তেলেগু চলচ্চিত্ৰ
২১ প্ৰবন্ধ
-
আৰআৰআৰ (চলচ্চিত্ৰ)
আৰআৰআৰ (RRR) হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ। ইয়াত এন টি ৰামা ৰাও জুনিয়ৰ, ৰাম চৰণ তেজা, আলিয়া ভট্ট আৰু অলিভিয়া মৰিছে অভিনয় কৰিছে।
-
হাই নান্না
হাই নান্না হৈছে শৌৰ্যুভৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ ৰোমাণ্টিক নাটকীয় চলচ্চিত্ৰ। ভাইৰা এণ্টাৰটেইনমেণ্টছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মৃণাল ঠাকুৰ, নানী আৰু কিয়াৰা খান্নাই।
-
গীতা গোবিন্দম
গীতা গোবিন্দম (Geetha Govindam) হʼল পৰিচালক পৰশুৰামৰদ্বাৰা পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় তেলুগু ভাষাৰ ৰোমাণ্টিক কমেডীধৰ্মী কথাছবি। জিএ২ পিকচাৰ্ছৰদ্বাৰা প্ৰযোজিত, এই ছবিখনত অভিনেতা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মন্দান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ (অনু. ছালাৰ: প্ৰথম খণ্ড – যুদ্ধবিৰতি) হৈছে প্ৰশান্ত নীলৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন মহাকাব্যিক একচন চলচ্চিত্ৰ। হোম্বেল ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে বিজয় কিৰাগান্দুৰে।
-
পুষ্পা ২: দ্য ৰুল
পুষ্পা ২: দ্য ৰুল (Pushpa 2: The Rule) হৈছে ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় তেলেগু ভাষাৰ এখন একশ্যনধৰ্মী নাট্য চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে পৰিচালক সুকুমাৰে আৰু সুকুমাৰ ৰাইটিংছৰ উদ্যোগত ছবিখনৰ প্ৰযোজনা কৰিছে মৈত্ৰী মুভি মেকাৰ্ছে। ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে অল্লু অৰ্জুনে।
-
গুলাবী (১৯৯৫ চলচ্চিত্ৰ)
গুলাবী (Gulabi; ১৯৯৫ চনৰ এখন তেলেগু ৰোমান্টিক অপৰাধমূলক ছবি, যাৰ ৰচনা আৰু পৰিচালনা অভিষেক কৃষ্ণ বামছীৰ। ৰাম গোপাল বাৰ্মা আৰু অমিতাভ বচ্চন কৰ্প'ৰেশ্যন লিমিটেডৰ দ্বাৰা নিৰ্মিত এই ছবিখনত জে ডি চক্ৰৱৰ্তী আৰু মহেশ্বৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
দ্য ডাৰ্টি পিকচাৰ
দ্য ডাৰ্টি পিকচাৰ (The Dirty Picture) কামোদ্দীপক চৰিত্ৰৰ বাবে বিখ্যাত ভাৰতীয় অভিনেত্ৰী ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত আৰু ২০১১ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন বায়’পিক সংগীতমধুৰ ড্ৰামা ছবি।
-
হনু মান
হনু মান (হনুমান নামেৰেও বিপণন কৰা হৈছে) হৈছে প্ৰশান্ত বৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ছুপাৰহিৰো চলচ্চিত্ৰ। প্ৰাইমশ্ব’ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰঞ্জন ৰেড্ডী কন্দগটলাই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
অগ্গী বীৰুডু
অগ্গী বীৰুডু (Aggi Veerudu; অনু. অগ্নিবীৰ) ১৯৬৯ চনৰ তেলেগু ভাষাৰ এখন ছচবাল্কাৰ ছবি, যিখন বি. ভিট্টলচাৰ্যই শ্ৰী ভিট্টল কম্বাইনছ্ৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে। পৰিচালনা কৰিছে বি ভি শ্ৰীনিবাসে। ইয়াত এন টি ৰামা ৰাও, ৰাজশ্ৰী বিজয়াই অভিনয় কৰিছে। সংগীত ৰচনা বিজয় কৃষ্ণ মূৰ্তিৰ।
-
অন্নমায়া
অন্নমায়া (Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে।
-
আলী বাবা ৪০ ডংগালু
আলী বাবা ৪০ ডংগালু (Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত, ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ। শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।
-
গ্ৰুহলক্ষ্মী
গ্ৰুহলক্ষ্মী (অনু: গৃহলক্ষ্মী: Gruhalakshmi) এইচ এম ৰেড্ডী প্ৰযোজিত আৰু পৰিচালিত, ১৯৩৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন নাট্যধৰ্মী ছবি। ৰামানুজাচাৰ্য্যুলু, কাঞ্চনমালা, কান্নাম্বা আৰু চিত্তুৰ নাগয়া অভিনীত এই ছবিখন ৰোহিনী পিকচাৰ্ছৰ প্ৰথম প্ৰযোজনা আৰু চিত্তুৰ নাগয়াৰ প্ৰথম ছবি আছিল।
-
ডেঞ্জাৰাছ (২০২২ চনৰ চলচ্চিত্ৰ)
ডেঞ্জাৰাছ ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, যি ৰাম গোপাল বৰ্মাই পৰিচালনা কৰিছে আৰু নট্টি কুমাৰে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত নয়না গাংগুলী, অপ্সৰা ৰাণী, আৰু ৰাজপাল য়াদৱ মুখ্য ভূমিকাত আছে।
-
ডেট ইজ মহালক্ষ্মী
ডেট ইজ মহালক্ষ্মী ( That Is Mahalakshmi ) প্ৰশান্ত বৰ্মা পৰিচালিত আৰু মনু কুমাৰন আৰু পাৰুল যাদৱ প্ৰযোজিত এখন মুক্তি নোপোৱা ভাৰতীয় তেলেগু ভাষাৰ কমেডী নাট্যধৰ্মী ছবি। এইখন ২০১৪ চনৰ হিন্দী ছবি কুইনৰ পুনৰ্নিৰ্মাণ।
-
দাসী (১৯৮৮ চনৰ চলচ্চিত্ৰ)
দাসী হৈছে বি নাৰ্চিং ৰাৱে লিখা আৰু পৰিচালনা কৰা ১৯৮৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ নাট্য চলচ্চিত্ৰ আৰু এইখন চলচ্চিত্ৰত অৰ্চনাই দাসী কমলাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
বাল নাগাম্মা
বাল নাগাম্মা ( Bala Nagamma) ১৯৪২ চনj চি পুল্লাই পৰিচালfl আৰু এছ এছ ভাছান প্ৰযোজিত এখন তেলেগু ভাষাৰ ছবি। বাল নাগম্মা কাহিনীটো এটা জনপ্ৰিয় বুৰ্ৰা কথাৰ পৰা লোৱা হৈছে।
-
বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)
বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।
-
ভৈৰৱ দ্বীপম
ভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে।
-
মায়াবাজাৰ (১৯৩৬ চলচ্চিত্ৰ)
মায়াবাজাৰ (Mayabazar; শশীৰেখা পৰিণয়ম নামেৰেও পৰিচিত) ১৯৩৬ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ফেণ্টাচী ছবি, যাৰ পৰিচালনা পি বি দাসে কৰিছে। নিৰ্মাণ বেল পিকচাৰ্ছৰ। ছবিখনত অভিনয় কৰিছে যাদৱল্লী নাগেশ্বৰ ৰাও, এছ পি লক্ষ্মনাস্বামী, ৰামী ৰেড্ডী, আৰু শান্তাকুমাৰী। সংগীত ৰচনা কৰিছিল গলিপেঞ্চল নৰসিংহ ৰাৱে।
-
মায়াবাজাৰ (১৯৫৭ চলচ্চিত্ৰ)
মায়াবাজাৰ (Mayabazar ) ১৯৫৭ চনৰ কে ভি নাগীৰেড্ডী পৰিচালিত এখন ভাৰতীয় মহাকাব্যিক হিন্দু পৌৰাণিক ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত চক্ৰপানীয়ে এইখন প্ৰযোজনা কৰিছে। তেলেগু আৰু তামিল ভাষাত একেলগে ছবিখনৰ শ্বুটিং কৰা হৈছিল; মাত্ৰ অভিনেতা-অভিনেত্ৰীসকলৰ কিছু সালসলনি কৰা হৈছিল।
-
সাৱিত্ৰী (২০১৬ চলচ্চিত্ৰ)
সাৱিত্ৰী হ'ল পৱন সাদিনেনীৰ দ্বাৰা পৰিচালিত আৰু নাৰা ৰোহিত আৰু নন্দিতা ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰা ২০১৬ চনৰ তেলেগু একচন ৰোমান্টিক-কমেডী চলচ্চিত্ৰ। এয়া সাৱিত্ৰী আৰু সত্যবান ভাৰতীয় লোককথাৰ আধুনিক অভিযোজন। ২০১৫ চনৰ ২৭ জুনত হায়দৰাবাদত এই ছবিখন উন্মোচন কৰা হৈছিল।