পুষ্পা ২: দ্য ৰুল (Pushpa 2: The Rule) হৈছে ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় তেলুগু ভাষাৰ এখন একশ্যনধৰ্মী নাট্য চলচ্চিত্ৰ।১ ছবিখন পৰিচালনা কৰিছে পৰিচালক সুকুমাৰে আৰু সুকুমাৰ ৰাইটিংছৰ উদ্যোগত ছবিখনৰ প্ৰযোজনা কৰিছে মৈত্ৰী মুভি মেকাৰ্ছে। ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে অল্লু অৰ্জুনে। আন অভিনয় শিল্পীসকলৰ ভিতৰত আছে ৰশ্মিকা মন্দান্না, ফাহাধ ফাচিল, জগপতি বাবু, ধনঞ্জয়, ৰাও ৰমেশ, সুনীল আৰু অনসুয়া ভৰদ্বাজ। ই পুষ্পা চলচ্চিত্ৰ ধাৰাবাহিকৰ দ্বিতীয় কিস্তি আৰু ২০২১ চনৰ চলচ্চিত্ৰ পুষ্পা: দ্য ৰাইজৰ ছিকুৱেল।
২০২১ চনৰ ডিচেম্বৰ মাহত মূল চলচ্চিত্ৰখন মুক্তি পোৱাৰ কেইদিনমান আগতে পুষ্পা ২ নামেৰে ছিকুৱেলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। পিছত, ২০২২ চনৰ আগষ্ট মাহত পুষ্পা ২: দ্য ৰুল উপশিৰোনামটি ঘোষণা কৰা হৈছিল।২৩ ছবিখনৰ ১০% ফুটেজ প্ৰথমে মূল ছবিখনৰ সৈতে বেক-টু-বেক শ্বুট কৰা হৈছিল। কিন্তু পৰিচালক সুকুমাৰে কাহিনীটো সলনি কৰাৰ সিদ্ধান্ত লয়, যাৰ ফলত ২০২২ চনৰ অক্টোবৰৰ পৰা ছবিখনৰ মূল ফটোগ্ৰাফী আৰম্ভ হয়। চলচ্চিত্ৰখনৰ সংগীত দেৱী শ্ৰী প্ৰসাদৰ দ্বাৰা ৰচিত। ইয়াৰ চিনেমেট'গ্ৰাফীৰ কাম কৰিছে মিৰ'স্লাৱ কুবা ব্ৰজেকে আৰু সম্পাদনা কৰিছে নবীন নুলিয়ে। ৪০০–৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত, এই ছবিখন আটাইতকৈ ব্যয়বহুল ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম।৪ ২০০ মিনিটৰ ৰানটাইমৰ এই ছবিখন এতিয়ালৈকে নিৰ্মিত আটাইতকৈ দীঘলীয়া ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম।৫
পুষ্পা ২: দ্য ৰুল ২০২৪ চনৰ ৫ ডিচেম্বৰ তাৰিখে, বিশ্বজুৰি ষ্টেণ্ডাৰ্ড, আইমেক্স, ৪ডিএক্স, ডি-বক্স আৰু পিভিআৰ আইচিই ফৰ্মেটত ছবিগৃহত মুক্তি পাইছিল।
কাহিনীভাগ
ৰঙা চন্দনৰ এটা চালান জাপানৰ য়োকোহামা বন্দৰত গৈ পায়। য’ত শ্ৰমিকসকলে এটা কণ্টেইনাৰৰ ভিতৰত পুষ্পাক লুকাই থকা দেখি স্তম্ভিত হৈ পৰে। পুষ্পাই তেওঁলোকক আক্ৰমণ কৰে, লোডৰ বাবে ধন দিবলৈ দাবী কৰে। কিন্তু শ্ৰমিকসকলে গুলীয়াই দিয়াত তেওঁ সাগৰত পৰি যায়, যাৰ ফলত ফ্লেছবেকৰ সূচনা হয়।
এছ পি ভঁৱৰ সিং শ্বেখাৱতক অপমান কৰাৰ পিছত পুষ্পাই এজন সন্মানীয় চোৰাংচোৱা হিচাপে ক্ষমতালৈ আহে, আনহাতে সিঙে আত্মগোপন কৰে। সিঙে গোপনে শ্ৰমিকৰ বেশ ধৰি এটা বৃহৎ চন্দন কাঠৰ চালান আটক কৰে। ইফালে পুষ্পাই মুখ্যমন্ত্ৰী নৰসিংহ ৰেড্ডীক সাক্ষাৎ কৰে যদিও ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ পৰা হাত সাৰিবলৈ পুষ্পাই তেওঁৰ সৈতে ফটো উঠিবলৈ অস্বীকাৰ কৰে। ক্ষুণ্ণ হৈ পুষ্পাই চিধাপ্পাক মুখ্যমন্ত্ৰী কৰি চৰকাৰক ওফৰাই দিয়াৰ ভাবুকি দিয়ে, চন্দন কাঠৰ চোৰাং ব্যৱসায়ৰ জৰিয়তে ৫০০ কোটি টকা সংগ্ৰহ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী কোগাতম বীৰ প্ৰতাপ ৰেড্ডীৰ সৈতে চুক্তিবদ্ধ হয় পুষ্পাই আৰু মালদ্বীপত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা হামীদক সাক্ষাৎ কৰি ২০০০ টন চন্দন কাঠ ৫ হাজাৰ কোটি টকাত বিক্ৰী কৰে। কেইবাজনো চোৰাংচোৱাই পুষ্পাৰ ছিণ্ডিকেটত যোগদান কৰে যদিও মংগলম শ্ৰীনু আৰু দক্ষায়ণীয়ে ভঁৱৰৰ সৈতে এই অভিযানত বাধা হৈ থিয় দিয়ে। ভঁৱৰে ছিণ্ডিকেটৰ এজন সদস্যক হত্যা কৰি আনসকলৰ মাজত ভয়ৰ সৃষ্টি কৰে, যিয়ে পুষ্পাক নিজৰ নেতৃত্ব শ্ৰীনুৰ ওচৰত এৰি দিবলৈ আহ্বান জনায়।
পুষ্পাই অৱশ্যে নিজৰ কৌশল আৰু উপায় ব্যৱহাৰ কৰি শ্ৰীলংকাৰ অন্তিম গন্তব্যস্থানলৈকে চেন্নাইলৈ চোৰাং চন্দন সৰবৰাহ কৰিবলৈ সক্ষম হয়। পৰিবহণৰ সময়ত ভঁৱৰে ধৰি লয় আৰু সকলোবোৰ ট্ৰাকতে গুলিয়ায়, যাৰ ফলত চালকসকলে পলায়ন কৰিবলৈ বাধ্য হয়। সংবাদ মাধ্যমে ভঁৱৰক এই অভিযানৰ বাবে প্ৰশংসা কৰে, কিন্তু শ্ৰীনুৱে উপলব্ধি কৰে যে বোজাটো চন্দনৰ নাছিল বৰঞ্চ চেণ্ড্ৰাৰ আছিল, যাৰ কাঠ ৰঙা চন্দনৰ দৰে যদিও বজাৰ মূল্য নাই। পুষ্পাই প্ৰকৃত বোজাটো ম'হৰ গাড়ী এখনেৰে পৰোক্ষভাৱে ভঁৱৰৰ সহায়তেই চেন্নাইলৈ লৈ গৈছিল।
অৱশেষত ভঁৱৰে ৰামেশ্বৰমলৈ চালানটো ট্ৰেক কৰাৰ অনুমতি লাভ কৰে যদিও ভাৰত-শ্ৰীলংকা সীমান্ত পাৰ হোৱাৰ আগতেই চালানটো ধৰিব নোৱাৰে। ক্ৰোধিত হৈ তেওঁ ষ্ট’ৰেজ ছাইটটো জ্বলাই দিয়ে আৰু জুইত নিজকে হত্যা কৰা যেন লাগে।
ইফালে শ্ৰীৱল্লী গৰ্ভৱতী হয় আৰু এই আনন্দতে পুষ্পাই উৎসৱৰ আয়োজন কৰে। কিন্তু উৎসৱৰ সময়ত তেওঁৰ ভতিজী কাবেৰীক আক্ৰমণ কৰা আৰু পিছত বীৰা প্ৰতাপ ৰেড্ডীৰ ভতিজা বুগী ৰেড্ডীয়ে অপহৰণ কৰাৰ ফলত শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হয়। পুষ্পাই তাইক উদ্ধাৰ কৰে আৰু বুগী তথা তেওঁৰ দলটোক হত্যা কৰে। এনেতে তেওঁৰ নিজৰ বিচ্ছিন্ন পৰিয়ালৰ সৈতে মিলন ঘটে আৰু কাবেৰীৰ বিয়া হয়। শেষত, বিয়াখনত কোনো এজন ৰহস্যময় ব্যক্তিয়ে বোমা বিস্ফোৰণ কৰে।
অভিনয় শিল্পী
- অল্লু অৰ্জুন - পুষ্পা ৰাজ
- মাষ্টৰ ধ্ৰুৱন - তৰুণ পুষ্পা ৰাজ
- ৰশ্মিকা মন্দান্না - শ্ৰীৱল্লী, পুষ্পাৰ পত্নী
- ফাহাধ ফাছিল - এছ পি ভঁৱৰ সিং শ্বেখাৱত
- জগদীশ প্ৰতাপ বণ্ডাৰী - কেশৱ "মণ্ডেলু", পুষ্পাৰ বন্ধু
- জগপতি বাবু - কেন্দ্ৰীয় মন্ত্ৰী কোগাতম বীৰ প্ৰতাপ ৰেড্ডী
- সুনীল - মংগলম শ্ৰীনু
- অনসুয়া ভৰদ্বাজ - দক্ষায়নী "দক্ষা", মংগলম শ্ৰীনুৰ পত্নী
- ৰাও ৰমেশ - সাংসদ ভূমিৰেড্ডী সিদ্দাপ্পা নাইডু
- শানমুখ - জাক্কা ৰেড্ডী
- সত্য - জাপানী অনুবাদক
- তাৰক পন্নাপ্পা - কোগাটাম বুগ্গী ৰেড্ডী, প্ৰতাপ ৰেডীৰ ভতিজা
- অজয় - মল্লেটী মোহন ৰাজ, পুষ্পাৰ মাহীমাকৰ পুতেক
- শ্ৰীতেজ - মল্লেটী ধৰম ৰাজ, পুষ্পাৰ মাহীমাকৰ পুতেক
- পৱনী কৰণাম - মল্লেটী কাবেৰী, পুষ্পাৰ ভতিজী আৰু মোহনৰ জীয়েক
- সৌৰভ সচদেৱ - হামীদ
- আদিত্য মেনন - কোগাতম চুব্বা ৰেড্ডী, প্ৰতাপ ৰেড্ডীৰ ভাতৃ আৰু বাগ্গী ৰেড্ডীৰ পিতৃ
- মাইম গোপী - চেন্নাই মুৰুগান
- ব্ৰহ্মাজী - উপ-পৰিদৰ্শক কুপ্পাৰাজ
- আড়ুকালাম নৰেণ - মুখ্যমন্ত্ৰী নৰসিংহ ৰেড্ডী
- কল্পলতা - পাৰ্বতম্মা, পুষ্পাৰ মাতৃ
- দয়ানন্দ ৰেড্ডী - মুনীৰত্নম, শ্ৰীৱল্লীৰ পিতৃ
- বিন্দু চন্দ্ৰমৌলি - কাবেৰীৰ মাক আৰু মোহনৰ পত্নী
- দিৱি বদথ্যা - মিন্নু উমা দেৱী, এগৰাকী টিভি ৰিপ’ৰ্টাৰ
- ধনঞ্জয় - জালি ৰেড্ডী (ক্ষন্তেকীয়া উপস্থিতি)
- শ্ৰীলীলা - "কিছিক" শীৰ্ষক গীতটিৰ অতিথি অভিনেত্ৰী
উৎপাদন
বিকাশ
২০২১ চনত পুষ্পা: দ্য ৰাইজ মুক্তিৰ পূৰ্বে ছবিখন দুটা ভাগত মুক্তি পোৱাৰ কথা ঘোষণা কৰা হৈছিল, ছবি নিৰ্মাতাসকলে কৈছিল যে প্ৰথম খণ্ড সেই বছৰতে মুক্তি পাব, আনহাতে পিছৰ অংশটো তাৰ পিছৰ বছৰত (২০২২) মুক্তি পাব।৬ প্ৰথম অৱস্থাত ছিকুৱেলৰ ১০% ফুটেজ প্ৰথম খণ্ডৰ সৈতে বেক-টু-বেক শ্বুট কৰা হৈছিল যদিও সুকুমাৰে ছিকুৱেলৰ কাহিনী সলনি কৰাৰ সিদ্ধান্ত লৈছিল যাতে দৰ্শকৰ প্ৰত্যাশা পূৰণ কৰিব পৰা যায় আৰু পূৰ্বৰ ছবিখনৰ ভুলবোৰ শুধৰাব পাৰি।৭ ২০২২ চনৰ জুলাই মাহৰ ভিতৰত হাইদৰাবাদত ছবিখনৰ চিত্ৰনাট্যৰ অংশ সম্পূৰ্ণ হৈছিল।৮ ২০২২ চনৰ ২২ আগষ্টত আনুষ্ঠানিক শিৰোনাম পুষ্পা ২: দ্য ৰুল ঘোষণা কৰা হয়। সেইদিনাই হাইদৰাবাদত ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু অন্যান্য কলা-কুশলীৰ উপস্থিতিত উদ্বোধনী মুহুৰৎ পূজা অনুষ্ঠিত হয়।৯১০
পৰিচালক সুকুমাৰে ছবিখনৰ চিত্ৰনাট্য লিখাৰ বিপৰীতে ছবিখনৰ সংলাপসমূহ লিখিছিল শ্ৰীকান্ত ভিছাই।১১ সুকুমাৰে ইয়াৰ উপৰিও পূৰ্বৰ অংশটিৰ বেছিভাগ কাৰিকৰী শিল্পীকে ৰাখিছিল। য’ত আছিল চিনেমাট’গ্ৰাফাৰ মিৰ’স্লাৱ কুবা ব্ৰজেক, সম্পাদক কাৰ্তিক শ্ৰীনিবাস আৰু ৰুবেন, কলা পৰিচালক এছ ৰামকৃষ্ণ আৰু মনিকা নিগোত্ৰে আৰু চাউণ্ড ডিজাইনাৰ ৰেছুল পুকুটি আৰু বিজয় কুমাৰ।১২১৩ দীপালী নূৰ আৰু শীতল শৰ্মাই সাজ-পোছাক ডিজাইনাৰ হিচাপে কাম কৰাৰ বিপৰীতে প্ৰীতি শীল সিঙক চৰিত্ৰ ডিজাইনাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। পিটাৰ হেইন, কেঁচা কাম্ফকদী, ড্ৰেগন প্ৰকাশ আৰু নবাকান্তক ছবিখনৰ ষ্টাণ্ট পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছিল। ছবিখনৰ নৃত্য পৰিচালকসকল হ'ল প্ৰেম ৰক্ষিত, গণেশ আচাৰ্য, বিজয় পোলাকী আৰু শ্ৰষ্ঠী ভাৰ্মা।১৪
অভিনয় শিল্পী নিৰ্বাচন
প্ৰথম খণ্ডৰ পৰা অল্লু অৰ্জুন, ফাহাধ ফাচিল, ৰশ্মিকা মন্দান্না, ধনঞ্জয়, ৰাও ৰমেশ, সুনীল, অনাসুয়া ভৰদ্বাজ, অজয় ঘোষ আৰু অন্যান্য অভিনয় শিল্পীসকলে নিজ নিজ চৰিত্ৰ পুনৰায় অভিনয় কৰাৰ বিপৰীতে ২০২৩ চনৰ এপ্ৰিল মাহত জগপতি বাবুক এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে নিয়োগ কৰা হৈছিল।১৫ আত্মহত্যাৰ গোচৰত অভিযুক্ত জগদীশ প্ৰথাপ বান্দাৰীয়ে জামিন লাভ কৰাৰ পিছত, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ ছবিখনত যোগদান কৰে।১৬
প্ৰথম অৱস্থাত আইটেম নম্বৰ (গীত)ৰ বাবে তৃপ্তি ডিমৰি, জাহ্নৱী কাপুৰ, দিশা পাটানী, শ্ৰদ্ধা কাপুৰকে ধৰি বিভিন্ন অভিনেত্ৰীক বিবেচনা কৰা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।১৭১৮১৯ অৱশ্যে অভিনেত্ৰী শ্ৰীলীলাক পিছলৈ চূড়ান্ত কৰা হয়।২০২১
পিছলৈ, সৌৰভ সচদেৱ, তাৰক পন্নপ্পা, সত্য আৰু আদিত্য মেনন আদিও ছবিখনৰ অংশ বুলি খবৰ ওলাইছিল।২২২৩
চিত্ৰগ্ৰহণ
২০২২ চনৰ ৩০ অক্টোবৰত, হাইদৰাবাদত এটি টেষ্ট শ্বুটিঙৰ জৰিয়তে ছবিখনৰ মূল ফটোগ্ৰাফী আৰম্ভ হৈছিল।২৪২৫ ২০২৩ চনৰ জানুৱাৰী মাহত বিশাখাপট্টনমত এটা একচন ছিকুৱেন্সৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।২৬ ২০২৩ চনৰ মাৰ্চ মাহত বেংগালুৰুত কিছু দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।২৭ পৰিচালক অসন্তুষ্ট হোৱাৰ বাবে ছবিখনৰ শ্বুটিং বন্ধ কৰা বুলি উৰাবাতৰি উলাইছিল যদিও পিছলৈ কিছুদিন পিছত পুনৰ শ্বুটিং আৰম্ভ হোৱাৰ বাবে বাতৰিটো ভুৱা বুলি প্ৰমাণিত হৈছিল।২৮২৯
২০২৩ চনৰ এপ্ৰিল মাহত ওড়িশাৰ মালকানগিৰি জিলাত কিছুমান অৰণ্যৰ দৃশ্যৰ শ্বুটিং কৰা হৈছিল।৩০ ২০২৩ চনৰ এপ্ৰিল মাহত জগপতি বাবুয়েও অভিনয় শিল্পী ৰূপে যোগদান কৰে।৩১ ২০২৩ চনৰ মে’ মাহত ফাহাধ ফাচিলে ছবিখনত যোগদান কৰাৰ বিপৰীতে ২০২৩ চনৰ জুন মাহত ৰশ্মিকাই যোগদান কৰে।৩২৩৩ ২০২৩ চনৰ ৩ জুনত, বিজয়াৱাড়া–হাইদৰাবাদ এক্সপ্ৰেছৱে’ৰ ওচৰত ছবিখনৰ কলা-কুশলীসকল অহা-যোৱা কৰা বাছ এখনত দুৰ্ঘটনা সংঘটিত হয়।৩৪ ২০২৩ চনৰ জুলাই মাহত বিশাখাপট্টনম বন্দৰত ৫০জন ষ্টাণ্টমেনৰ সৈতে এটা একচন ছিকুৱেন্স শ্বুটিং কৰা হৈছিল, য’ত অল্লু অৰ্জুনে ক্ৰেন এটাৰ সহায়ত মাটিৰ পৰা প্ৰায় ১০০ ফুট ওপৰত ওলোটাকৈ ওলমি আছিল।৩৫ ২০২৩ চনৰ আগষ্ট মাহত ৰামোজী ফিল্ম চিটিত কিছু দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।৩৬৩৭ ২০২৩ চনৰ নৱেম্বৰ মাহত হাইদৰাবাদত পুনৰ চিত্ৰগ্ৰহণ আৰম্ভ হয়।৩৮ ২০২৩ চনৰ ডিচেম্বৰ মাহত অভিনেতা অল্লু অৰ্জুন অসুস্থ হোৱা বাবে চিত্ৰগ্ৰহণ পিছুৱাই দিয়া হৈছিল।৩৯
২০২৪ চনৰ মাৰ্চ মাহত ৱাইজাগ আৰু যগন্তী মন্দিৰত ছবিখনৰ কিছুমান ছিকুৱেন্সৰ শ্বুটিং কৰা হৈছিল।৪০৪১ পিছত শুনা যায় যে গংগাম্মা যাত্ৰাৰ প্ৰদৰ্শন আৰু যুঁজৰ ছিকুৱেন্সৰ বাবে নিৰ্মাতাসকলে ₹৫০–৬০ কোটি টকা খৰচ কৰে।৪২৪৩ ২০২৪ চনৰ এপ্ৰিল মাহত হাইদৰাবাদত পানীৰ তলৰ এক বৃহৎ ছিকুৱেন্সৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।৪৪ ২০২৪ চনৰ মে’ মাহত ছবিখনৰ একাধিক এণ্ডিং থাকিব বুলি খবৰ ওলাইছিল আৰু গোপনীয়তা বজাই ৰাখিবলৈ নিৰ্মাতাসকলে ছবিখনৰ চেটত ফোন ব্যৱহাৰত নিষেধাজ্ঞা নীতি বাছি লৈছিল।৪৫৪৬ ২০২৪ চনৰ জুলাই মাহত আল্লু অৰ্জুন আৰু সুকুমাৰৰ মাজত বিভাজন আৰু সৃষ্টিশীল মতানৈক্যৰ বাবে ছবিৰ শ্বুটিং পলম হোৱা বুলি খবৰ ওলাইছিল৪৭৪৮ যদিও পিছলৈ হাইদৰাবাদত পুনৰ শ্বুটিং আৰম্ভ হোৱাৰ বাবে সেইবোৰ ভুৱা বাতৰি বুলি প্ৰমাণিত হৈছিল।৪৯৫০৫১
১৯৯০ আৰু ২০০০ দশকৰ জাপান আৰু মালয়েছিয়াক চিত্ৰিত কৰা চেটসমূহ ৰামোজী ফিল্ম চিটিত পুনৰ নিৰ্মাণ কৰা হৈছিল। যদিও বেংকক, মালয়েছিয়া আৰু জাপানৰ আচল স্থানসমূহত শ্বুটিং কৰাৰ পৰিকল্পনা আছিল কিন্তু বাজেট আৰু সময়ৰ নাটনিৰ বাবে সেয়া সম্ভৱ নহ'ল।৫২ ২০২৪ চনৰ আগষ্ট মাহত ছবিখনৰ ক্লাইমেক্স শ্বুটিং কৰা হয়।৫৩৫৪ অভিনেত্ৰী শ্ৰীলীলাক লৈ এটা আইটেম নম্বৰ (গীত) ২০২৪ চনৰ নৱেম্বৰ মাহত হাইদৰাবাদত চিত্ৰগ্ৰহণ কৰা হৈছিল।৫৫৫৬ ২০২৪ চনৰ নৱেম্বৰৰ শেষৰ ফালে এটা ৰোমাণ্টিক গীতকে ধৰি ছবিখনৰ গোটেই শ্বুটিং শেষ হৈছিল।৫৭৫৮৫৯
মুক্তি
চিত্ৰগৃহত মুক্তি
পুষ্পা: দ্য ৰুল ২০২৪ চনৰ ৫ ডিচেম্বৰত ষ্টেণ্ডাৰ্ড, আইমেক্স, ৪ডিএক্স, ডি-বক্স আৰু আইচিই ফৰ্মেটত ছবিগৃহসমূহত মুক্তি পাইছিল।৬০৬১ মূল তেলুগু ভাষাৰ বাহিৰেও ইয়াক হিন্দী, তামিল, কন্নড়, বাংলা আৰু মালয়ালম ভাষাত মুক্তি দিয়া হৈছিল।৬২ প্ৰথমতে একেদিনাই ছবিখনৰ থ্ৰীডি সংস্কৰণ মুক্তি পোৱাৰ কথা আছিল যদিও ২০২৪ চনৰ ১৩ ডিচেম্বৰলৈ শ্ব’সমূহ পিছুৱাই দিয়া হয়।৬৩
প্ৰথম অৱস্থাত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ২০২৪ চনৰ ১৫ আগষ্টত ছবিখন মুক্তি দিয়াৰ কথা নিৰ্মাতাসকলে ঘোষণা কৰিছিল।৬৪৬৫ কিন্তু অসমাপ্ত শ্বুটিং আৰু পোষ্ট প্ৰডাকচনৰ বাবে ইয়াক ২০২৪ চনৰ ৬ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয়,৬৬৬৭ তাৰ পিছত এদিন আগতে অৰ্থাৎ ৫ ডিচেম্বৰতে মুক্তি পায়।৬৮৬৯ পুষ্পা ২: দ্য ৰুল বাংলা ভাষাত মুক্তি পোৱা প্ৰথমখন প্যান ইণ্ডিয়ান চলচ্চিত্ৰ।৭০৭১
স্ক্ৰীনিং
এই ছবিখন বিশ্বজুৰি ১২ হাজাৰৰো অধিক ছবিগৃহত মুক্তি পায়।৭২৭৩
হোম মিডিয়া
দূৰদৰ্শন চেনেল ষ্টাৰ মায়ে ছবিখনৰ চেটেলাইট অধিকাৰ লাভ কৰিছিল।৭৪ নেটফ্লিক্সে ২৭৫ কোটি টকাত, ছবিখনৰ ডিজিটেল ষ্ট্ৰীমিং ৰাইট অধিগ্ৰহণ কৰিছিল।৭৫৭৬৭৭
তথ্যসূত্ৰ
- ↑ (2024-10-27). Has Allu Arjun surpassed Vijay to become the highest-paid Indian actor with 'Pushpa 2'?. The Times of India
- ↑ (22 August 2022). 'Pushpa The Rule: Part 2' kicks off with a puja ceremony. Telangana Today
- ↑ (11 January 2022). 'Pushpa' sequel to go on the floors in April, script altered. WION
- ↑ Allu Arjun Increases His Fee To ₹150 Crore Ahead Of Pushpa 2 Release? Heres What We Know. News18
- ↑ CBFC | Search Film. কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ
- ↑ (14 May 2021). Allu Arjun's Pushpa to be released in two parts, first part will be out in August 2021. Hindustan Times
- ↑ (26 April 2022). Did Sukumar alter the script of 'Pushpa 2' post 'KGF2' Success?. The Times of India
- ↑ Director Sukumar Makes Big Changes in Allu Arjun's Pushpa 2 Script for This Reason?. News18
- ↑ (21 August 2022). Pushpa The Rule update! Allu Arjun, Rashmika Mandanna's film to go on floor with pooja ceremony on Aug 22. India Today
- ↑ (22 August 2022). Allu Arjun, Rashmika Mandanna starring 'Pushpa 2' begins shooting, pooja held. The Times of India
- ↑ (24 April 2022). Pushpa 2 will go a notch up, Allu Arjun to have catchy lines; REVEALS dialogue writer Srikanth Vissa-EXCLUSIVE. Pinkvilla
- ↑ (8 April 2024). 'Pushpa 2: The Rule': Here's Everything We Know About The Allu Arjun-Starrer Sequel. Outlook
- ↑ 'Pushpa' Sound Designer Resul Pookutty Praises Allu Arjun For His Dedication. Times of India
- ↑ (8 April 2024). Pushpa 2 The Rule Teaser · Allu Arjun · Sukumar · Rashmika Mandanna · Fahadh Faasil · DSP. Mythri Movie Makers
- ↑ (20 April 2023). EXCLUSIVE: Jagapathi Babu confirms entry in Allu Arjun's Pushpa 2, says 'Sukumar gives me the best characters'. pinkvilla.com
- ↑ (2 February 2024). Jagadeesh Prathap Bandari released on bail in suicide abetment case, joins the sets of Pushpa 2. The Indian Express
- ↑ (22 March 2022). Disha Patani Set to Replace Samantha in Pushpa 2 Item Song After Rejecting Oo Antava?. News18
- ↑ (27 May 2024). Janhvi Kapoor Or Tripti Dimri Likely To Feature in Special Song Of Pushpa 2 The Rule. Times Now
- ↑ (21 October 2024). Shraddha Kapoor to join Allu Arjun in special dance number in Pushpa 2: Report. India Today
- ↑ (3 November 2024). Guntur Kaaram actor Sreeleela, Allu Arjun to dance in a Pushpa 2 song: Report. India Today
- ↑ (4 November 2024). Sreeleela to groove with Allu Arjun in a peppy dance number in Pushpa 2: The Rule: Report. Bollywood Hungama
- ↑ (18 November 2024). Animal fame Saurabh Sachdeva to star in Allu Arjun starrer Pushpa 2? Here's what we know!. Bollywood Hungama
- ↑ Meet Kannada actor who is seen with half-shaved head in Pushpa 2 The Rule trailer; was also part of Devara Part 1. Hindustan Times
- ↑ (30 October 2022). Allu Arjun begins shooting for 'Pushpa: The Rule', on-set picture goes viral. The Times of India
- ↑ (31 October 2022). Allu Arjun begins shoot of Pushpa 2: The Rule; cinematographer Miroslaw Kuba Brozek shares behind-the-scenes photo. Bollywood Hungama
- ↑ (20 January 2023). Allu Arjun to shoot for an action sequence for Pushpa: The Rule in Vizag; see pic. Bollywood Hungama
- ↑ (20 March 2023). Allu Arjun's Pushpa 2 next schedule to be shot in Bengaluru. Fahadh Faasil to be part of it. India Today
- ↑ (3 April 2023). WHAT! Pushpa 2 Shooting STOPPED, 2023 Release CANCELLED Because Director 'Unsatisfied'?. News18
- ↑ (3 April 2023). 'Pushpa 2' shooting stopped and 2023 release cancelled? Here's everything we know about Allu Arjun's upcoming film. The Economic Times
- ↑ Barik, Satyasundar. (10 April 2023). Pushpa-2 team chooses erstwhile Maoists' bastion in Odisha for shooting. The Hindu
- ↑ (21 April 2023). Jagapathi Babu confirms signing Allu Arjun's Pushpa 2, has THIS to say about his role. India Today
- ↑ (18 May 2023). Pic: Fahadh Faasil Joins Allu Arjun In 'Pushpa 2: The Rule' For A Thrilling Vengeance. Times of India
- ↑ (28 June 2023). Rashmika Mandanna starts shooting for Pushpa 2; drops a behind-the-scenes picture. Bollywood Hungama
- ↑ (3 June 2023). Allu Arjun starrer Pushpa 2 crew meets with bus accident in Telangana: Report. Bollywood Hungama
- ↑ Allu Arjun Shoots Huge Action Scene At Vizag Port, Said To Be The 'Highlight' Of Pushpa 2. News18
- ↑ (5 August 2023). Allu Arjun kicks off another extensive schedule of Pushpa 2 in Ramoji studios in Hyderabad. Bollywood Hungama
- ↑ Pushpa 2: Allu Arjun Begins Shooting For A Brand New Schedule At Ramoji Film City; Deets Inside. News18
- ↑ (10 November 2023). Allu Arjun and Pushpa director Sukumar start the shoot of sequel in Hyderabad. Bollywood Hungama
- ↑ (2 December 2023). Pushpa The Rule shooting postponed due to Allu Arjun's health; here's what we know. Hindustan Times
- ↑ (10 March 2024). Massive crowd welcomes Allu Arjun to Vizag for Pushpa 2 shoot. Bollywood Hungama
- ↑ (20 March 2024). Rashmika Mandanna aka Srivalli shares photo of shooting Pushpa 2: The Rule at Yaganti Temple. Bollywood Hungama
- ↑ (29 February 2024). Pushpa 2: Makers of Allu Arjun Starrer Shoot Mega Song and Fight Sequence, Spend Rs 50 Cr On It. News18
- ↑ (11 April 2024). Allu Arjun Starrer Pushpa 2 Spends Rs 60 Cr on a 6-Minute Scene; OTT Rights Sold at Rs 100 Cr: Report. News18
- ↑ Allu Arjun's 'Pushpa 2: The Rule' Cinematographer Gives A Glimpse Of The Underwater Scenes In The Making!. Times of India
- ↑ (29 May 2024). Director Sukumar to shoot multiple endings of Pushpa: The Rule, bars phones on set. The Indian Express
- ↑ (29 May 2024). 'Pushpa 2' makers take extreme measures to prevent spoilers. The Statesman
- ↑ (18 July 2024). All is not well with Allu Arjun and 'Pushpa 2' director Sukumar? Here's the truth. India Today
- ↑ (17 July 2024). Is a cold war brewing between Allu Arjun & 'Pushpa' director Sukumar?. The Economic Times
- ↑ (20 July 2024). Producer Bunny Vasu Quashes Rumours About A Rift Between Allu Arjun And 'Pushpa 2' Director Sukumar: 'They Both Have A Well Established Bond'. Times of India
- ↑ Pushpa 2 Shooting: పుష్ప 2 సినిమా షూటింగ్ మళ్లీ షురూ. ఎప్పటి నుంచంటే!. Hindustan Times
- ↑ (22 August 2024). Allu Arjun and Sukumar reassures December 6 release for 'Pushpa 2', Dismiss delay speculations. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (26 July 2024). Throwback: How Pushpa 2 makers created Malaysia and Japan for Allu Arjun in Hyderabad. The Times of India
- ↑ (5 August 2024). 'Pushpa 2: The Rule': Allu Arjun, Sukumar finally resume shoot amid fallout rumours. India Today
- ↑ (5 August 2024). 'Pushpa 2' Shoot Update! Allu Arjun's starrer films an intense climax action sequence. Times of India
- ↑ (7 November 2024). Sreeleela Begins Shooting Special Song With Allu Arjun For Pushpa 2: The Rule. Times Now
- ↑ (9 November 2024). Sreeleela's leaked picture with Allu Arjun from 'Pushpa 2' sets confirms a dance number. Times of India
- ↑ Allu Arjun wraps up shooting Pushpa 2: '5 years of Pushpa; what a journey…'. The Indian Express
- ↑ Rashmika Mandanna broke down on last day of Pushpa 2 shoot, hints at part 3. India Today
- ↑ Allu Arjun and Rashmika Mandanna wrap Pushpa 2 with last-minute song shoot in Hyderabad. ottplay.com
- ↑ (24 October 2024). Allu Arjun's 'Pushpa 2: The Rule' to arrive early; new release date out. The Hindu
- ↑ (17 November 2024). Pushpa 2 The Rule Trailer (Telugu) · Allu Arjun · Sukumar · Rashmika Mandanna · Fahadh Faasil · DSP. Mythri Movie Makers
- ↑ (24 October 2024). Pushpa 2 set for grand release in 6 languages across 3,000 overseas locations. India Today
- ↑ EXCLUSIVE: Pushpa 2 - The Rule's 3D release cancelled for the release week; 3D version to now be available from December 13. Bollywood Hungama
- ↑ (11 September 2023). Mega Announcement! Pushpa 2 The Rule to arrive on the big screens on August 15. Bollywood Hungama
- ↑ (17 May 2024). Pushpa 2 release confirmed for August 15th despite speculations. The Statesman
- ↑ Sharma, Devansh. (17 June 2024). Allu Arjun announces Pushpa 2: The Rule is postponed. Here's when it will release now. The Hindustan Times
- ↑ (17 June 2024). Allu Arjun announces Pushpa 2: The Rule's new release set for December 6, 2024; movie delayed due to impending shoot & post-production. Bollywood Hungama
- ↑ (24 October 2024). Pushpa 2 new release date: Allu Arjun's film now arrives a day early. India Today
- ↑ (24 October 2024). New release date of Pushpa 2 is out; makers confident of Allu Arjun film entering Rs 1000 crore club. The Indian Express
- ↑ (9 April 2024). Pushpa 2: The Rule To Become First Telugu Film To Release In Bangla. Times Now
- ↑ (30 April 2024). BREAKING: Allu Arjun-starrer Pushpa 2: The Rule is the FIRST Pan-India film to also release in Bengali; makers shoot a massive underwater sequence. Bollywood Hungama
- ↑ Pushpa 2: The Rule to release in over 12,000 screens worldwide. Bollywood Hungama
- ↑ (4 December 2024). ‘Pushpa: The Rule’ casts its net wide, releasing in 12000 screens worldwide. The Hindu
- ↑ (26 April 2024). EXCLUSIVE: Pushpa 2 satellite rights sold to Jayantilal Gada; Big demand for Allu Arjun in TV world. Pinkvilla
- ↑ Ramachandran, Naman. (15 January 2024). NTR Jr.'s 'Devara,' Prabhas' 'Salaar,' Allu Arjun's 'Pushpa 2' Lead Netflix's 2024 Telugu Slate. Variety
- ↑ (September 2024). Allu Arjun starrer 'Pushpa 2' OTT rights reportedly acquired for a whopping cost; find out. Times of India
- ↑ (22 October 2024). Pushpa 2: The Rule digital rights acquired by Netflix for Rs 275 crores. Bollywood Hungama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা ২: দ্য ৰুল” প্ৰবন্ধৰ সংশোধন ৪৫৩৫০৬ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।