মানেকা সঞ্জয় গান্ধী (Maneka Sanjay Gandhi) (মেনাকা বুলিও উচ্চাৰিত; বিবাহোত্তৰ উপাধি-আনন্দ) (জন্ম- ২৬ আগষ্ট ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, জন্তুৰ অধিকাৰকৰ্মী আৰু এগৰাকী পৰিৱেশবিদ৷ তেখেত লোক সভা আৰু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা৷ ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ তেখেত পত্নী আছিল৷ মানেকা গান্ধীয়ে চাৰিখন চৰকাৰৰ লগত বিভিন্ন দপ্তৰত এগৰাকী মন্ত্ৰীৰ দায়িত্ব পালন কৰিছে৷ শেহতীয়াকৈ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে তেখেতে নৰেন্দ্ৰ মোদী চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল৷ গান্ধীয়ে বহুকেইগৰাকী ব্যক্তিক সামাজিক উদ্যোগৰ দিশে উৎসাহিত কৰিছে৷ উদাহৰণস্বৰূপে, TreeAndHumanKnot (মানুহ আৰু বৃক্ষৰ বান্ধোন) (২০২০, আগষ্ট)ৰ জৰিয়তে সমগ্ৰ ভাৰতজুৰি দম্পতীসকলৰ দ্বাৰা ফলৰ গছ ৰোপনৰ এক আন্দোলনৰ সূচনা হৈছিল৷
মানেকা গান্ধীয়ে জীৱ কল্যান আৰু শব্দতত্ত্বৰ বিষয়ত একাধিক গ্ৰন্থ লিখি উলিয়াইছে৷
ব্যক্তিগত জীৱন
দিল্লী, ভাৰতৰ এটি শিখ পৰিয়ালত; ১৯৫৬ চনৰ ২৬ আগষ্ট তাৰিখে মানেকা আনন্দৰ জন্ম হৈছিল৷ তেখেতৰ পিতৃ আছিল ভাৰতীয় স্থলসেনাৰ এগৰাকী বিষয়া লেফটেণ্টেণ্ট কৰ্ণেল টাৰ্লোচন সিং আনন্দ আৰু মাতৃ আছিল অমতেশ্বৰ আনন্দ৷ অমতেশ্বৰ আনন্দ আছিল ছাৰ ডাতাৰ সিঙৰ কন্যা৷ সানাৱৰত থকা দ্য লৰেন্স স্কুলতে মানেকা গান্ধীয়ে শিক্ষা লাভ কৰে৷ ১ পৰৱৰ্তী সময়ত তেখেতে লেডি শ্ৰী ৰাম কলেজ ফৰ ৱমেনত শিক্ষিত হয়৷২৩ নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পৰ্যায়ক্ৰমে মানেকা গান্ধীয়ে জাৰ্মান ভাষা শিকে৷ ৪
১৯৭৩ চনত খুড়ায়েক মেজৰ জেনেৰেল কাপুৰে নিজৰ পুত্ৰৰ আগন্তুক বিবাহৰ অৰ্থে প্ৰদান কৰা এটা ককটেইল পাৰ্টীত মানেকা গান্ধীয়ে সঞ্জয় গান্ধীৰ সাক্ষাৎ লাভ কৰে৷ ইয়াৰ পিছৰ বছৰটোতেই, অৰ্থাৎ ১৯৭৪ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে মানেকা গান্ধী আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ বিবাহ সম্পন্ন হয়৷ ৫
১৯৭৫-৭৭ চনৰ জৰুৰীকালিন অৱস্থাৰ সময়তে সঞ্জয় গান্ধীৰ এগৰাকী ৰাজনীতিবিদ হিচাপে উত্থান আৰম্ভ হয়৷ সঞ্জয় গান্ধীৰ ভ্ৰমণ আৰু প্ৰচাৰসভাবোৰত প্ৰায়েই মানেকা গান্ধীক সহায়কৰ্তা হিচাপে দেখিবলৈ পোৱা গৈছিল৷ প্ৰায়ে কোৱা হয় যে, জৰুৰীকালিন অৱস্থাৰ সময়ছোৱাত চৰকাৰখন ইন্দিৰা গান্ধীৰ কাৰ্যালয়ৰ (Prime Minister's Office) পৰিৱৰ্তে ইন্দিৰা গান্ধীৰ ঘৰখনেহে (Prime Minister House) চলাইছিল৷ ৬৭৮
মানেকা গান্ধীয়ে সূৰ্য (Surya) নামৰ সংবাদ-আলোচনীখন প্ৰকাশ কৰি উলিয়াইছিল, যিখনে ১৯৭৭ চনত পৰাজয়বৰণ কৰা পৰৱৰ্তী সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰচাৰ-প্ৰসাৰত সহায়ক হৈছিল৷
১৯৮০ চনত মানেকা গান্ধীৰ এটি পুত্ৰ সন্তান হয়৷ পিতৃৰ পিতৃৰ নাম অনুসৰি ল'ৰাটোৰ নাম ফিৰোজ ৰখা হয়৷ আনহাতে শাহুৱেকে নাম ৰাখে 'বৰুণ'৷ মানেকা গান্ধীৰ তেইশ বছৰ বয়সতে স্বামী সঞ্জয় গান্ধীৰ এক উৰাজাহাজৰ দুৰ্ঘটনাত মৃত্যু হয়৷ সেইসময়ত পুত্ৰ বৰুণৰ বয়স আছিল এশ দিন৷৯
কৰ্মজীৱন
ৰ সৈতে মানেকা গান্ধী আৰু বৰুণ গান্ধী]]
সঞ্জয়ৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধীৰ লগত মানেকা গান্ধীৰ সম্পৰ্ক দিনক দিনে বেয়া হ'বলৈ ধৰে৷ ইন্দিৰা গান্ধীৰ লগত বাঢ়ি অহা এই অস্বস্তিদায়ক সম্পৰ্কৰ পৰিণতি হিচাপে ১, ছফডৰজঙ ৰোডত থকা প্ৰধান মন্ত্ৰীৰ বাসগৃহৰ পৰা বলপূৰ্বকভাৱে মানেকা গান্ধীক উলিয়াই দিয়া হয়৷ ৩ মানেকা গান্ধীয়ে আকবৰ আহমেদৰ লগত ৰাষ্ট্ৰীয় সঞ্জয় মঞ্চ প্ৰতিষ্ঠা কৰে৷ এই দলটোৱে প্ৰধানকৈ যুৱ সৱলীকৰণ আৰু নিযুক্তিক গুৰুত্ব দিছিল৷ অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনত তেওঁলোকৰ দলে পাঁচখন আসনৰ ভিতৰত চাৰিখনত জয়লাভ কৰে৷
সঞ্জয় গান্ধীৰ জ'ৰ'অষ্ট্ৰিয়ান পন্থাৰ প্ৰতি থকা বিশ্বাসৰ কথা সুঁৱৰি মানেকা গান্ধীয়ে The Complete Book of Muslim and Parsi Names নামৰ গ্ৰন্থখন লিখে৷ ১০১১ পৰৱৰ্তী সময়ত তেখেতে The Penguin Book of Hindu Names for Boys নামৰ গ্ৰন্থখন লিখে৷১২
১৯৮৪ চনৰ লোকসভা নিৰ্বাচনৰ মানেকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা আমেথী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ কিন্তু ৰাজীৱ গান্ধীৰ বিৰুদ্ধে পৰাজিত হয়৷ ১৯৮৮ চনত মানেকা গান্ধীয়ে বিশ্বদীপ প্ৰতাপ সিঙৰ জনতা দলৰ লগত চামিল হয় আৰু সাধাৰণ সম্পাদকৰ পদ লাভ কৰে৷ ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত মানেকা গান্ধীয়ে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনৰ জয়লাভ কৰে৷ ভি.পি. সিঙৰ মন্ত্ৰীসভাত পৰিৱেশ দপ্তৰ লাভ কৰে৷ ১৩
সমাজকৰ্মী হিচাপে
মানেকা গান্ধী এগৰাকী পৰিৱেশ কৰ্মী আৰু পশুৰ অধিকাৰৰ হকে কাম কৰি থকা এগৰাকী ভাৰতীয় নেতা৷ ১৪ তেখেতে বহুকেইটা আন্তৰ্জাতিক বঁটা আৰু স্বীকৃতি লাভ কৰিছে৷১৫ ১৯৯৫ চনত মানেকা গান্ধীক CPCSEA (পশুৰ ওপৰত পৰীক্ষা-নিৰীক্ষাৰ নিয়ন্ত্ৰণ আৰু তত্বাৱধানৰ উদ্দেশ্যৰ বাবে সমিতি, Committee for the Purpose of Control and Supervision of Experiments on Animals)ৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়৷ তেখেতৰ পৰিচালনাত, CPCSEAৰ সদস্যসকলে জন্তুৰ ওপৰত গৱেষণা চলাই থকা বৈজ্ঞানিক গৱেষণাগাৰসমূহ আকস্মিকভাৱে পৰিদৰ্শন কৰে৷ ১৬
১৯৯২ চনত মানেকা গান্ধীয়ে পশুৰ বাবে মানুহ (People for Animals) নামৰ সংস্থাটো আৰম্ভ কৰে৷ ১৭ ভাৰতবৰ্ষত পশুৰ কল্যান আৰু অধিকাৰৰ বাবে থকা এইটোৱেই সবাতোকৈ ডাঙৰ সংস্থা৷ গান্ধী আন্তৰ্জাতিক পশু উদ্ধাৰৰো এগৰাকী পৃষ্ঠপোষক৷ তেখেত ভেগান নহয়, ১৮ কিন্তু এইটো জীৱনশৈলী তেখেতে নৈতিকতা আৰু স্বাস্থ্যবিধিৰ বাবে সমৰ্থন কৰি আহিছে৷ মানেকা গান্ধীয়ে সাপ্তাহিক টেলিভিছন অনুষ্ঠান Heads and Tailsৰ ঘোষকৰ ভূমিকা ৰূপায়ন কৰিছে৷ এই অনুষ্ঠানৰ জৰিয়তে ব্যৱসায়িক শোষণৰ ফলত হোৱা জীৱ-জন্তুৰ দুখ-কষ্টৰ আলোকপাত কৰা হয়৷ একেটা শিৰোনামেৰে তেখেতে এখন গ্ৰন্থও লিখিছে৷ A Delicate Balance নামৰ তথ্যচিত্ৰখনত তেখেতে এগৰাকী কুশলী হিচাপে জড়িত৷১৯
সমালোচনা
নিজৰ মন্তব্যৰ বাবে মানেকা গান্ধী বিভিন্ন সময়ত সমালোচিত হৈ আহিছে৷ পশু চিকিৎসকক ফোনত ভাবুকি প্ৰদান ২০২১ চনৰ জুন মাহত মানেকা গান্ধীয়ে এগৰাকী পশু চিকিৎসকলৈ ফোন কৰি অস্ত্ৰোপচাৰৰ সময়ত কুকুৰ এটাক অংগচ্ছেদ কৰাৰ দোষত অভিযুক্ত কৰে আৰু তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ভয় দেখুৱায়৷ যদিও পশু চিকিৎসকজনে নিজৰ ফালৰ পৰা সকলোধৰণৰ প্ৰয়াস আৰু যতন লোৱাৰ কথা প্ৰকাশ কৰে, মানেকা গান্ধীয়ে চিকিৎসকগৰাকীক সংবিধানবৰ্জিত আৰু অকথ্য ভাষাৰে গালিবৰ্ষণ কৰে৷ এই ফোনকলটো ৰেকৰ্ড কৰা হয় আৰু ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ পশু চিকিৎসকৰ সন্থাসমূহে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷২০
পুৰুষৰ আত্মহত্যাৰ প্ৰতি মন্তব্য ২০১৭ চনৰ জুন মাহৰ ফে'চবুকৰ এটা লাইভ ছেছনত মানেকা গান্ধীয়ে মন্তব্য কৰিলে যে-পুৰুষে আত্মহত্যা নকৰে৷ ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে মানেকা গান্ধীয়ে নেতিবাচক মন্তব্য লাভ কৰে আৰু কথা-বাৰ্তা অনুষ্ঠানৰ পৰৱৰ্তী প্ৰশ্নসমূহত এইটো বিষয়ৰ অনেক প্ৰশ্ন উত্থাপিত হয়৷ কথা-বাৰ্তাত অংশ লোৱা ব্যক্তিসকলে আঙুলিয়াই দিয়ে যে-ভাৰতত নথিভু্ক্ত হোৱা ৬৮% আত্মহত্যায়েই পুৰুষৰ দ্বাৰা সংঘটিত৷ ২১
ভুৱা নিৰ্যাতনৰ ভাবুকি ২০২১ চনৰ জানুৱাৰী মাহত দীপিকা নাৰায়ণ ভৰদ্বাজ নামৰ মহিলাগৰাকীয়ে এটা অডিঅ' টেপৰ জৰিয়তে দেখুৱায় যে মানেকা গান্ধীয়ে কুকুৰ এটাক আঘাত কৰাৰ দোষ তুলি এজন লোকক বেয়া ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দিছিল। টেপটোত থকা মানুহজনে এই ঘটনাটো আত্ম-সুৰক্ষাৰ বাবেহে কৰা বুলি মন্তব্য দিয়ে; যিহেতু কুকুৰটোৱে তেওঁৰ জীয়েকক কামুৰিছিল৷ ২২২৩
নাৰীৰ বাবে সান্ধ্য-আইন (কাৰ্ফিউ) ২০১৭ চনৰ মাৰ্চ মাত মানেকা গান্ধীয়ে কৈছিল যে, ছাত্ৰীবাসত থকা গাভৰু ছোৱালীৰ 'hormonal outbursts' নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়াকৈ কাৰ্ফিউ দিলে সুবিধা হ'ব৷ এই মন্তব্যৰ ভৰপূৰ প্ৰতিবাদ হয়৷ ২৪
বৈবাহিক ধৰ্ষণ সম্পৰ্কীয় দৃষ্টিভংগী ২০১৬ চনত মানেকা গান্ধীয়ে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰাৰ বিৰোধী বুলি মন্তব্য আগবঢ়ায়৷ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া হয়৷ ২৫২৬
মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ অভিযোগ ২০২০ চনৰ জুন মাহত কেৰেলাৰ মুছলমান বসতিপ্ৰধান জিলা মালাপুৰমত সংঘটিত হোৱা এজনী গৰ্ভৱতী হাতীৰ মৃত্যুত মানেকা গান্ধীৰ লগতে তেখেতৰ দলৰ একাংশ সদস্যই সাম্প্ৰদায়িক মন্তব্য কৰি ঠাইখণ্ডৰ মুছলমান নাগৰিকক অভিযুক্ত কৰে৷ স্থানীয় নাগৰিকৰ বহুকেইটা অভিযোগ লাভ কৰি আৰক্ষীয়ে মানেকা গান্ধীৰ বিৰুদ্ধে সাম্প্ৰদায়িকতামিশ্ৰিত প্ৰতিক্ৰিয়াৰ বাবে গোচৰ সাজু কৰে৷ হাতীটোৰ মৃত্যু ঘটিছিল মালাপুৰমৰ পৰা নবৈ কিলোমিটাৰ নিলগত থকা পালাক্কাড় জিলাৰ মান্নাৰকাডত৷ কিন্তু নেতাসকলকে ধৰি মানেকা গান্ধীয়ে কেৱল মুছলমান-অধ্যুষিত কেৰেলাৰ জিলাখনকহে লক্ষ্য কৰি লৈছিল৷ ২৭২৮
বঁটা
- ছুপ্ৰিম মাষ্টাৰ ছিং হেই আন্তৰাষ্ট্ৰীয় সংস্থাৰ পৰা ২০,০০০ ডলাৰৰ চেকৰ সৈতে 'শ্বাইনিং ৱৰ্ল্ড কমপেছন' বঁটা৷২৯
- লৰ্ড আৰ্কচাইন বঁটা,RSPCA, ১৯৯২
- বৰ্ষটোৰ পৰিৱেশবিদ আৰু নিৰামাষাহাৰী, ১৯৯৪
- প্ৰাণী মিত্ৰ বঁটা, ১৯৯৬
- মহাৰাণা মেৱাৰ ফাউণ্ডেছন বঁটা, ১৯৯৬, পৰিৱেশ-সম্পৰ্কীয় কৰ্মৰ বাবে
- মাৰ্চিং এনিমেল ৱেলফেয়াৰ এণ্ড চেলিং প্ৰাইজ, ছুইজাৰলেণ্ড, ১৯৯৭
- বেণু মেনন এনিমেল এলিয়েছ ফাউণ্ডচেন জীৱনজোৰা সাধনাৰ বঁটা, ১৯৯৯
- আন্তৰাষ্ট্ৰীয় নাৰী সংস্থাৰ পৰা বৰ্ষটোৰ নাৰী বঁটা, চেন্নাই, ২০০১
- দীননাথ মংগেশকাৰ আদিশক্তি পুৰস্কাৰ, পৰিৱেশ আৰু পশু কল্যাণ শিতানত, ২০০১
- ৰুক্মিণী দেৱী অৰুণ্ডেল পশু কল্যাণ বঁটা৩০
- এ.এছ.জি. জয়াকাৰ বঁটাম ২০০৮৩১
তথ্যসূত্ৰ
- ↑ Members: Lok Sabha. loksabhaph.nic.in
- ↑ (27 May 2014). Model, Gandhi bahu, Modi's minister: Maneka's fight against dynasty. Firstpost.com
- ↑ Exclusive extract from Khushwant Singhs autobiography
- ↑ (29 July 1974). Mrs Gandhi's son to marry. St. Josephs News Press
- ↑ Singh, Kushwant. (10 February 2002). Mrs. G, Maneka and the Anands. The Tribune
- ↑ (21 November 2007). Mystery Called Sanjay Gandhi. Scribd
- ↑ Express News Service. (11 June 2013). Emergency 'propagandist' who banned Kishore Kumar songs. Indian Express
- ↑ Dasgupta, Swapan. (July 1985). Sanjay Gandhi. Third World Quarterly. পৃ. 731–778
- ↑ Basu, Arundhati. (6 August 2005). Art of commitment. The Telegraph
- ↑ Gandhi, Maneka; Husain, Ozair. (2 August 2017). The Complete Book of Muslim and Parsi Names. Penguin Books India. ISBN 9780143031840
- ↑ Hinnells, John. (28 April 2005). The Zoroastrian Diaspora: Religion and Migration. OUP Oxford. পৃ. 397–398. ISBN 978-0-19-826759-1
- ↑ Gandhi, Maneka. (2004). The Penguin Book of Hindu Names for Boys. Penguin Books. ISBN 978-0-14-303168-0
- ↑ (7 July 2013). At a glance: Maneka Gandhi- from a 'charming model' to 'union minister of India'
- ↑ Biographical Sketch. Parliamentofindia.nic.in
- ↑ See, e.g., Gandhi's MP "Biographical Sketch " in which her profession is described as "Writer, Animal Activist and Environmentalist". See also, "Indian Scion Speaks Out, and Uproar Follows Him" (NYT, 2 April 2009) which states: "Maneka Gandhi has cultivated a reputation as an animal rights champion."
- ↑ Maneka Sanjay Gandhi. Sachbharat.in
- ↑ PEOPLE FOR ANIMALS. peopleforanimalsindia.org
- ↑ Article Window. Epaper.timesofindia.com
- ↑ The cast from A Delicate balance – the Truth. adelicatebalance.com.au
- ↑ Agra Vet Alleges Maneka Gandhi Abused Him in Call, Colleagues Protest
- ↑ Men Do Not Commit Suicide, Says Minister Maneka Gandhi On Facebook. Ndtv.com
- ↑ Conversation between Maneka Gandhi, businessman goes viral over treatment of animals. The New Indian Express
- ↑ IANS. (2021-01-06). Will have you booked in sexual harassment case: Maneka Gandhi to businessman accused of hitting stray dog. National Herald
- ↑ (7 March 2017). Maneka Gandhi under fire for 'hormonal outbursts' remark. Hindustantimes.com
- ↑ Sen, Rajyasree. (2016-03-14). Maneka Gandhi tells us marital rape isn't rape after all. mint
- ↑ (March 11, 2016). Marital rape cannot be criminalised in India, says Maneka Gandhi. India Today
- ↑ Rakesh, K.M. (2020-06-06). Maneka Gandhi booked for jumbo hate drive. Telegraph India
- ↑ Factually speaking: Maneka Gandhi's claims on Kerala elephants, Malappuram crime rate are baseless – News Analysis News
- ↑ (24 November 2010). Award for Maneka Gandhi. The Hindu
- ↑ MYLAPORE TIMES. Mylaporetimes.com
- ↑ India News – News from India, Latest India News, Online India News Headlines
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনকা গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৪০১৭২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।