ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিকত (2012 Summer Olympics) ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩টা বিভিন্ন শাখাত মুঠ ৮৩জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল।
২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল।
২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল।
পদকসমূহ
| পদক | নাম | খেল | শাখা | তাৰিখ |
|---|---|---|---|---|
| বিজয় কুমাৰ | শ্বুটিং | পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল | ৩ আগষ্ট | |
| সুশীল কুমাৰ | মল্লযুঁজ | পুৰুষৰ ৬৬ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল | ১২ আগষ্ট | |
| গগন নাৰং | শ্বুটিং | পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল | ৩০ জুলাই | |
| ছাইনা নেহৱাল | বেডমিণ্টন | মহিলাৰ ছিংগলছ | ৪ আগষ্ট | |
| মেৰী কম | বক্সিঙ | মহিলাৰ ফ্লাইৱেইট | ৮ আগষ্ট | |
| যোগেশ্বৰ দত্ত | মল্লযুঁজ | পুৰুষৰ ৬০ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল | ১১ আগষ্ট |
পদক বিজয়ীসকল
গগন নাৰঙে ভাৰতৰ হৈ ২০১২ লণ্ডন অলিম্পিকত প্ৰথমটো পদক দখল কৰে। ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিছিল।১
বিনয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক দখল কৰে।২ নৰ্মান প্ৰিচাৰ্ড আৰু ৰাজ্যৱৰ্ধন সিং ৰাথোড়ৰ পিছত বিনয় কুমাৰে হৈছে ভাৰতৰ হৈ অলিম্পিকৰ কোনো এক ব্যক্তিগত বিভাগত ৰূপৰ পদক বিজয়ী তৃতীয়জন খেলুৱৈ।৩.
ইয়াৰ উপৰিও, ছাইনা নেহৱালে মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক দখল কৰে। অলিম্পিকৰ বেডমিণ্টনত পদক জিকা ছাইনাই হৈছে প্ৰথম ভাৰতীয় খেলুৱৈ। ২০০০ ছিডনী অলিম্পিকৰ ভাৰুত্তোলনত ব্ৰঞ্জ পদক বিজয়ী কৰ্ণম মালেশ্বৰীৰ পিছত ছাইনাই হৈছে দ্বিতীয় গৰাকী ভাৰতীয় মহিলা যি অলিম্পিকৰ কোনো এক ব্যক্তিগত শাখাত পদক দখল কৰিছে।
ভাৰতৰ হৈ চতুৰ্থটো পদক তথা অলিম্পিকত ব্যক্তিগত শাখাত পদক দখল কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা হ’ল মেৰী কম। মহিলাৰ ফ্লাইৱেইট শাখাত মেৰী কমে ব্ৰঞ্জ পদক দখল কৰে।
৬০ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ ইভেণ্টত যোগেশ্বৰ দত্তই ভাৰতৰ হৈ চতুৰ্থটো ব্ৰঞ্জ পদক তথা ভাৰতৰ পঞ্চমটো পদক দখল কৰে। অলিম্পিকৰ মল্লযুঁজ শাখাত এইটোৱেই হৈছে ভাৰতৰ বাবে তৃতীয়টো ব্ৰঞ্জ পদক। ইয়াৰ আগতে কে ডি যাদৱে ১৯৫২ আৰু সুশীল কুমাৰে ২০০৮ বেইজিং অলিম্পিকৰ মল্লযুঁজত ব্ৰঞ্জ পদক দখল কৰিছিল।
৬৬ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ শাখাত সুশীল কুমাৰে ৰূপৰ পদক দখল কৰে। তেৱেঁই হৈছে প্ৰথম ভাৰতীয় যি কোনো এক ইভেণ্টৰ ব্যক্তিগত শাখাত একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ বেইজিঙ অলিম্পিকত একেটা শাখাতে ব্ৰঞ্জ পদক লাভ কৰিছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত” প্ৰবন্ধৰ সংশোধন ৬১৩৩৬৯ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।