নাৰী শক্তি পুৰস্কাৰ বিজয়ী
৪৫ প্ৰবন্ধ
-
মানসী প্ৰধান
মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
অনুৰাধা কৃষ্ণমূৰ্তি
অনুৰাধা কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী আৰু চীজ নিৰ্মাতা ৷ সতীৰ্থ নম্ৰতা সুন্দৰেসনৰ সৈতে তেওঁ ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে ৷
-
কাৰ্ত্যায়নী আম্মা
কাৰ্ত্যায়নী আম্মা (Karthyayani Amma; প্ৰায় ১৯৯২– ১০ অক্টোবৰ ২০২৩) এগৰাকী ভাৰতীয় মহিলা যি গৰাকীয়ে ৯৬ বছৰ বয়সত শীৰ্ষ নম্বৰ লাভ কৰি সাক্ষৰতা পৰীক্ষাত উত্তীৰ্ণ হয় ভাৰত চৰকাৰে এগৰাকী মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ বঁটা লাভ কৰে।
-
কিংকৰী দেৱী
কিংকৰী দেৱী (১৯২৫ – ৩০ ডিচেম্বৰ, ২০০৭) এগৰাকী ভাৰতীয় এক্টিভিষ্ট আৰু পৰিৱেশবিদ আছিল। তেওঁ, তেওঁৰ জন্মস্থান হিমাচল প্ৰদেশত হোৱা অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে জনাজাত। তেওঁ নিৰক্ষৰ আছিল যদিও মৃত্যুৰ কেইবছৰমান আগতে তেওঁ নিজৰ স্বাক্ষৰ কৰিবলৈ শিকিছিল। দেৱী এক দৰিদ্ৰ পৰিয়াল সদস্য আছিল।
-
তাছি আৰু নুংচি মালিক
তাছি আৰু নুংচি মালিক (জন্ম ২১ জুন ১৯৯১) হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।
-
দিদি কণ্ট্ৰেক্টৰ
ডেলিয়া নাৰায়ণ বা দিদি কণ্ট্ৰেক্টৰ (১৯২৯ – জুলাই ৫, ২০২১) আছিল এজন আমেৰিকান স্থপতিবিদ। তেওঁ ভাৰতত কৰা বহনক্ষম ভৱনসমূহৰ কামৰ বাবে জনাজাত আছিল। এই ক্ষেত্ৰত তেওঁ থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰিছিল।
-
ভাগীৰথী আম্মা
ভাগীৰথী আম্মা (Bhageerathi Amma; ১৯১৪ – ২২ জুলাই ২০২১) কেৰালাৰ কোল্লাম জিলাত বাস কৰা এগৰাকী ভাৰতীয় মহিলা। ১০৫ বছৰ বয়সত শিক্ষাৰ ক্ষেত্ৰলৈ ঘূৰি অহাৰ লগে লগে তেওঁ ৰাষ্ট্ৰীয় পৰিসৰত চৰ্চালৈ আহিছিল।
-
সিন্ধুতাঈ সপকাল
সিন্ধুতাঈ সপকাল (Sindhutai Sapkal, ১৪ নৱেম্বৰ ১৯৪৮ - ৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সামাজিক সক্ৰিয়বাদী। তেওঁ বিশেষকৈ ভাৰতত অনাথ শিশুক প্ৰতিপালন কৰাত তেওঁৰ অৱদানৰ বাবে জনা যায়। তেওঁক জনপ্ৰিয়ভাবে 'অনাথৰ মাতৃ' আৰু 'মাই' বুলি কোৱা হয়।
-
সুনীতা কৃষ্ণন
সুনীতা কৃষ্ণন (Sunitha Krishnan; জন্ম:১৯৭২) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু প্ৰজ্বালা নামৰ বেচৰকাৰী সংগঠনটোৰ মুখ্য কৰ্মকৰ্তা তথা সহ-প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে যৌন সৰবৰাহ কৰা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ্বাসন আৰু সমাজত পুনৰ একত্ৰিত কৰে।
-
ৰশ্মি আনন্দ
ৰশ্মি আনন্দ (Rashmi Anand;) এগৰাকী ভাৰতীয় লেখক আৰু ঘৰুৱা হিংসা বিষয়ত কাম কৰা এক্টিভিষ্ট। ২০১৪ চনত, নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰিছিল। এইটো ভাৰতৰ মহিলাসকলৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটা।
-
অনিতা গুপ্তা
অনিতা গুপ্তা (Anita Gupta) এগৰাকী ভাৰতীয় সামাজিক উদ্যোক্তা, জৈৱিক কৃষক আৰু জনজাতীয় এক্টিভিষ্ট। তেওঁ পঞ্চাশ হাজাৰৰো অধিক গ্ৰাম্য মহিলাক স্ব-নিৰ্ভৰশীল কৰি তুলিছে।
-
আৰতি ৰাণা
আৰতি ৰাণা (জন্ম: ১৯৭৬) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ সহকৰ্মী থাৰু মহিলাসকলক হস্তশিল্প নিৰ্মাণ আৰু বিক্ৰী কৰিবলৈ গোট স্থাপন কৰাত সহায় কৰে। তেখেতৰ এই কামৰ প্ৰতি সন্মান জনাই ২০২২ চনত ভাৰত চৰকাৰে তেওঁক ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।
-
ইতি ত্যাগী
ইতি ত্যাগী এগৰাকী ভাৰতীয় ডিজাইনাৰ আৰু উদ্যোগী। ২০১৫ চনত, তেওঁ ক্ৰাফ্ট ভিলেজ স্থাপন কৰিছিল যাৰ উদ্দেশ্য হৈছে হস্তশিল্প নিৰ্মাণ কৰা শিল্পীসকলক ক্ৰেতা আৰু পৃষ্ঠপোষকৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা। তেওঁ মহিলাসকলক শক্তিশালী কৰা কামৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰৰ পৰা ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।
-
ইলা লোধ
ইলা লোধ (Ela Lodh/Ila Loadh;২০২১ চনত ৭৯ বছৰ বয়সত মৃত্যু হয় ) এগৰাকী ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। তেওঁ ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ মৰণোত্তৰভাৱে ২০২২ চনৰ ৮ মাৰ্চত লাভ কৰে।
-
উৰ্মি বসু
উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
-
কৃষ্ণা যাদৱ
কৃষ্ণা যাদৱ (Krishna Yadav) এজন ভাৰতীয় উদ্যোগী মহিলা। দিল্লীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ আৰম্ভ কৰা সফল আচাৰ ব্যৱসায়ৰ বাবে তেওঁ পৰিচিত। কেইবাবছৰ ধৰি তেওঁ পথৰ কাষত আচাৰ বিক্ৰী কৰিছিল আৰু লাহে লাহে তেওঁৰ উদ্যোগটোক চাৰি কোটি টকাৰ ব্যৱসায়েৰে চাৰিটা ভিন্ন সত্তালৈ ৰূপান্তৰিত কৰিছিল।
-
কে ভি ৰাবিয়া
কাৰিভেপ্পিল ৰাবিয়া (K. V. Rabiya; জন্ম: ১৯৬৬) হৈছে ভাৰতৰ কেৰালাৰ মালাপ্পুৰম ভেলিলাক্কাডুৰ এগৰাকী বিশেষভাৱে সক্ষম সমাজকৰ্মী। ১৯৯০ চনত, কেৰালা ৰাজ্যিক সাক্ষৰতা অভিযান উপলক্ষে তেওঁ মালাপ্পুৰম জিলাত নিজ ভূমিকাৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিছিল।
-
কৌশিকী চক্ৰৱৰ্তী
বিদূষী কৌশিকী চক্ৰৱৰ্তী (জন্ম ২৪ অক্টোবৰ ১৯৮০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ সংগীত গৱেষণা একাডেমীৰ ছাত্ৰী আৰু পাটিয়ালা ঘৰানাৰ এগৰাকী পৰিৱেশক। তেওঁ তেওঁৰ প্ৰদৰ্শনীত বিশুদ্ধ ধ্ৰুপদী, খেয়াল, দাদৰা, থুমৰি, ভজন আদি ভাৰতীয় সংগীতৰ কেইবাটাও প্ৰকাৰক সামৰি লৈছে।
-
চিন্না পিল্লাই
চিন্না পিল্লাই ভাৰতৰ তামিলনাডুৰ মাদুৰাইৰ ওচৰৰ এখন সৰু গাঁও পুলিচেৰীৰ এগৰাকী মহিলা। তামিলনাডুৰ গাঁওবোৰত তেওঁ এটা অতি সফল বেংকিং ব্যৱস্থা আৰম্ভ কৰিছিল, আৰু মহিলাসকলক সবলীকৰণ কৰি দৰিদ্ৰতা আৰু ঋণৰ অভিযোগ হ্ৰাস কৰাৰ প্ৰয়াসত যথেষ্ট অৱদান আগবঢ়াইছিল।
-
চেতনা সিনহা
চেতনা গালা সিনহা (Chetna Sinha; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী; যি উদ্যোগী দক্ষতা, ভূমি আৰু উৎপাদনৰ মাধ্যম শিকাই ভাৰতৰ গাঁও এলেকাবোৰত মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে কাম কৰি আছে।
-
চেনো চুহাহ
চেনো চুহাহ (Seno Tsuhah) হ’ল নাগালেণ্ডৰ চিজামিৰ চাখেচাং নাগা সম্প্ৰদায়ৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু খিলঞ্জীয়া সমাজকৰ্মী। লিংগভিত্তিক ন্যায় আৰু স্থানীয় কৃষি বিষয়ক কামৰ বাবে তেওঁ উত্তৰ-পূব ভাৰতত বিশেষভাৱে জনা যায়।
-
টিফনি ব্ৰাৰ
টিফনি ব্ৰাৰ (Tiffany Brar) এগৰাকী ভাৰতীয় সমাজ সেৱাকৰ্মী। তেওঁ অক্সিজেনৰ বিষাক্ততাৰ বাবে নৱজাতক অৱস্থাত অন্ধ হৈ পৰিছিল। ব্ৰাৰ হৈছে জ্যোতিৰ্গময় ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক। তেওঁ সকলো বয়সৰ অন্ধ লোকক জীৱন দক্ষতা সম্পৰ্কে শিক্ষা প্ৰদান কৰে।
-
নম্ৰতা সুন্দৰেসন
নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷
-
নেহা কিৰপাল
নেহা কিৰপাল (Neha Kirpal)এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী মহিলা। কলা আৰু মানসিক স্বাস্থ্যৰ কামৰ বাবে তেওঁ পৰিচিত। ২০০৮ চনত তেওঁ ইণ্ডিয়া আৰ্ট ফেয়াৰ প্ৰতিষ্ঠা কৰে, লগতে তেওঁ আমাহা নামৰ মানসিক স্বাস্থ্য সংস্থা এটাৰো সহ-প্ৰতিষ্ঠাপক।
-
পি. কৌশল্যা
পি কৌশল্যা, ওৰফে পেৰিয়াছামি কৌশল্যা (Periasamy Kousalya; জন্ম প্ৰায় ১৯৭৫) এজন ভাৰতীয় এইচ আই ভি সজাগ কৰ্মী। ভাৰতৰ এইচ আই ভি পজিটিভ লোকৰ ভিতৰত এগৰাকী হোৱাৰ কথা সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল ৷ ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি সন্মানেৰে…
-
পিংকী বিৰানী
পিংকী বিৰানী (Pinki Virani; জন্ম: ৩০ জানুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় লেখক, সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী। তেওঁৰ গ্ৰন্থসমূহ হৈছে ৱান্স ৱাজ বম্বে, অৰুণাজ ষ্ট’ৰি, বিটাৰ চকলেট: চাইল্ড চেক্সুৱেল এবিউজ ইন ইণ্ডিয়া (ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত), আৰু ডীফ হেভেন।
-
পূজা শৰ্মা (উদ্যোগপতি)
পূজা শৰ্মা (Pooja Sharma; জন্ম: ) এগৰাকী ভাৰতীয় উদ্যোগপতি। তেওঁ তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা, যি ঘৰৰপৰা বাহিৰলৈ গৈ কাম কৰিছিল। তেওঁ এটা আত্ম-সহায়ক গোট স্থাপন কৰিছিল আৰু এখন বেকাৰী খুলি ১৫০ গৰাকী মহিলাক নিযুক্তি দিছিল। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক বহুকেইটা পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।
-
ফুলবসন বাঈ যাদৱ
ফুলবসন বাঈ যাদৱ (Phoolbasan Bai Yadav) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ বেচৰকাৰী সংগঠন মা বামলেশ্বৰী জনহিত কাৰ্য সমিতিৰ প্ৰতিষ্ঠাপক, যি ভাৰতৰ ছট্টিশগড়ৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা মহিলাসকলৰ বিকাশৰ বাবে বাবে কাম কৰে।
-
বীণা শেঠ লস্কৰী
বীণা শেঠ লস্কৰী (Bina Sheth Lashkari) ভাৰতৰ মুম্বাইৰ দোৰষ্টেপ স্কুলৰ প্ৰতিষ্ঠাপক। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ মুম্বাইৰ এক লাখ শিশুৰ শিক্ষাৰ সংগঠনত সহায় কৰিছে। ২০১৩ চনত তেওঁক স্ত্ৰী শক্তি বঁটাৰে সন্মানিত কৰা হয়।