ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী (Sistla Sreeramamurthi Janaki, জন্ম-২৩ এপ্ৰিল ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" (মাতৃ জানকী) নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য আৰু জনাজাত৷ এছ. জানকীয়ে এতিয়ালৈকে প্ৰায় ৪৮,০০০ টা গীত বাণীবদ্ধ কৰিছে৷১ তেখেতে চলচ্চিত্ৰ, এলবাম, টিভি, ৰেডিঅ, একক সংগীত, দ্বৈত সংগীত, সমবেত সংগীতত কণ্ঠদান কৰিছে৷ তেলুগু ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, তামিল ভাষা, হিন্দী ভাষা, উড়িয়া, বঙালী ভাষা, মাৰাঠী ভাষা, তুলু, উৰ্দু ভাষা, গুজৰাটী ভাষা, পাঞ্জাবী, কোংকণী, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), সিন্ধী, ইংৰাজী ভাষা, জাপানী, আৰবী ভাষা, জাৰ্মান, সিংহল ভাষাকে ধৰি মুঠ সোতৰটা ভাষাত এছ. জানকীয়ে এতিয়ালৈকে গীত গাইছে৷ তেখেতে সৰ্বাধিক গীত গাইছে কানাড়া আৰু তাৰপিছতেই মালায়ালম ভাষাত৷ ২৩ ১৯৫৭ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি Vidhiyin Vilayattuৰ জৰিয়তে জানকীৰ কেৰিয়াৰে পাতনি মেলে আৰু পৰৱৰ্তী ছটা দশকজুৰি তেখেতৰ সাংগীতিক যাত্ৰা অব্যাহত থাকে৷৪
এছ. জানকীক "দক্ষিণ ভাৰতৰ নাইটিংগেল" আখ্যা দিয়া হৈছে৷ তেখেতে এতিয়ালৈকে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে৷ আনহাতে ৩৩টা ভিন্ন ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছে৷৫ তেখেতলৈ সন্মানসহকাৰে এটা ডক্তৰেট ডিগ্ৰীও আগবঢ়োৱা হৈছে৷৬ ডক্তৰেট ডিগ্ৰীটো প্ৰদান কৰিছে মহীশূৰ বিশ্ববিদ্যালয়ে৷ তামিলনাডু চৰকাৰে তেখেতক কালাইমামানি বঁটা প্ৰদান কৰে৷ কৰ্ণাটক চৰকাৰে প্ৰদান কৰে কৰ্ণাটকা ৰাজ্যোৎসৱা বঁটা৷৭ ২০১৩ চনত তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে যদিও তেখেতে উক্ত সন্মান গ্ৰহণ কৰিবলৈ অমান্তি হয়৷ তেখেতে কয় যে-এই সন্মান তেনেই সামান্য৷ সন্মানটো তেখেতলৈ বহু পলমকৈ আহিছে৷ ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে, দক্ষিণ ভাৰতীয় শিল্পীসকলক উপযুক্ত সময়ত স্বীকৃতি দিয়া নহয়৷ ৮
ভাৰতৰ এগৰাকী বহুমুখী গায়িকা হিচাপে জনাজাত এছ. জানকীয়ে বিশিষ্ট গায়ক এছ. পি. বালসুব্ৰমনিয়ম আৰু সংগীতকাৰ ইল্লায়াৰাজৰ লগত ভালেমান কাম কৰিছে৷ যাৰ বিষয়ে সঘনে আলোচনা কৰা হয়৷ ১৯৬০, ১৯৭০ আৰু ১৯৮০ৰ দশকত তেখেতে পি.বি. শ্ৰীনিবাস, এছ.পি. বালসুব্ৰমণিয়াম, কে.জে.য়েছুদাস, পি. জয়চন্দ্ৰন আৰু ডা০ ৰাজকুমাৰৰ লগত ভালেমান দ্বৈতগীতত কণ্ঠ নিগৰাই দক্ষিণ ভাৰতীয় ভষাৰ গীতৰ তালিকাৰ শীৰ্ষত আৰোহণ কৰে৷৯ তেখেতে গীতৰ প্ৰায়বোৰ প্ৰকাৰতেই কণ্ঠদান কৰিছে৷ ২০১৬ চনৰ অক্টোবৰ মাহত জানকীয়ে চলচ্চিত্ৰ আৰু মঞ্চৰ সংগীতৰ পৰা অৱসৰ ঘোষণা কৰে৷ অৱশ্যে ছবি উদ্যোগৰ পৰা অহৰহ পাই থকা অনুৰোধক প্ৰত্যাখ্যান কৰিব নোৱাৰি তেখেতে ২০১৮ চনত "পান্নাড়ী" নামৰ তামিল ভাষাৰ ছবিখনত পুনৰ কণ্ঠদান কৰে৷১০
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
জানকীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতস্থিত মাদ্ৰাছ প্ৰেছিডেন্সীৰ (বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ) অন্তৰ্গত গুণ্টুৰৰ পাল্লাপাটলাত, ২৩ এপ্ৰিল তাৰিখে৷১১জানকীৰ পিতৃ শ্ৰীৰামমূৰ্তি ছিষ্টলা আছিল এগৰাকী আয়ুৰ্বেদৰ চিকিৎসক আৰু শিক্ষক৷ নবছৰ বয়সত জানকীয়ে মঞ্চত পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰে৷ তেতিয়া তেওঁলোক ছিৰকিল্লাত আছিল৷ সেই ঠাইতেই জানকীয়ে শৈশৱৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ তেখেতে শাস্ত্ৰীয় সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল৷ সংগীতৰ প্ৰাথমিক জ্ঞান তেখেতে আয়ত্ব কৰিছিল নদস্বৰম নামৰ বাদ্যটিৰ জৰিয়তে৷১২
১৯৫৯ চনত জানকীয়ে ৱি.ৰামপ্ৰসাদৰ লগত যুগ্ম জীৱন আৰম্ভ কৰে৷ ৰামপ্ৰসাদে জানকীক আগুৱাই যোৱাত উদ্গনি যোগাইছিল আৰু তেখেতৰ অধিকাংশ বাণীবদ্ধতেই সংগ দিছিল৷ ১৯৯৭ চনত হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ ৰামপ্ৰসাদৰ মৃত্যু হয়৷ ১৩
জানকীয়ে মুঠ পাঁচটা ভাৰতীয় ভাষাত সলসলীয়াকৈ কথোপকথন কৰিব পাৰে৷ সেইকেইটা ভাষা হৈছে– তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী৷ তেখেতে ১৫টাতকৈও অধিক ভাষাত লিখা-মেলা কৰিব পাৰে৷১৪১৫১৬১৭১৮
তথ্যসূত্ৰ
- ↑ (5 December 2018). S Janaki returns to playback singing. The Times of India
- ↑ Dr. S Janaki Speaking at Naadanamana ll Part 2. YouTube
- ↑ (4 October 2016). Legendary singer S. Janaki ends her illustrious career with soulful lullaby in Pathu Kalpanakal, watch video. Indian Express
- ↑ (4 October 2016). I want to stop singing when I am doing well, says S Janaki. Deccan Chronicle
- ↑ (5 April 2007). Singing straight from the heart. দ্য হিন্দু
- ↑ (15 March 2009). Kannada composers laud S Janaki for doctorate honor. Zee News
- ↑ Rajyotsava Award for S. Janaki. The Hindu
- ↑ Veteran singer S Janaki refuses to accept Padma Awards. CNN-IBN
- ↑ (27 July 2004). "Kavidaye Padalaga," presented by poet and film lyricist Vairamuthu, this evening, will transform poetry into song. The Hindu
- ↑ (7 December 2018). S Janaki makes singing comeback. Cinema Express
- ↑ (29 June 2007). Timeless voice. দ্য হিন্দু
- ↑ SP Balu birthday Special Townhall Nellore. YouTube. Retrieved on 6 June 2021
- ↑ Sagaram, Sangeetha (12 October 2016) S. Janaki Sings For You. Hostsar
- ↑ Legendary singer S.Janaki interview. YouTube. Retrieved on 6 June 2021
- ↑ S Janaki musical night- Speech. YouTube (25 November 2017). Retrieved on 2021-06-06
- ↑ Sagaram, Sangeetha (11 October 2016) S. Janaki on the Show!. Hotstar
- ↑ S Janaki speaks about A R Rahman @ ARR honored by cine musicians union. YouTube (8 March 2009). Retrieved on 2021-06-06
- ↑ South Indian singer S Janaki refuses to accept Padma Bhushan. YouTube (25 January 2013). Retrieved on 2021-06-06
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. জানকী” প্ৰবন্ধৰ সংশোধন ৬৩৬১৪৫ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।