পৰিৱেশ কৰ্মী
৩০ প্ৰবন্ধ
-
মেনকা গান্ধী
মানেকা সঞ্জয় গান্ধী (Maneka Sanjay Gandhi) (মেনাকা বুলিও উচ্চাৰিত; বিবাহোত্তৰ উপাধি-আনন্দ) (জন্ম- ২৬ আগষ্ট ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, জন্তুৰ অধিকাৰকৰ্মী আৰু এগৰাকী পৰিৱেশবিদ৷ তেখেত লোক সভা আৰু ভাৰতীয় জনতা দলৰ এগৰাকী সদস্যা৷ ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ তেখেত পত্নী আছিল৷ মানেকা…
-
গ্ৰেটা থুন্বাৰি
গ্ৰেটা থুন্বাৰি (Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।
-
সুন্দৰলাল বহুগুণা
সুন্দৰলাল বহুগুণা (Sunderlal Bahuguna, ৯ জানুৱাৰী ১৯২৭ – ২১ মে' ২০২১) এগৰাকী ভাৰতীয় প্ৰসিদ্ধ গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা আছিল। চিপকো আন্দোলনৰ ধাৰণাটো তেওঁৰ পত্নীৰ আছিল আৰু তেওঁ এই পদক্ষেপ লৈছিল। বহু বছৰ ধৰি তেওঁ হিমালয়ৰ অৰণ্য সংৰক্ষণৰ বাবে যুঁজ দি আহিছিল।
-
সোনম ৱাংচুক
সোনম ৱাংচুক, উচ্চাৰণ চোনম ৱাংচুক, (: Sonam Wangchuk; জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিযন্তা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ।
-
মীৰাবেন
মীৰাবেন (Mirabehn; জন্ম:মেডেলিন শ্লেড; ২২ নৱেম্বৰ ১৮৯২ - ২০ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। তেওঁ ১৯২০ৰ দশকত মহাত্মা গান্ধীৰ সৈতে থাকিবলৈ আৰু কাম কৰিবলৈ ইংলেণ্ডৰ গৃহ ত্যাগ কৰিছিল।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
অনুপম মিশ্ৰ
অনুপম মিশ্ৰ (Anupam Mishra; ১৯৪৮ৰপৰা – ১৯ ডিচেম্বৰ, ২০১৬) এগৰাকী গান্ধীবাদী, লেখক, পৰিৱেশবিদ, টেড বক্তা আৰু পানী সংৰক্ষক; যি পানী সংৰক্ষণ, ইয়াৰ ব্যৱস্থাপনা আৰু পৰম্পৰাগত বৰষুণৰ পানী সংগ্ৰহ আৰু ইয়াৰ ব্যৱহাৰৰ বিভিন্ন কৌশলৰ প্ৰচাৰ ভিত্তিক কাম কৰে।১৯৯৬ চনত, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অনুপম…
-
অমৃতা দেৱী
অমৃতা দেৱী বিষ্ণোই নামেৰে পৰিচিত অমৃতা দেৱী বিষ্ণোই সম্প্ৰদায়ৰ এগৰাকী পৰিৱেশবিদ আছিল যিয়ে ১৭৩০ চনত খেজৰি গছ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। খেজাৰলি হত্যাকাণ্ডত তেওঁৰ সাহস প্ৰকৃতি সংৰক্ষণৰ চূড়ান্ত প্ৰতীক হৈ পৰিছিল আৰু চিপকো আন্দোলনৰ দৰে আধুনিক আন্দোলনসমূহক অনুপ্ৰাণিত কৰিছিল।
-
জেন গুডঅল
ডেম জেন মৰিছ গুডঅল(Dame Jane Morris Goodall) (; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪-১ অক্টোবৰ ২০২৫), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু…
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
যমুনা টুডু
যমুনা টুডু ( Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সালৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।
-
লিচিপ্ৰিয়া কাংগুজাম
লিচিপ্ৰিয়া কাংগুজাম (Licypriya Kangujam, জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ…
-
অজন্থা পেৰেৰা
অজন্থা উইজেছিংহে পেৰেৰা এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিজ্ঞানী, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, পৰিৱেশ কৰ্মী আৰু ৰাজনীতিবিদ। শ্ৰীলংকাৰ জাবৰ সংকটৰ অন্ত পেলাবলৈ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক জনাজাত আৰু তেওঁক জাবৰ ৰাণী বুলি ডাকনাম দিয়া হয়।
-
অজিত কুমাৰ বেনাৰ্জী
অজিত কুমাৰ বেনাৰ্জী (Ajit Kumar Banerjee; ১ ছেপ্টেম্বৰ ১৯৩১ – ২৯ নৱেম্বৰ ২০১৪) এজন বিখ্যাত পৰিৱেশবিদ আৰু বন ব্যৱস্থাপনাৰ বিশেষজ্ঞ আছিল আৰু তেওঁক যৌথ বন ব্যৱস্থাপনাৰ ধাৰণাটোৰ পিতৃ হিচাপে জনা যায়; যৌথ বন ব্যৱস্থাপনাক প্ৰায়ে সংক্ষিপ্তভাৱে জেএফএম বুলি কোৱা হয়।
-
অপৰাজিতা দত্ত
অপৰাজিতা দত্ত (Aparajita Datta), ১৯৭০ চনত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানী, যিয়ে প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ বাবে কাম কৰে। অৰুণাচল প্ৰদেশৰ ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্যত কৰা তেওঁৰ গৱেষণাই সফলতাৰে ধনেশ পক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিছে।
-
অমৃতা পেটেল
অমৃতা পেটেল (Amrita Patel, জন্ম: ১৩ নৱেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ সমবায় দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু লগতে এগৰাকী পৰিবেশবিদ। তেওঁ ১৯৯৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ নেতৃত্ব দিছিল। এই বোৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ উন্নয়ন কাৰ্যসূচী 'অপাৰেচন ফ্লাদ'ৰ নেতৃত্ব দিছিল।
-
এ জে টি জনসিং
আছিৰ জৱাহৰ থমাছ জনসিং (A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ। জনসিঙে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।
-
খুশী কবীৰ
খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।
-
চৈয়দা ৰিজৱানা হাছান
চৈয়দা ৰিজৱানা হাছান (Rizwana Hasan; জন্ম ১৫ জানুৱাৰী ১৯৬৮) এগৰাকী বাংলাদেশী অধিবক্তা আৰু পৰিৱেশ কৰ্মী। তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী উপদেষ্টা আছিল আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, জল সম্পদ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জুডি বাৰী
জুডিথ বিয়েট্ৰিছ বাৰী (Judith Beatrice Bari; ৭ নৱেম্বৰ, ১৯৪৯ – ২ মাৰ্চ, ১৯৯৭)এগৰাকী আমেৰিকান পৰিৱেশবিদ, নাৰীবাদী আৰু শ্ৰমিক নেত্ৰী আছিল যি মূলতঃ উত্তৰ কেলিফৰ্ণিয়াত সক্ৰিয় আছিল।
-
তুলসী গৌড়া
তুলসী গৌড়া (Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য…
-
দীশা ৰবি
দীশা আনাপ্পা ৰবি (Disha Annappa Ravi; জন্ম: ১৯৯৮/৯৯, বাংগালোৰ) ভাৰত চৰকাৰে অভিযোগ দৰ্শাইছিল যে, কৃষক আন্দোলনটোৰ প্ৰতি সমৰ্থন জনাবলৈ কিদৰে আৰু কেনেকৈ পথ অৱলম্বন কৰিব লাগে, সেই সন্দৰ্ভত এই টুলকিটটোৱে প্ৰণালীবদ্ধভাৱে সামাজিক ন্যায়প্ৰদানৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিছিল।
-
ধ্ৰুৱজ্যোতি ঘোষ
ধ্ৰুৱজ্যোতি ঘোষ (Dhrubajyoti Ghosh; ১৯৪৭ – ১৬ ফেব্ৰুৱাৰী ২০১৮) ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ৫০০ বঁটা বিজয়ী, কৃষি পৰিৱেশ তন্ত্ৰৰ বিশেষ উপদেষ্টা, পৰিৱেশ তন্ত্ৰ ব্যৱস্থাপনা আয়োগৰ অংশ, আৰু আই ইউ চি এনৰ দক্ষিণ এছিয়াৰ আঞ্চলিক অধ্যক্ষ আছিল।
-
পিপল বাবা
পিপল বাবা বা স্বামী প্ৰেম পৰিৱৰ্তন (Peepal Baba) এজন পৰিৱেশবিদ যি নিজৰ দলৰ সৈতে ভাৰতৰ ১৮খন ৰাজ্যৰ ২০২খন জিলাত ২ কোটিৰো অধিক গছ ৰোপণ কৰিছে। ১৯৬৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ চণ্ডীগড়ত ভাৰতীয় সেনাৰ চিকিৎসকৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।
-
লুইচ জৰ্জ ৰিভেৰা হেৰেৰা
লুইচ জৰ্জ ৰিভেৰা হেৰেৰা (জন্ম ১৯৭২, পুয়েৰ্তো ৰিকো) এজন পুয়েৰ্তো ৰিকান পৰিৱেশ কৰ্মী যি নৰ্থ-ইষ্ট ইক'লজিকেল কৰিডৰ নেচাৰ ৰিজাৰ্ভ (চিইএন)ৰ সুৰক্ষাত তেওঁৰ অৱদানৰ বাবে ২০১৬ চনত গোল্ডমেন পৰিৱেশ বঁটা লাভ কৰিছিল।
-
হৰিণী নাগ্ৰেণ্ডা
হৰিণী নাগ্ৰেণ্ডা (Harini Nagendra) এগৰাকী ভাৰতীয় পৰিৱেশবিদ যিয়ে দক্ষিণ এছিয়াৰ প্ৰেক্ষাপটত বনাঞ্চল আৰু চহৰসমূহৰ সামাজিক-পৰিৱেশগত বহনক্ষমতাক গঢ় দিয়া কাৰকসমূহ পৰীক্ষা কৰিবলৈ জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰ অধ্যয়ন, আৰ্কাইভ গৱেষণা, প্ৰতিষ্ঠানিক বিশ্লেষণ আৰু সম্প্ৰদায়ৰ সাক্ষাৎকাৰৰ সৈতে সংযুক্ত উপগ্ৰহৰ…
-
ৰবিন ৱাল কিমাৰাৰ
ৰবিন ৱাল কিমাৰাৰ ( Robin Wall Kimmerer; জন্ম ১৯৫৩)) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক। বৰ্তমান তেওঁ ষ্টেট ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry, SUNY-ESF)ৰ…
-
ৰিধিমা পাণ্ডে
ৰিধিমা পাণ্ডে (জন্ম ২০০৯) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁক গ্ৰেটা থুন্বাৰিৰ সৈতে তুলনা কৰা হৈছে। তেওঁ ন বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
-
ৱাছফিয়া নাজৰিন
ৱাছফিয়া নাজৰীন Wasfia Nazreen এগৰাকী বাংলাদেশী পৰ্বতাৰোহী আৰু পৰিৱেশ কৰ্মী। নাজৰীন বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কে২ (K2) আৰোহণকাৰী প্ৰথম গৰাকী বাংলাদেশী। ১৯৫৪ চনৰ পৰা ইতিহাসত সফলতাৰে কে২ আৰোহণ কৰা ৪০ গৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম হৈ পৰে।