২০২৪ বৰ্ষৰ চলচ্চিত্ৰ
১৬ প্ৰবন্ধ
-
পুষ্পা ২: দ্য ৰুল
পুষ্পা ২: দ্য ৰুল (Pushpa 2: The Rule) হৈছে ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় তেলেগু ভাষাৰ এখন একশ্যনধৰ্মী নাট্য চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে পৰিচালক সুকুমাৰে আৰু সুকুমাৰ ৰাইটিংছৰ উদ্যোগত ছবিখনৰ প্ৰযোজনা কৰিছে মৈত্ৰী মুভি মেকাৰ্ছে। ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে অল্লু অৰ্জুনে।
-
প্ৰেমালু
প্ৰেমালু হৈছে গিৰীশ এ.ডি.-ৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ভাৱনা ষ্টুডিঅ’ছ, ফাহাধ ফাছিল এণ্ড ফ্ৰেণ্ড্ছ আৰু ৱৰ্কিং ক্লাছ হিৰ’ নামৰ প্ৰযোজনা কোম্পানী কেইখনে ছবিখনৰ প্ৰযোজনা কৰিছে।
-
স্বৰ্গৰথ (চলচ্চিত্ৰ)
স্বৰ্গৰথ (ইংৰাজী: Swargarath) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এখন হাস্যৰসধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনত সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন ডেকা, উদ্ভাৱন শইকীয়া, বনি দেউৰীকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনৰ কাহিনীকাৰ হৈছে শান্তনু ৰৌমূৰীয়া আৰু…
-
ক্ৰু (চলচ্চিত্ৰ)
ক্ৰু (Crew) হৈছে ৰাজেশ কৃষ্ণণৰ দ্বাৰা পৰিচালিত ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ক্ৰাইম কমেডী চলচ্চিত্ৰ। তবু, কৰিণা কাপুৰ খান, কৃতি সেনন আৰু দিলজিৎ দোসাঞ্ঝে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
খাদান
খাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ লেখক আৰু পৰিচালক হৈছে সুজিত ৰিনো দত্ত। ক্ৰমে সুৰিন্দৰ ফিল্মছ আৰু দেৱ এণ্টাৰটেইনমেণ্ট ভেনচাৰৰ বেনাৰত নিসপাল সিং আৰু দেবৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত দেৱে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে, লগতে মুখ্য চৰিত্ৰৰ সৈতে…
-
চিষ্টাৰ মিডনাইট
চিষ্টাৰ মিডনাইট (Sister Midnight) হʼল কৰণ কান্ধাৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, এখন ব্লেক কমেডী চলচ্চিত্ৰ। ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্টেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অশোক পাঠক, ছায়া কদম আৰু স্মিতা তাম্বেই ছবিখনৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে।
-
জিয়া (চলচ্চিত্ৰ)
জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয়…
-
ফাইটাৰ (২০২৪ চলচ্চিত্ৰ)
ফাইটাৰ হৈছে সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত ২০২৪ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন একচন চলচ্চিত্ৰ। ভায়াকম১৮ ষ্টুডিঅ'ছ আৰু মাৰ্ফ্লিক্স পিকচাৰ্ছে ছবিখনৰ প্ৰযোজনা কৰিছে। হৃতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিকল্পিত এৰিয়েল একচন ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি।
-
ব'ক্সী কো ঘৰ
ব'ক্সী কো ঘৰ (बोक्सीको घर, ) হৈছে সুলক্ষণ ভাৰতীৰ দ্বাৰা পৰিচালিত, ২০২৪ চনৰ নেপালী ভাষাৰ এখন মনস্তাত্ত্বিক সামাজিক-থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। ছবিখন ভাৰতীৰ স্বৰচিত নাটক এখনৰ আধাৰত নিৰ্মিত।
-
হনু মান
হনু মান (হনুমান নামেৰেও বিপণন কৰা হৈছে) হৈছে প্ৰশান্ত বৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ছুপাৰহিৰো চলচ্চিত্ৰ। প্ৰাইমশ্ব’ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰঞ্জন ৰেড্ডী কন্দগটলাই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
গাৰ্লচ উইল বি গাৰ্লচ (২০২৪ বৰ্ষৰ চলচ্চিত্ৰ)
গাৰ্লচ উইল বি গাৰ্লচ (Girls Will Be Girls) হৈছে শুচি তালাতিৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ এখন কৈশোৰ চলচ্চিত্ৰ। প্ৰীতি পাণিগ্ৰাহী, কেনি কুশ্ৰুতি, আৰু কেশৱ বিনয় কিৰণে ইয়াত অভিনয় কৰিছে।
-
প্ৰিয় মালতী
প্ৰিয় মালতী (Priyo Maloti; বিকল্প শিৰোনাম: Whispers of a Thirsty River) ২০২৪ চনৰ এখন বাংলাদেশী অপৰাধমূলক নাট্যধৰ্মী ছবি। এটা সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ শংখ দাসগুপ্তই কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে। পৰিচালনাও শংখ দাসগুপ্তৰ।
-
বিদুৰভাই (চলচ্চিত্ৰ)
ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
সন্তোষ (২০২৪ চলচ্চিত্ৰ)
সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা।
-
সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)
সুন্দৰপুৰ কেঅছ (Sundarpur Chaos) হৈছে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা, ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা লিখিত-পৰিচালিত আৰু সম্পাদিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
ৱাইড এংগল (চলচ্চিত্ৰ)
ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।