ভাৰতীয় মহিলা কণ্ঠশিল্পী
৪৭ প্ৰবন্ধ
-
লতা মংগেশকাৰ
লতা মংগেশকাৰ (১৯২৯–২০২২) ভাৰতৰ অতি প্ৰভাৱশালী নেপথ্য গায়িকা, যাঁৰ কণ্ঠে বহু দশক ধৰি চলচ্চিত্ৰ সংগীতক দিশ দিছিল। ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষাত আৰু বহুতো ছবিত গীত গাই তেওঁ বিপুল জনপ্ৰিয়তা, সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
-
এছ. জানকী
ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী (Sistla Sreeramamurthi Janaki, জন্ম-২৩ এপ্ৰিল ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" (মাতৃ জানকী) নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য…
-
বাণী জয়ৰাম
বাণী জয়ৰাম (Vani Jairam; জন্ম কলাইবাণী, ৩০ নবেম্বৰ ১৯৪৫) এগৰাকী ভাৰতীয় প্ৰথিতযশা সংগীত শিল্পী। তেওঁক বিশেষকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে জনা যায়। ১৯৭১ চনত আৰম্ভ হোৱা তেওঁৰ চাৰি দশক জোৰা কৰ্মজীৱনত এহাজাৰতকৈও অধিক চলচ্চিত্ৰত ২০,০০০ তকৈও অধিক গীতত কণ্ঠদান কৰিছে।
-
ৰূপা গাংগুলী
ৰূপা গাংগুলী (Roopa Ganguly; জন্ম: ২৫ নবেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা। জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত (১৯৮৮) দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত।
-
তুলসী কুমাৰ
তুলসী কুমাৰ দুয়া ( Tulsi Kumar Dua; জন্ম: ১৫ মাৰ্চ ১৯৮৬), সকলোৰে বাবে তুলসী কুমাৰ নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, ৰেডিঅ' জকী, সংগীতজ্ঞ আৰু বলীউড উদ্যোগৰ অভিনেত্ৰী।
-
ইলা অৰুণ
ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী। লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে। হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ শিতানত বঁটা লাভ কৰিছিল।
-
ঊষা উথুপ
ঊষা উথুপ (Usha Uthup, জন্ম: ৭ নৱেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত।
-
ডলী ঘোষ
ডলী ঘোষ ( Doli Ghosh/ Dolly Ghosh) এগৰাকী অসমীয়া আধুনিক আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তাৰোপৰি তেওঁ বঙালী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো কণ্ঠদান কৰিছে।
-
নেইনা দেৱী
নেইনা দেৱী (Naina Devi; ২৭ ছেপ্টেম্বৰ ১৯১৭ – ১ নৱেম্বৰ ১৯৯৩) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী কণ্ঠশিল্পী। নেইনা ৰিপজিৎ সিং নামেৰেও তেওঁক জনা যায়। থুমৰি পৰিবেশনৰ বাবে তেওঁ অধিক পৰিচিত যদিও তেওঁ দাদৰা আৰু গজলও গাইছিল।
-
শুভা মুদগল
শুভা মুদগল (Shubha Mudgal, জন্ম: ১ জানুৱাৰী ১৯৫৯) হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ এগৰাকী শিল্পী। তেখেতে খায়াল, থুমৰী, দাদৰা আৰু ভাৰতীয় পপ পৰিৱেশন কৰে। ২০০০ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছে।
-
সুজাতা মোহন
সুজাথা মোহন এগৰাকী ভাৰতীয় নেপথ্য গায়িকা, যি মালয়ালম, তামিল আৰু তেলুগু চিনেমাত গীত গাই জনপ্ৰিয় হৈ পৰিছে। কানাড়া, বদাগা, হিন্দী আৰু মাৰাঠী আৰু অন্য ভাষাৰ চিনেমাৰ বাবেও তেওঁ গীত গাইছে। ২০২১ চনলৈকে তেওঁ ১০,০০০ তকৈ অধিক গীত ৰেকৰ্ডিং কৰিছিল।
-
সুলক্ষণা পণ্ডিত
সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত ( Sulakshana Pratap Narain Pandit; জন্ম ১৯৫৪) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু বলীউডৰ পূৰ্বৰ নায়িকা। সংগীত পৰিচালক জুটী যতীন-ললিত তেওঁৰ ভাতৃ। লাভ ষ্টোৰী ছবিৰে অভিনয় জগতত পদাৰ্পন কৰা অভিনেত্ৰী বিজয়তা পণ্ডিত তেওঁৰ ভনীয়েক।
-
হেমলতা
হেমলতা (Hemlata; জন্ম ১৬ আগষ্ট ১৯৫৪) বলীউডী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ বলীউডৰ গীতৰ জগতখনৰ সৈতে জড়িত আছিল। শাস্ত্ৰীয় সংগীতত সুপ্ৰশিক্ষিত হেমলতাই চলচ্চিত্ৰ, কনচাৰ্ট আৰু টেলিভিচনৰ জগতখনত নিজকে প্ৰতিষ্ঠিত কৰিছিল।
-
হৰ্ষদীপ কৌৰ
হৰ্ষদীপ কৌৰ (Harshdeep Kaur; জন্ম: ১৬ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ বলিউদৰ হিন্দী গীতকে ধৰি পঞ্জাবী আৰু চুফী সংগীত পৰিৱেশন কৰে। হৃদয়বিগলিত কণ্ঠেৰে পৰিৱেশন কৰা চুফী গীতৰ বাবে তেওঁ শ্ৰোতা সমাজত "চুফিৰ চুলতানা" (Sufi Ki Sultana) বুলি পৰিচিত।
-
ইলা বসু
ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।
-
নাহিদ আফ্ৰিন
নাহিদ আফ্ৰিন এগৰাকী ভাৰতীয় নেপথ্য সংগীত শিল্পী। তেওঁ ২০১৬ চনত বলীউড ছবি 'আকিৰা'ত প্ৰথমটো নেপথ্য সংগীতত কণ্ঠদান কৰে। তেওঁ প্ৰথমে ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰ সংস্কৰণত অংশগ্ৰহণৰে গায়িকা হিচাপে স্বীকৃতি লাভ কৰে।
-
প্ৰিয়ংকা সিং
প্ৰিয়ংকা সিং (ইংৰাজী: Priyanka Singh; জন্ম: ৯ মে' ১৯৯০) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু পৰিবেশক, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী চলচ্চিত্ৰৰ বাবে সক্ৰিয়। মহুৱা চেনেলত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব' সুৰ সংগ্ৰামছিজন - ১ ত তেওঁৰ অভিষেক ঘটে।
-
বিন্দু মালিনী
বিন্দুমালিনী নাৰায়ণস্বামী বা চমুকৈ বিন্দু মালিনী (Bindhu Malini, ২০ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গ্ৰাফিক ডিজাইনাৰ। ২০১৮ চনত তেওঁ কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ভগৱন্তী নৱানী
ভগৱন্তী নৱানী ( ইংৰাজী: Vagwanti Navani; ১ ফেব্ৰুৱাৰী ১৯৪০ – ২২ অক্টোবৰ ১৯৮৬) আছিল সিন্ধী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ লোকগীতৰ লগতে প্লে-বেক ছিংগাৰ আছিল। সুৰীয়া আৰু মধুৰ কণ্ঠৰ বাবে তেওঁ "সিন্ধি কোয়েল" নামেৰে জনাজাত হৈছিল।
-
মনপ্ৰীত আখতাৰ
মনপ্ৰীত আখতাৰ (১৯৬৫ – ১৮ জানুৱাৰী ২০১৬) আছিল পঞ্জাবী লোকসংগীতৰ এগৰাকী ভাৰতীয় গায়িকা, যিয়ে বলীউড ছবিত প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছিল। তেওঁ কণ্ঠশিল্পী দিলশাদ আখতাৰৰ ভগ্নী৷ কুছ কুছ হোতা হ্যায় (১৯৯৮) ছবিৰ "তুঝে য়াদ না মেৰী আয়ী" গীতটোৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।
-
লোপামুদ্ৰা মিত্ৰ
লোপামুদ্ৰা মিত্ৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ মূলতঃ এজন বিশিষ্ট ৰবীন্দ্ৰ সংগীত আৰু আধুনিক বাংলা গানৰ শিল্পী আৰু গীতিকাৰ। ২০০১ চনত তেওঁ কলকাতাৰ সুৰকাৰ তথা পৰিচালক জয় চৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ উল্লেখযোগ্য এলবাম হ’ল হৰি হে দীনবন্ধু আৰু মন ফকিৰা।
-
সাৰদা (কণ্ঠশিল্পী)
সাৰদা ৰাজন আয়েংগাৰ বা সাৰদা ( Sharda Rajan Iyengar; ২৫ অক্টোবৰ ১৯৩৭) ১৯৬০ আৰু ১৯৭০ দশকৰ ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। জাহাঁ প্যাৰ মিলে (১৯৭০) ছবিৰ কেবাৰে ‘বাত জৰা হ্যায় আপস কী’ৰে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল; যদিও তেওঁৰ আটাতকৈ স্মৰণীয় গীত সুৰযৰ (১৯৬৬) ‘তিতলি উড়ি’।
-
সাৱনী ৰবীন্দ্ৰ
সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ (Savani Ravindra, জন্ম ২২ জুলাই ১৯৮৯), এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে।
-
স্বৰণ লতা (কণ্ঠশিল্পী)
স্বৰণ লতা বা স্বৰণলতা (ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী। লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়।
-
ৰানু মণ্ডল (কণ্ঠশিল্পী)
ৰানু মণ্ডল (Ranu Mandal জন্ম: ৫ নৱেম্বৰ, ১৯৬০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ পশ্চিম বংগৰ ৰাণাঘাটৰ এটা ৰে’ল ষ্টেশ্যনত গান গাই ফুৰিছিল। তেওঁৰ সংগীত পৰিৱেশনৰ এটা ভিডিঅ’ (য’ত তেওঁ "এক প্যাৰ কা নাগমা হে" শীৰ্ষক হিন্দী গীত গাই থকা দেখা গৈছিল) ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত তেওঁ ৰাতিটোৰ…
-
অনুপমা দেশপাণ্ডে
অনুপমা দেশপাণ্ডে বলিউডৰ প্লেবেক গায়িকা। তেওঁ সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনাব দে" নামৰ লোকগীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
আল্লাহ জিলাঈ বাঈ
আল্লাহ জিলাঈ বাঈ (ইংৰাজী: Allah Jilai Bai; ১ ফেব্ৰুৱাৰী ১৯০২ – ৩ নৱেম্বৰ ১৯৯২ )
-
কোল্লাংগুড়ী কৰুপ্পায়ী
কোল্লাংগুড়ী কৰুপ্পায়ী (১৯৩০;-২০১৭) আছিল এজন তামিল লোকগায়িকা, যিয়ে চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁক তামিল লোকসংগীতৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়; তেওঁ আন বহুতো লোকশিল্পীৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছিল।
-
গাৱৰী দেৱী
গাৱৰী দেৱী (গাৱৰী বাই বুলিও জনা যায়) (১৪ এপ্ৰিল ১৯২০ – ২৯ জুন ১৯৮৮) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ মাণ্ড গীতৰ বাবে পৰিচিত, যিটো লোকগীতৰ এক শৈলী।
-
গীতা চন্দ্ৰন
গীতা চন্দ্ৰন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কণ্ঠশিল্পী। কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত আৰু তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী। গীতাই থিয়েটাৰ, নৃত্য, শিক্ষা, ভিডিঅ' আৰু চলচ্চিত্ৰত এই কৰা কামৰ বাবেও স্বীকৃত।