অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহীচন্দ্ৰ মিৰি

মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্‌জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল।

হালনাগাদ: ২২ জুন ২০২৬ ৪৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্‌জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতৰ হেতুকেই বিশ্ব অৱগত হয়। কথিত আছে তেখেতে কাজিৰঙাৰ অৰণ্যত এটা টিলাৰ ওপৰত বহি বাইন'কুলাৰ আৰু বন্দুক লৈ অৰণ্যৰ তদাৰক কৰিছিল। তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ অসমীয়া শিক্ষাবিদ ইন্দিৰা মিৰি আৰু সন্তান উৎপল মিৰি, চপলা মিৰি আৰু মৃণাল মিৰি। মহীচন্দ্ৰ মিৰি কেৱল এগৰাকী সুদক্ষ চৰকাৰী কৰ্মচাৰীয়েই নহয় তেওঁ এজন নিষ্ঠাবান সমাজ সেৱক আৰু কৃতি সাহিত্যিক আছিল।১

জন্ম

১৯০২ চনৰ ২১ জুলাইত ঢকুৱাখনাৰ খেৰকটা নদীৰ পাৰত অৱস্থিত আলিমূৰ মিচিং গাঁৱত মহি চন্দ্ৰ মিৰিৰ জন্ম হয়।১তেওঁৰ দেউতাকৰ নাম দলে মিৰি আৰু মাকৰ নাম পঞ্চমী মিৰি আছিল।১

শিক্ষা

মহীচন্দ্ৰ মিৰিয়ে ১৯২৩ চনত অংকত ডিষ্টিংচন্সসহ শিৱসাগৰ হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে।১ কটন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ সহ ১৯২৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কেৱল পঢ়াতেই ভাল নাছিল কৃতি খেলুৱৈয়ো আছিল। চুটিং, মাছ মৰা, হাতীৰ পিঠিত উঠা, সাপ ধৰা আদিত তেওঁ পাকৈত আছিল।১ ১৯২৯ চনত মহী মিৰি আৰু মাধব ভট্টাচাৰ্য্যক ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ বাবে বাচনি কৰা হয় আৰু ৰেংগুনৰ ফৰেষ্ট কলেজত প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। সন্মানীয় ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ পদৰ বাবে বাচনী কৰা তেওঁলোক দুজনেই প্ৰথম অসমীয়া।২

কৰ্মজীৱন

ৰেংগুনৰ প্ৰশিক্ষণৰ পাচত মহী মিৰিক ১৯৩১ চনত গুৱাহাটীত এক্সট্ৰা এচিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট হিচাবে নিযুক্তি দিয়া হয়। ১৯৩৪ চনৰ আশে পাশে তেওঁক গোলাঘাটত হেডকোৱাৰ্টাৰ স্থিত তেতিয়াৰ "Kaziranga game sanctuary"-ৰ বাগৰী ৰেঞ্জলৈ বদলি কৰা হয়।২

ব্যক্তিগত জীৱন

১৯৩২ চনত মহী মিৰিয়ে সোণাধৰ সেনাপতিৰ জ্যেষ্ঠা জীয়ৰী ইন্দিৰা সেনাপতিক (পিছলৈ ইমদিৰা মিৰি) বিয়া কৰায়।

মৃত্যু

পৰৱৰ্তী কালত তেওঁ যোৰহাটত চাকৰি কৰিছিল আৰু তাতেই ১৯৩৯ চনৰ ২৯ জুলাই তাৰিখে ১ক'লাজ্বৰত আক্ৰান্ত হৈ মৃত্যু হয়।

স্বীকৃতি

চৰকাৰী বন বিষয়া ৰূপে বাগৰিত যোগদান কৰাৰ পিছত মহীচন্দ্ৰ মিৰিয়ে কাজিৰঙাৰ দক্ষিণ দিশত অৱস্থিত মিকিৰ পাহাৰৰ এটি টিলাত বহি হাতত বাইন'কুলাৰ লৈ প্ৰায়ে অৰণ্যৰ গতি-বিধি লক্ষ্য কৰিছিল। ২০০৩ চনৰ কাজিৰঙা বন-মহোৎসৱত অসম চৰকাৰে এই টিলাটো চৰকাৰী ভাৱে 'মহি মিৰি টিলা' নামেৰে নামংকন কৰে।১

উপেক্ষিত মহীচন্দ্ৰ মিৰি আৰু চৰকাৰী অৱহেলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু অসমৰ বন্যপ্ৰাণীক চোৰাং চিকাৰীৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰা প্ৰথমজন অসমীয়া বন বিষয়া মহীচন্দ্ৰ মিৰি (পাতিৰ) সদায়ে চৰকাৰ তথা প্ৰশাসনৰ অৱহেলাৰ চিকাৰ হৈ আহিছে। ব্ৰিটিছ প্ৰকৃতিবিদ ই. পি. গীয়ে যাৰ বিষয়ে লিখিছিল, "He is the man who put Kaziranga on the world map", সেইগৰাকী মহান অসম সন্তানক নিজৰ ৰাজ্যখনে প্ৰাপ্য সন্মান আৰু স্বীকৃতি নিদিয়াটো অত্যন্ত পৰিতাপৰ বিষয়।

●বৰ্তমান কাজিৰঙাৰ বাঘ, হাতী আৰু এশিঙিয়া গঁড়ৰ যি সুৰক্ষিত পৰিৱেশ আমি দেখিবলৈ পাওঁ, তাৰ লাইখুটা স্থাপন কৰিছিল মহীচন্দ্ৰ মিৰিয়ে। কিন্তু চৰকাৰীভাৱে কোনো ডাঙৰ উদ্যান, প্ৰতিষ্ঠান বা বঁটা তেখেতৰ নামেৰে নামকৰণ কৰা হোৱা নাই।

●অসমৰ বিদ্যালয়-মহাবিদ্যালয়ৰ বুৰঞ্জী বা পৰিৱেশ বিজ্ঞানৰ পাঠ্যপুথিত মহীচন্দ্ৰ মিৰিৰ ত্যাগ আৰু কৰ্মৰাজিক বিষয়ে আজি বহুল পৰিমাণে অন্তৰ্ভুক্ত কৰিব লাগিছিল। যাৰ অভাৱত আজিৰ নতুন প্ৰজন্মৰ বহুতেই কাজিৰঙাৰ প্ৰকৃত ত্ৰাণকৰ্তাগৰাকীৰ বিষয়ে জ্ঞাত নহয়।

●চৰকাৰ তথা বন বিভাগে কেৱল কাজিৰঙাৰ বাৰ্ষিকী বা তেখেতৰ মৃত্যুবাৰ্ষিকীত সংবাদ মাধ্যমত আনুষ্ঠানিক সোঁৱৰণ কৰিয়েই দায়িত্ব সামৰে। বৰ্তমান সময়ত কিছু প্ৰচেষ্টা (যেনে- মহী মিৰি ৱাটচ টাৱাৰ নিৰ্মাণ) হাতত লোৱা দেখা গৈছে যদিও, সেয়া তেখেতৰ সৰ্বস্ব ত্যাগৰ তুলনাত অত্যন্ত নগণ্য।

●মিচিং সম্প্ৰদায়ৰ প্ৰথম বিজ্ঞান স্নাতক আৰু অসমীয়া সমাজৰ গৌৰৱ মহীচন্দ্ৰ মিৰিয়ে ১৯৩৯ চনৰ বানপানীৰ সময়ত সেৱা আগবঢ়াবলৈ গৈয়ে ক’লাজ্বৰত আক্ৰান্ত হৈ মাত্ৰ ৩৬ বছৰ বয়সতে প্ৰাণ হেৰুৱাইছিল। এই দেশপ্ৰেম আৰু মানৱীয়তাক প্ৰশাসনে জাতীয় মৰ্যাদা দিবলৈ ব্যৰ্থ হৈছে।

চৰকাৰ তথা প্ৰশাসনৰ কৰণীয়

মহীচন্দ্ৰ মিৰিক উপযুক্ত আৰু যথোপযুক্ত সন্মান যাচিবলৈ হ’লে চৰকাৰে কেইটামান জৰুৰী পদক্ষেপ লোৱা উচিত।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন

বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰত দেখুওৱা সাহসিকতাৰ বাবে তেখেতৰ নামেৰে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ঘোষণা কৰিব লাগে।

স্মাৰক আৰু সংগ্ৰহালয় নিৰ্মাণ

কাজিৰঙাৰ মুখ্য প্ৰৱেশদ্বাৰত তেখেতৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে আৰু তেখেতৰ ব্যৱহৃত সামগ্ৰীসমূহ সুৰক্ষিত কৰি এটা সংগ্ৰহালয় গঢ়ি তুলিব লাগে।

জীৱনী অন্তৰ্ভুক্তিকৰণ

অসমৰ শিক্ষা বিভাগে পাঠ্যপুথিত তেখেতৰ সংগ্ৰামৰ কাহিনী অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিব লাগে।

তথ্যসূত্ৰ

  1. ↑ নবীন টায়ে. (মাৰ্চ,২০০৫). বৰেণ্য ব্যক্তিত্ব. অসম প্ৰকাশন পৰিষদ. পৃ. ১৬৮-১৭৭ পৃষ্ঠা
  2. ↑ MISHINGRENAISSANCE. The Man Behind Kaziranga National Park: Mahi Chandra Miri ( Great Mising Personality )

সম্পৰ্কিত শ্ৰেণী

অসমৰ অৰণ্যসেৱকমিচিং জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীচন্দ্ৰ মিৰি” প্ৰবন্ধৰ সংশোধন ৬১৩৫৭৫ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।