  • পৰ্বান্তৰৰ পদ্য, অসম পাব্লিশ্বিং কোম্পানী, ২০২০

বঁটা আৰু সন্মান

  • বেণু চিৰিং বঁটা
  • ভৰত চন্দ্ৰ বৰুৱা বঁটা
  • প্ৰথম তীৰ্থনাথ শৰ্মা নিৰ্মলা দেৱী বঁটা
  • সাঁকো জ্ঞানৰত্ন বঁটা-২০২২
  • এনাজৰী জীৱন জোৰা সাধনা বঁটা, ২০২৩
  • অসম সাহিত্য সভাৰ তৰফৰপৰা ‘সাহিত্যাচাৰ্য’ সন্মান লাভ, ২੦২৫৫

তথ্যসূত্ৰ

  1. ↑ (15 September 2010). Prof Ananda Bormudoi conferred Dambaru Kakoti Memorial Award. Assamtribune
  2. ↑ indianreview.in
  3. ↑ poetrywithoutfear.com/editorial-board-poetry-wit
  4. ↑ www.dujes.co.in
  5. ↑ aamarasom.com/detail-news/12447

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ বৰমুদৈ” প্ৰবন্ধৰ সংশোধন ৪৭৯০৯০ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।