অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিতেন্দ্ৰনাথ গোস্বামী

জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী,১ এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ,২ চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক। এইজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিজ্ঞানীৰ জন্ম হয় অসমৰ যোৰহাট জিলাত।

শিক্ষা জীৱন

১৯৬৫ চনত জিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি, পদাৰ্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তি কৰে।৩ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পি. এইচ. ডি.ৰ বাবে তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰে।২৩ এই সময়চোৱাত তেওঁ এবছৰৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ গৱেষক হিচাপে গৱেষণা কৰে২, ১৯৭৮ চনত গুজৰাত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।

গৱেষণা

পি. এইচ. ডি.ৰ পাছত তেওঁ বিভিন্ন সময়ৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হা’ষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউত আৰু মেক্স-প্লাংক ইনষ্টিটিউত গৱেষণাৰ কাম কৰে। তেওঁৰ গৱেষণাৰ মূল বিষয় সৌৰজগত অধ্যয়ন, ধৰা আৰু গ্ৰহ বিজ্ঞান। তেওঁ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে সৌৰজগতৰ সৃষ্টিৰ সময়ত হস্ৰ জীৱনকালৰ 26Al নিউক্লাইড কণাই শক্তিৰ উৎসৰ দৰে কাম কৰিছিল বুলি প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিছে। তদুপৰি তেওঁ মহাজাগতিক ৰশ্মি, টেকটনিক প্লেট আদি সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ ফলাফল দাঙি ধৰিছে।২ ভৌতিক গৱেষণাগাৰৰ পৰা তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গ্ৰহ বিজ্ঞান আৰু এক্সপ্ল’ৰেচন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত (২০০৪-০৭) তেওঁ তত্ত্বাৱধায়কৰ ভূমিকা পালন কৰে। তদুপৰি তেওঁ মহাকাশযান স্পেচলেব-৩ত হোৱা ভাৰতীয় মহাজাগতিক ৰশ্মি পৰীক্ষাৰ সহঃযোগী তত্ত্বাৱধায়ক আৰু চান্দ্ৰ নমুনা (Lunar Samples)ৰ তেওঁ মুখ্য তত্ত্বাৱধায়ক আছিল।৪

চন্দ্ৰযান

ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ জিতেন্দ্ৰনাথ গোস্বামী আছিল বৈজ্ঞানিক অনুসন্ধান কৰোঁতা, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল, তেনেদৰে চন্দ্ৰযান-২ অভিযানৰো তেওঁ মুখ্য বিজ্ঞানী।৪

মংগলযান

জিতেন্দ্ৰনাথ গোস্বামী ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ দ্বাৰা উৎক্ষেপিত মাৰ্ছ অৰবিটাৰ মিছন (ইংৰাজী ভাষা: Mars Orbiter Mission)ৰ এজন অন্যতম উপদেষ্টা আছিল।৫ এই অভিযানক মংগল গ্ৰহৰ কক্ষপথ অভিযান হিচাপেও জনা যায়।৬ মংগলযানৰ প্ৰসংগত তেওঁ কয় যে, অদূৰ ভৱিষ্যতে মানৱজাতিৰ বিকল্প বাসস্থান হিচাপে মংগল গ্ৰহ চিহ্নিত হোৱাৰ সম্ভাৱনা আছে।৭ ভাৰতত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মহাকাশ গৱেষণাৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি যোগাব পৰা প্ৰতিভাৰ সম্ভাৱনা আছে বুলিও গোস্বামীয়ে উল্লেখ কৰিছিল।৮৯

বঁটা আৰু সন্মান

  • ভাৰতীয় জাতীয় বিজ্ঞান একাডেমি (INSA)ৰ যুৱ বিজ্ঞানী বঁটা (১৯৭৮)
  • নাছাৰ পাব্লিক চাৰ্ভিচ গ্ৰুপ এচিভমেণ্ট বঁটা (১৯৮৬)
  • শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৯৪)
  • বিজ্ঞান আৰু প্ৰযুক্তিৰ কমল কুমাৰী বঁটা লাভ কৰে। (২০০৩)
  • এছিয়া অ'চেনিয়া জিঅ'ছায়েঞ্চ ছ'চাইটীৰ 'এক্সফ'ৰ্ড' বঁটা (২০১৪)১০
  • অসম ৰত্ন (২০১৫), অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান
  • পদ্মশ্ৰী (২০১৭)১১

২০০৭ চনত তেওঁ ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সভাপতি নিৰ্বাচিত হয়, উন্নয়নশীল বিশ্বৰ বিজ্ঞান একাডেমি (TWAS) সভ্য, তদুপৰি ভাৰতীয় বিজ্ঞান একাডেমি, বাংগালোৰ সমূহ, জাতীয় বিজ্ঞান একাডেমি সমূহ (ভাৰত), এলাহবাদ, ইউৰোপীয় ভূ-ৰসায়ন সংঘ আদিৰ উপৰিও বিভিন্ন জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ তেওঁ সভ্য।২।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Chandrayaan Team. Zee News
  2. ↑ Indian Fellow. Indian National Science Academy
  3. ↑ Dr. Jitendra Nath Goswami. Zoom Info
  4. ↑ The Principal Scientist of Chandrayaan-1. north east india.com
  5. ↑ www.wellcomedbt.org/pdfs/Exchanges%20at%20the%20 বিবিচিৰ সৈতে জিতেন্দ্ৰনাথ গোস্বামীৰ আলাপ
  6. ↑ www.dailynewsegypt.com/2013/11/06/indian-mission
  7. ↑ আৰ্কাইভ কপি
  8. ↑ timesofindia.indiatimes.com/city/guwahati/NE-has
  9. ↑ www.newslivetv.com/regional/ne-has-potential-to-
  10. ↑ (২৭ মে', ২০১৪). আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি
  11. ↑ List of Padma awardees 2017 - The Hindu

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ বিজ্ঞানীভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীশান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ীকমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিতেন্দ্ৰনাথ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৫৯ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।