অসমৰ বিজ্ঞানী
৩১ প্ৰবন্ধ
-
জিতেন্দ্ৰনাথ গোস্বামী
জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।
-
জয়ন্তী চুতীয়া
জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া।
-
অমৰজ্যোতি চৌধুৰী
অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য।
-
গুৰুপ্ৰসাদ দাস
গুৰুপ্ৰসাদ দাস (Guru Prasad Das) (জন্ম-১২-০২-১৯০৪, মৃত্যু-১৯-২-১৯৮২) কুৰি শতিকাৰ প্ৰথম ভাগত জন্মলাভ কৰা অসমীয়া বিজ্ঞানী আছিল। বৰপেটাত জন্মগ্ৰহণ কৰা গুৰুপ্ৰসাদ দাসে অসহযোগ আন্দোলনত জড়িত হৈ কলিকতাত উপস্থিত হৈছিল আৰু তাৰেপৰাই হাইস্কুলীয়া শিক্ষা সাং কৰি ইংলেণ্ডলৈ গৈ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত…
-
উদ্ধৱ ভৰালী
উদ্ধৱ ভৰালী (Uddhab Bharali) অসমৰ লখিমপুৰ জিলাৰ এজন বিজ্ঞানী, উদ্ভাৱক আৰু অভিযন্তা। ২০১২ চনৰ জুলাই মাহৰ ৫ তাৰিখে ভৰালী তেওঁৰ আৱিস্কৃত ডালিমৰ গুটি গুচোৱা যন্ত্ৰ (benchtop pomegranate de-seeder)-ৰ বাবে The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।
-
আনন্দ চন্দ্ৰ দত্ত
আনন্দ চন্দ্ৰ দত্ত (Ananda Chandra Dutta; ৮ ফেব্ৰুৱাৰী ১৯২৩ - ১৬ জানুৱাৰী ২০১৬) অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ৷ ইয়াৰ লগতে তেখেত চাহৰ শ্ৰেণীবিভাজন, চাহৰ আকৃতি, শৰীৰবিজ্ঞান আৰু কোষবিজ্ঞানৰ লগতো জড়িত আছিল।
-
কমলেন্দু দেৱ ক্ৰোৰী
কমলেন্দু দেৱ ক্ৰোৰী (Kamalendu Deb Krori, জন্ম ২১ জানুৱাৰী ১৯৩০) এজন ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সাধাৰণ আপেক্ষিকতাবাদৰ ওপৰত গৱেষণাৰ পথ প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ তত্ত্বাৱধানত ১৬জন গৱেষকে পিএইচডি ডিগ্ৰী লাভ কৰিছে।
-
ধীৰাজ বৰা
ড° ধীৰাজ বৰা (Dhiraj Bora, ৩০ ছেপ্টেম্বৰ ১৯৫১ - ১৯ জুন ২০২১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক আছিল। প্লাজমা বিজ্ঞানী হিচাপে বিখ্যাত ড° বৰা গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল।
-
হৰিপ্ৰসাদ বৰুৱা
হৰিপ্ৰসাদ বৰুৱা (Hari Prasad Baruah) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক। তেওঁ স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
ইনামুল হক
ইনামুল হক (ইংৰাজী: Inamul Haque) অসমৰ এগৰাকী প্ৰসিদ্ধ ৰসায়ন বিজ্ঞানী৷ অসমৰ কটন মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল৷ ১৯৬৮ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্পেকট্ৰ’স্কপি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷
-
কুলেন্দু পাঠক
ড° কুলেন্দু পাঠক (জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল।
-
বিনয় কুমাৰ শইকীয়া
ড॰ বিনয় কুমাৰ শইকীয়া (Binoy Kumar Saikia) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী।
-
লক্ষ্মীনাথ দাস
লক্ষ্মীনাথ দাস (Laxminath Das) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল।
-
ৰুবুল মাউত
ৰুবুল মাউত (Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেখেতৰ গৱেষণাৰ বিষয় হৈছে মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতৰে সমৃদ্ধ কৰা আৰু জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা।
-
অৰুণমণি চৌধুৰী
অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা। তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।
-
খগেশ্বৰ দত্ত বৰুৱা
খগেশ্বৰ দত্ত বৰুৱা (Khageswar Datta Baruah) এজন অসমীয়া শিক্ষক, বিজ্ঞান লেখক আৰু কবি আছিল। তেওঁ গুৱাহাটীৰ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল। ১৯৩৮ চনত গুৱাহাটীৰ পৰা ইংৰাজী ভাষাত ৰচনা কৰা তেওঁৰ দ্য ৰেভেলেশ্যন্চ অফ দ্য হেভেন্চ (The Revelations of the Heavens) নামৰ এখন বিজ্ঞানবিষয়ক কিতাপ প্ৰকাশ হৈছিল।
-
দীপ মেধি
দীপাংকৰ "দীপ" মেধি বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী আৰু অধ্যাপক। কম্পিউটাৰ বিজ্ঞানৰ ‘নেটৱৰ্ক’ শাখাত তেখেতৰ শিক্ষণ, গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বতে বহুল সমাদৃত হৈছে।
-
নিৰ্মলা দেৱী
ড০ নিৰ্মলা দেৱী (Dr Nirmala Devi) হৈছে অসমৰ এগৰাকী লেখিকা, ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
প্ৰশান্ত গোস্বামী
প্ৰশান্ত গোস্বামী (জন্ম ১৯৫৯) এজন ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান। পূৰ্বতে তেওঁ চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিহিৰ কান্তি চৌধুৰী
মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত। তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।
-
হিৰণ্য চন্দ্ৰ ভূঞা
ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
ৰাঘৱ চন্দ্ৰ ডেকা
ৰাঘৱ চন্দ্ৰ ডেকা এগৰাকী ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰুত বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি। ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল।
-
গুণীন্দ্ৰ নাথ দত্ত
ড॰ গুণীন্দ্ৰ নাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চৰকাৰৰ বৃত্তি লাভ কৰোঁতা প্ৰথম অসমীয়া পশু চিকিৎসা বিজ্ঞানৰ গৱেষক। তেখেতৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ভগামুখ গাঁৱত।
-
জুবিলী পুৰকায়স্থ
জুবিলী পুৰকায়স্থ (Jubilee Purkayastha) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী। ২০২১ চনত ক’ভিড-১৯ প্ৰতিৰোধী ঔষধ ‘ডি আৰ ডি অ’–২ ডি’ক্সি গ্লুক’জ’ চমুকৈ ২ ডিজিৰ প্ৰস্তুতকৰণৰ দায়িত্বত থকা ভাৰতীয় দলটোত তেখেতে এগৰাকী বিজ্ঞানী হিচাপে নিজৰ দায়িত্ব পালন কৰে।
-
ড° মালিনী
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা…
-
দীপাংকৰ বৰা
দীপাংকৰ বৰা (Dipankar Borah; জন্ম: ১১ অক্টোবৰ ১৯৯৪) অসমৰ এগৰাকী উদ্ভিদবিজ্ঞানী, অধ্যাপক আৰু গৱেষক।
-
পূৰবী শইকীয়া
ড° পূৰবী শইকীয়া (Purabi Saikia) হৈছে অসম, ভাৰতৰ এগৰাকী উদ্ভিদ বিজ্ঞানী আৰু বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা। পৰিৱেশ বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনত তেওঁলৈ ভাৰতৰ অন্যতম বিজ্ঞান বঁটা বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ বঁটা আগবঢ়োৱা হয়।
-
প্ৰিয়ংকা দাস ৰাজকাকতি
প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati) এগৰাকী ভাৰতীয় মূলৰ ফ্ৰেন্স এৰোনটিকেল অভিযন্তা, মহাকাশ বিজ্ঞানী তথা শিল্পী।২০২১ চনত ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে 'বিজ্ঞান আৰু উদ্ভাৱন' শিতানৰ '৩০ আণ্ডাৰ ৩০' তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছে।
-
বিভূতি লহকৰ
বিভূতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)। তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নল গাহৰিৰ বিস্তৃতি অধ্যয়ন।