অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান।১ ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান। সমগ্ৰ পূব হিমালয় অঞ্চলত ই প্ৰাকৃতি সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা, সীমাৰেখিয় গোষ্ঠীৰ উন্নত জীৱন যাপনৰ বাবে গৱেষণা, শিক্ষা আৰু আইনী পৰামৰ্শৰে সেৱা আগবঢ়ায়।২
অৰণ্যকে আন্তৰ্জাতিক পৰ্বত উন্নয়ন কেন্দ্ৰৰ লগত যুটীয়ভাৱে অসমৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ গোষ্ঠীগত পাৰম্পৰিক পদ্ধতিৰে বানপানীৰ আগজাননী দিয়া তন্ত্ৰৰ সফলতাৰে ব্যৱহাৰ কৰাৰ বাবে ২০১৪ চনৰ ৰাষ্ট্ৰসংঘৰ লাইটহাউচ এক্টিভিটি বঁটা লাভ কৰিছিল।
তদুপৰি ইয়াৰ লগত জড়িত বিভিন্ন প্ৰকল্প আৰু সদস্য সমূহে বহুতো দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। ২০১৭ চনত অৰণ্যকৰ সদস্য পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
তথ্যসূত্ৰ
- ↑ Villagers hang leopard after killing three people, rescued by Aaranyak. tribune.com
- ↑ About Aaranyak in India Water Portal. India Water Portal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰণ্যক” প্ৰবন্ধৰ সংশোধন ৩৭৯৮২৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।