ভাৰতৰ ক্ৰীড়া শ্বুটাৰ
১২ প্ৰবন্ধ
-
অভিনৱ বিন্দ্ৰা
অভিনৱ বিন্দ্ৰা (Abhinav Bindra; জন্ম: ২৮ ছেপ্তেম্বৰ ১৯৮২) দেৰাডুনত জন্মগ্ৰহণ কৰে। এয়া আছিল ১৯৮০ বৰ্ষৰ পাছত ভাৰতৰ প্ৰথম স্বৰ্ণ বিজয়, সেইবাৰ পুৰুষ ফিল্ড হকী দলে স্বৰ্ণ পদক জিকিছিল। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ।
-
গগন নাৰং
গগন নাৰং (Gagan Narang; জন্ম: ৬ মে' ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১২ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ৩০ জুলাই ২০১২ তাৰিখে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ৭০১.১ ৰ চূড়ান্ত স্ক'ৰ লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ লণ্ডন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় আছিল।
-
মনু ভাকৰ
মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।
-
ৰাজ্যৱৰ্ধন সিং ৰাথোড়
ৰাজ্যৱৰ্ধন সিং ৰাথোড় (Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।
-
বিজয় কুমাৰ
বিজয় কুমাৰ (Vijay Kumar; জন্ম: ১৯ আগষ্ট ১৯৮৫) ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেণ্ট (১৬শ বেটেলিয়ান) ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত।
-
সৰবজ্যোত সিং
সৰবজ্যোত সিং (Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
সিংৰাজ আধানা
সিংৰাজ আধানা (Singhraj Adhana) এজন ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া পিষ্টল শ্বুটাৰ। তেওঁৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৬ জানুৱাৰীত হাৰিয়ানাৰ ফৰিদাবাদত। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক আৰু পুৰুষৰ…
-
স্বপ্নীল কুছালে
স্বপ্নীল কুছালে (Swapnil Kusale; জন্ম: ৬ আগষ্ট ১৯৯৫) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
জিতু ৰায়
জিতু ৰায় (জন্ম: ২৬ আগষ্ট, ১৯৮৭) এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।
-
প্ৰকাশী তোমৰ
প্ৰকাশী তোমৰ (Prakashi Tomar, জন্ম: ১ জানুৱাৰী ১৯৩৭) এগৰাকী ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰৰ ভিতৰত অন্যতম। তেওঁক জনপ্ৰিয়ভাবে 'শ্বুটাৰ দাদী' আৰু 'ৰিভলভাৰ দাদী' বুলি জনা যায়। হিন্দী ভাষাত দাদীৰ অৰ্থ হৈছে আইতা। তেওঁ বিশ্বৰ শ্বুটিং সমাজৰ এক জনপ্ৰিয় প্ৰতীক ৰূপে পৰিচিত।
-
লজ্জা গোস্বামী
লজ্জা গোস্বামী (ইংৰাজী: Lajja Goswami; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় লক্ষ্যভেদী (শ্বুটাৰ) আৰু আৰক্ষী বিষয়া। তেওঁ ৰাষ্ট্ৰীয় কেডেট কোৰ্পছৰ (এনচিচি) এজন প্ৰাক্তন কেডেট। ২০০৯ চনত তেওঁক ৰক্ষা মন্ত্ৰী পদক প্ৰদান কৰা হৈছিল।
-
হৃদয় হাজৰিকা
হৃদয় হাজৰিকা (Hriday Hazarika, জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক…