অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পয়েট্ৰী উইডাউট ফীয়েৰ

পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী। ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।

হালনাগাদ: ২২ জুন ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী।১ ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।২ অসমীয়া কবিতা আৰু সামগ্ৰিকভাৱে কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে এই আলোচনীখন প্ৰকাশ কৰা হৈছে৷ আলোচনীখনত অসমীয়া কবিতাৰ ইংৰাজী অনুবাদত সৰ্বাধিক গুৰুত্ব দিয়া হয়৷ লগতে কবিতা বিষয়ক প্ৰবন্ধ, সাক্ষাৎকাৰ, কবিতা-সংকলনৰ সমীক্ষা আৰু কবিতা বিষয়ক সমালোচনা আদি প্ৰকাশ কৰা হয়৷ আলোচনীখনৰ মুখ্য সম্পাদক আনন্দ বৰমুদৈ আৰু যুটীয়া সম্পাদক ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতী (প্ৰতিষ্ঠাপক) আৰু কল্যাণ ভূঞা৷৩

ইতিহাস

২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে সাহিত্যিক নগেন শইকীয়াই গুগ’ল মীটৰ জৰিয়তে এই আলোচনীখনৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে৷৪ অসমীয়া কাব্য সাহিত্যক অনুবাদৰ জৰিয়তে বহল পাঠক সমাজ এখনৰ মাজলৈ নিয়াৰ লগতে অসমীয়া ভাষাৰ কবিসকলৰ বাবে কাব্যচৰ্চাৰ ভয়-ভীতিহীন ক্ষেত্ৰ এখন প্ৰস্তুত কৰাটোৱেই আলোচনীখনৰ লক্ষ্য আৰু প্ৰকাশৰ প্ৰধান উদ্দেশ্য৷৫৬

তথ্যসূত্ৰ

  1. ↑ ৱেবচাইট-poetrywithoutfear.com/about-pwf
  2. ↑ অসম আদিত্য, ২ মে’, ২০২২, পৃষ্ঠা-৮
  3. ↑ The Assam Tribune, 21 Novembar, 2022
  4. ↑ অসমীয়া খবৰ, ১১ মে’, ২০২২, পৃষ্ঠা-৪
  5. ↑ অসম আদিত্য, ২৯ এ্ৰপ্ৰিল, ২০২২, পৃষ্ঠা-৬
  6. ↑ দৈনিক জনমভূমি, ২৮ এপ্ৰিল, ২০২২, পৃষ্ঠা-৭

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅনলাইন আলোচনীঅসমীয়া আলোচনীইংৰাজী আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পয়েট্ৰী উইডাউট ফীয়েৰ” প্ৰবন্ধৰ সংশোধন ৫১৯৯৯০ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।